thumbnail

By

Published : Feb 26, 2022, 9:06 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

ETV Bharat / Videos

Russia Ukraine War: ইউক্ৰেইনৰ পৰা উভতিল বাইহাটাৰ জিতেন্দ্ৰ

বাইহাটা চাৰিআলিত আনন্দৰ বন্যা । ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ আৰম্ভ হোৱাৰ কিছু মুহুৰ্তৰ আগতে ইউক্ৰেইনৰ পৰা আহি শুকুৰবাৰে নিশা বাইহাটাৰ বড়াগোগ গাঁৱৰ নিজ গৃহত উপস্থিত হয় জিতেন্দ্ৰ দাস নামৰ এজন ছাত্ৰ (A student from Ukraine arrives his home in Baihata) । ৰাছিয়া সীমান্তৰ পৰা প্ৰায় 50 কি:মি: নিলগৰ ইউক্ৰেইনৰ এখন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত আছিল ছাত্ৰজন । গৃহাভিমুখে আহি থকা সময়তে ছাত্ৰজনে গম পায় পঢ়ি থকা ঠাইখিনিৰ ওচৰতে ৰাছিয়াৰ বোমাবৰ্ষণ হোৱা বুলি। ছাত্ৰজনে সাংবাদিকৰ আগত জনোৱা মতে এতিয়াও তেওঁ অধ্যয়ন কৰা মহাবিদ্যালয় খনিত 70 ৰ পৰা 90 জন ছাত্ৰ আবদ্ধ হৈ আছে ( Indian Student In Ukraine) । ইফালে যুদ্ধৰ খবৰ পাই জিতেন্দ্ৰৰ পৰিয়ালৰ লোকসকলৰ মাজত দিন নাযায় ৰাতি নুপুৱাই অৱস্থা । শুনক জিতেন্দ্ৰৰ মুখৰে ইউক্ৰেই বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে ।
Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.