এটা কুকুৰা আৰু এটি কণমানিৰ মাজত আচৰিত যেন লগা বন্ধুত্ব - Rooster plays ball
🎬 Watch Now: Feature Video
পশু-পক্ষীয়েও বুজে মৰম-আদৰ, পশু-পক্ষীয়েও গঢ়িব জানে সম্পৰ্ক ৷ এটি 11 বছৰীয়া কণমানি আৰু এটা কুকুৰাৰ আচৰিত যেন লগা সম্পৰ্কই প্ৰমাণ কৰিলে কিদৰে মানুহ আৰু পশু-পক্ষীৰ মাজত গঢ় লৈ উঠিব পাৰে নীবিড় সম্পৰ্ক (Friendship between a rooster and a teenager) ৷ মিধুন নামৰ এটি কণমানিৰে কুট্টাপ্পন নামৰ এটা মতা কুকুৰাৰ আছে এৰাব নোৱৰা সম্পৰ্ক ৷ বিগত লক্ ডাউনৰ সময়তে দুয়োৰে মাজত গঢ় লৈ উঠা এই সম্পৰ্কই এতিয়া এনে পৰ্যায় পালেগৈ যে, দুয়োয়ে দুয়োক এৰি এখোজো লৰচৰ কৰিব নোৱৰা হ’ল ৷ একেলগে বল খেলে, একেলগে চাইকেলত ফুৰিবলৈ যায় (Rooster plays ball)৷ মিধুনৰ বাবে কুট্টাপ্পন কেৱল এজন বন্ধুয়েই নহয়, নিৰাপত্তাৰক্ষীও । অচিনাকি লোকক মিধুনৰ অত্যাধিক কাষ চাপিবলৈ নিদিয়ে কুট্টাপ্পন নামৰ কুকুৰাটোৱে ৷ এই আচৰিত দৃশ্য কেৰালাৰ আলাপুঝা চহৰৰ ৷
Last Updated : Feb 3, 2023, 8:22 PM IST