ETV Bharat / state

৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ল'ব ৭৫০ কোটিৰ ঋণ - Assam Govt RBI Loan - ASSAM GOVT RBI LOAN

Assam Govt Debt : অসম চৰকাৰে পুনৰ ল'ব ৭৫০ কোটি টকাৰ ঋণ । ছেপ্টেম্বৰ মাহতো এটা সপ্তাহতে দুবাৰকৈ ঋণ লৈছিল ৰাজ্য চৰকাৰে ।

Assam Govt Debt
ৰাজ্য চৰকাৰে পুনৰ ল'ব ঋণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 8:26 AM IST

গুৱাহাটী, ৪ অক্টোবৰ : ঋণৰ ওপৰত ঋণ লৈও থমকি নোৰোৱা অসম চৰকাৰে পুনৰ ল'ব ঋণ । হিতাধিকাৰী সৃষ্টিৰ বাবে ৰাজকোষৰ পৰা বছৰি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা ৰাজ্য চৰকাৰে আকৌ ৰিজাৰ্ভ বেংকৰ পৰা ল'ব ঋণ । পূৰ্বতে প্ৰতিমাহত বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ এবাৰ বা দুবাৰহে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লৈছিল যদিও এতিয়া সপ্তাহতে দুবাৰকৈ ঋণ ল'বলগীয়া হৈছে ৰাজ্য চৰকাৰখনে ।

কিন্তু বিত্তীয় পৰিস্থিতি যিয়েই নহওক কিয়, ৰাজ্য চৰকাৰখনে নির্বাচনমুখী আঁচনি পৰিহাৰ কৰা নাই । হিতাধিকাৰীৰ পৰিসৰ ক্ৰমাৎ বৃদ্ধি কৰি গৈছে । তাৰ বাবেই অহা ৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ৭৫০ কোটি টকাৰ ঋণ ল'ব । লক্ষণীয় বিষয় যে যোৱা ১ অক্টোবৰত ৰাজ্য চৰকাৰে ৭৫০ কোটি টকাৰ ঋণ লৈছিল ।

বহিঃসাহায্যপ্রাপ্ত বিত্তীয় প্রতিষ্ঠানসমূহৰ বাবে মূলধনী ব্যয়ৰ বাবদ গ্ৰহণ কৰা ঋণৰ কথাটো বাদেই, অহা ৮ অক্টোবৰত ৭৫০ কোটি টকাৰ ঋণ লোৱাৰ পাচত কেৱল ৰিজাৰ্ভ বেংকৰ পৰা লোৱা মুঠ ঋণৰ পৰিমাণ বৃদ্ধি হৈ হ'বগৈ ১,৫৮,৭৫০ কোটি টকা । শেহতীয়াকৈ আগষ্ট মাহৰ ১ আৰু ২৭ তাৰিখে এক হাজাৰ কোটিকৈ আৰু ছেপ্টেম্বৰ মাহত এটা সপ্তাহতে অৰ্থাৎ ১৭ আৰু ২৪ তাৰিখে দুবাৰকৈ ঋণ লৈছে ৰাজ্য চৰকাৰে ।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ যে ৰাজকোষ উদং হৈছে আৰু জোৰা-টাপলি মাৰি কৰ্মচাৰীৰ দৰমহা, হিতাধিকাৰীৰ আঁচনিসমূহ চলাই আছে সেই কথা বিত্ত বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ পৰায়ে ওলাই পৰিছে । বিত্ত বিভাগৰ আয়ুক্তই যোৱা ২৬ ছেপ্টেম্বৰত জাৰি কৰা অফিচ মেম'ৰেণ্ডামত সকলো বিভাগ, জিলা আয়ুক্ত, নিকায়, নিগম, ব'ৰ্ড আদিত জমা হৈ থকা পুঁজি আৰু জমা ধনৰ বাবদ পোৱা সুত ৰাজ্যিক কোষাগাৰত পৃথক পৃথক শিতানত ঘূৰাই বিচাৰি জাৰি কৰা নিৰ্দেশনাই বিত্তীয় সংকটৰ কথা উদঙাই দিছে ।

আনহাতে, ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সংকটত থকাৰ পাছতো ৩৭.২ লাখ মহিলাক প্ৰতিমাহে ১২৫০ টকাকৈ বছৰি ৫,২০০ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰি আছে । স্কুটী, চাইকেল বিতৰণৰ বাবদ ৭৭৫ কোটি, নিযুত মইনাৰ বাবদ ২৪০ কোটি, উদ্যমিতা অভিযানত ৩ হাজাৰ কোটি, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইত ৫৫০ কোটি, আত্মনিৰ্ভৰ অসমত ১০১০ কোটি, বিহু-পূজা-ভাওনা কমিটীক সাহায্যত ৩০০ কোটি টকা নির্বাচনক লক্ষ্য কৰিয়েই ব্যয় কৰিব ৰাজ্য চৰকাৰে ।

ইফালে ৰাজ্য পৰিচালনাৰ বাবে বিত্ত বিভাগে লোৱা ঋণৰ পৰিমাণ ১,৫৮,৭৫০ কোটি টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টি কৰি ৭ খন আঁচনিৰ বাবদ বছৰি ব্যয় কৰিব ১১,০৭৫ কোটি টকা । তদুপৰি, নগদ ধন আদায় দিয়া বিভিন্ন আঁচনিও আছে চৰকাৰখনৰ ।

ৰাজ্যৰ বিকাশৰ বাবে উন্নয়নমূলক কামৰ বিপৰীতে ৰাজ্য চৰকাৰে এতিয়া হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈকে ঋণৰ পৰিমাণ বৃদ্ধি কৰি গৈছে । বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈকে ঋণৰ ওপৰত ঋণ লোৱা চৰকাৰখনে অহা ৮ অক্টোবৰত পুনৰ ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা জাপি দিব ।

লগতে পঢ়ক :অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহয়; কিয় ক'লে মুখ্যমন্ত্রীয়ে - Himanta Biswa Sarma Facebook live
লগতে পঢ়ক :আৰক্ষীতো ১৭ অযোগ্য় বিষয়া ! ১৮ বছৰে কৰি থকা চাকৰি যাও যাও - Assam Police recruitment scam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.