চাবুৱা আছুত আভ্যন্তৰীণ সংঘাত - চাৰি আছু নেতাক বহিস্কাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 21, 2022, 1:54 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

চাবুৱা আছুত আভ্যন্তৰীণ সংঘাত(Internal conflict in AASU at chabua)। সংঘাতৰ পৰিণতিত চাৰি আছু কৰ্মীক বহিষ্কাৰ চাবুৱা আছুৰ(Four AASU workers expelled at Chabua)। বহিষ্কাৰ কৰা আছুকৰ্মী কেইগৰাকী হৈছে ভাষ্কৰ্য গগৈ, ৰাজেশ দাস, তীৰ্থাংকৰ চেতিয়া আৰু  সোনটো বৰচেতিয়া । চাৰি আছু কৰ্মীক বহিষ্কাৰ কৰাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰিলে চাবুৱা আছুৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি দত্তই ৷ চাবুৱা আছুত আভ্যন্তৰীণ সংঘাতৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ চাবুৱাৰ লগতে  ডিব্ৰুগড়ত । আনহাতে ভাস্কৰ্য গগৈ সদৌ ডিব্ৰুগড়ৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদকৰ দায়িত্বত আছিল । তেওঁক সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা হৈছে বুলি জানিবলৈ দিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.