চাকৰিৰ নামত উৎকোচ লৈ আৰক্ষীৰ জালত চৰকাৰী কৰ্মচাৰী - নগাঁৱত চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
চাকৰিৰ নামত উৎকোচ লৈ ভুৱা নিযুক্তি পত্ৰ প্ৰদানৰ অভিযোগত আটক হয় এগৰাকী চৰকাৰী কৰ্মচাৰী (Govt employee arrested in Nagaon)। জলসিঞ্চন বিভাগত নিযুক্তি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰে জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীক । জয়ৰাম বাহাদুৰ ৰায় নামৰ কৰ্মচাৰীজনৰ বিৰুদ্ধে দুগৰাকী মহিলাৰ পৰা চাকৰিৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । দুগৰাকী মহিলাৰ পৰা ৩ লাখ ৪০ হাজাৰ টকা সংগ্ৰহ কৰিছিল বুলি অভিযোগ জয়ৰামৰ বিৰুদ্ধে । এগৰাকী মহিলাক ভুৱা নিযুক্তিপত্ৰও প্ৰদান কৰিছিল চক্ৰটোৱে । জয়ৰামে উৎকোচৰ ধন সচিবালয়ৰ এজন বিষয়াক দিয়াৰ কথা স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত । সচিবালয়ৰ দূৰ্গা দাস নামৰ বিষয়াগৰাকীক ধন দিছিল জয়ৰামে ।
Last Updated : Feb 3, 2023, 8:18 PM IST