সুস্বাস্থ্য বজাই ৰাখিবলৈ যোগাসন কৰাটো আমাৰ বাবে খুবেই লাভদায়ক ৷ যোগাসনে কেৱল শাৰীৰিকভাৱে সুস্থ কৰি ৰখাই নহয় মানসিক স্বাস্থ্যও ভালে ৰাখে ৷ যোগাসন কৰিলে মন আৰু মগজু শান্ত হৈ থাকে আৰু কঁকাল, হাত, ভৰি আৰু পিঠি আদিৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসন কৰিব পাৰি ৷ যদি আমি চাওঁ তেন্তে প্ৰতিদিনে পেটৰ সমস্যাত অসুবিধা ভোগা বহু লোক আছে ৷ অনিয়মিত খাদাভ্যাসৰ ফলত বহুলোকৰ গেছ, বদহজম, এচিডিটি আৰু পেট ফুলা সমস্যাই দেখা দিয়ে ৷ এনে পৰিস্থিতিত কিছুমান যোগাসন আছে যিবোৰ দৈনিক কৰিলে পেটৰ সমস্যাৰ পৰা সকাহ পোৱা যায় আৰু আনকি এচিডিটি আৰু গেছে আপোনাক অসুবিধা দি থকা সময়তো এই যোগাসনবোৰ কৰি সকাহ পাবলৈ আৰু পেটৰ পৰা গেছ আঁতৰাই পেলাব পাৰি ৷
এচিডিটি তথা গেছৰ পৰা সকাহ পাবলৈ যোগাসন
পশ্চিমোত্তাসন (Paschimottanasana)
এই যোগ আসন কৰাটো সহজ ৷ প্ৰথমে মেটত পোনে পোনে থিয় হওক ৷ ইয়াৰ পিছত হাত দুখন আগফালফালে আনি, তাৰ পিছত পিঠিখন বেঁকা কৰি আগলৈ হালি ভৰিৰ আঙুলিত হাতৰ তলুৱা ৰাখক ৷ আৰম্ভণিতে এই যোগাসন কৰাটো কঠিন হ’ব পাৰে কিন্তু লাহে লাহে অভ্যাস কৰিলে আপুনি সহজে এই যোগাসন কৰিব পাৰিব ৷ এই ভংগীমাটো মাত্ৰ ৪ৰ পৰা ৫ ছেকেণ্ডৰ বাবে ধৰি ৰাখক ৷
![You can do these 3 yoga asanas to get rid of gas and acidity](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/19499383_yoga-1.jpg)
হালাসন (Halasana)
পেটৰ গেছ আৰু এচিডিটিৰ পৰা সকাহ পাবলৈ হালাসন কৰিব পাৰে ৷ হালাসন কৰিবলৈ মেটত পিঠি দি শুই পৰক ৷ এতিয়া লাহে লাহে দুয়োখন হাত শৰীৰৰ কাষত ৰাখি দুয়োখন ভৰি মূৰৰ ওপৰত লৈ মাটিলৈ লৈ যাওক ৷ এই আসনটো কৰিলে কেৱল পেটৰ সমস্যা নাইকিয়া হৈ উঠাই নহয় পেটটো ভিতৰলৈ লৈ যোৱাতো সহায় কৰে আৰু কঁকালৰ বিষৰ পৰাও সকাহ পাব পাৰে ৷
![You can do these 3 yoga asanas to get rid of gas and acidity](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/19499383_yoga-2.jpg)
পৱনমুক্তাসন (Pawanmuktasana)
পৱনমুক্তাসন কৰিলে পেটৰ গেছ সহজে নিৰ্গত কৰিব পাৰি ৷ এই আসনটো কৰিবলৈ পিঠিখন মাটিত দি শুই পৰক ৷ এতিয়া মূৰটো আগলৈ আনি আঁঠুৰ ওচৰত দুয়োখন ভৰি বেঁকা কৰি মূৰৰ ফালে ৰাখি ভৰি দুখন মেৰিয়াই ল’ব ৷ ভংগীমা বজাই ৰাখি দীঘলকৈ উশাহ লওক ৷ এই আসনৰ লগে লগে পেটৰ পৰা গেছ ওলাই আহে আৰু এজনে শিথিলতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে ৷
![You can do these 3 yoga asanas to get rid of gas and acidity](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13-09-2023/19499383_cfc.jpg)
এই প্ৰতিবেদন কেৱল পৰামৰ্শকে ধৰি কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে ৷ ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয় ৷ অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ লওক ৷
লগতে পঢ়ক: Signs of Genius: এটি শিশু সৰুৰে পৰা বুদ্ধিমান হয় নে নহয় কেনেকৈ জানিব