thumbnail

হৰিণৰ মাংসই বৈৰী হ’ল নিতুৰ

By

Published : Mar 26, 2022, 8:53 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

হোজাইত হৰিণৰ মাংস বিক্ৰী কৰিবলৈ অহা এজন লোকক হোজাই বন-বিভাগৰ লোকে আটক কৰে (One arrested with deer meat in Hojai)। আজি পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত বন সুৰক্ষা বিষয়া মহেশ নাথৰ নেতৃত্বত চলা এক অভিযানত হৰিণৰ মাংস বিক্ৰেতা নিতু দেৱক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে । জানিব পৰা মতে, কাৰ্বি আংলঙৰ ডকমকাৰ পৰা বাইকেৰে হৰিণৰ মাংসখিনি বিক্ৰীৰ বাবে নিয়া হৈছিল হোজাইলৈ (smuggling of deer meat)। সেই সময়তে নিতু দেৱ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে বন সুৰক্ষা বাহিনীয়ে । ধৃত লোকজনৰ পৰা উদ্ধাৰ হয় প্ৰায় ৮ কেজি হৰিণৰ মাংস ।
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.