এফালে ইউৰিয়া সাৰৰ নাটনি আনফালে পানীৰ অভাৱ: নগাঁৱৰ কৃষকৰ মাজত হাঁহাকাৰ - পানীৰ অভাৱত নগাঁৱৰ কৃষকে হাঁহাকাৰ কৰিব লগা হৈছে

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 30, 2022, 9:50 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

এফালে ইউৰিয়া সাৰৰ নাটনি, আনফালে পানীৰ অভাৱত নগাঁৱৰ কৃষকে হাঁহাকাৰ কৰিব লগা হৈছে (Farmers in trouble due to lack of water in Nagaon) ৷ নিজ কঠিয়াতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু অঞ্চলৰ কৃষকে এতিয়া পানীৰ অভাৱত বৰো খেতি কৰিব নোৱাৰি হাঁহাকাৰ কৰিব লগা হৈছে ৷ ৰাজ্যৰ জলসম্পদ বিভাগে ৰাইজক পানী যোগানৰ উদ্দেশ্যে কঠিয়াতলী শগুণবাহীত বহু কোটি টকা ব্যয়ৰে এটা পানী যোগান আঁচনি ৰূপায়ন কৰিলে যদিও আজিকোপতি সেই আঁচনিৰ পৰা পানী লাভ নকৰিলে কৃষকসকলে ৷ যাৰ বাবে অত্যাধিক মূল্যত ডিজেল ক্ৰয় কৰি মেচিনেৰে পানী সিঁচি বৰো ধানৰ খেতি কৰিব লগা হৈছে কৃষকসকলে ৷ তথাপিও পানীৰ অভাৱত শুকাই গৈছে কৃষি ভূমি সমূহ ৷ দৰিদ্ৰ কৃষক ৰাইজৰ চৰকাৰলৈ আহ্বান, বিকল হৈ থকা পানী যোগান আঁচনিসমূহ মেৰামতি কৰি কৃষকক উপকৃত কৰক ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.