Illegal Cattle Smuggling: জখলাবন্ধা আৰক্ষীৰ অভিযানত জব্দ গৰুভৰ্তি বাহন

By

Published : Feb 22, 2022, 10:11 AM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail
ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো তেনেই পুৰণি ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবৰ বাবে চেষ্টা নকৰক কিয়, এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷ সেয়েহে আৰক্ষীয়েও এই লৈ অধিক সতৰ্কতাৰে অভিযান চলাই জব্দ কৰি আহিছে চোৰাংকৈ অনা পশুধনসমূহ ৷ ইয়াৰ মাজতে জখলাবন্ধা আৰক্ষীৰ দ্বাৰা চলোৱা এনে এক অভিযানত পুনৰ জব্দ হ'ল চোৰাংকৈ সৰবৰাহ কৰা দুখনকৈ গৰুভৰ্তি বাহন ৷ বাহনদুখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩২ টাকৈ গোধন(Jakhalabandha police seized trucks carrying cattle) ৷ জানিব পৰা মতে, গোলাঘাটৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত জখলাবন্ধা আৰক্ষীয়ে গৰুভৰ্তি বাহনসহ ৪ জন গৰু সৰবৰাহকাৰী ক্ৰমে জামিৰ উদ্দিন,মহম্মদ আলি, ইচ্ছাফুল আলি,ৰুবুল ইছলামক আটক কৰিবলৈ সক্ষম হয় ৷
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.