ETV Bharat / sukhibhava

বিশ্ব নিৰামিষ দিৱস: নিৰামিষ ভোজী সম্পৰ্কে কিছু তথ্য

author img

By

Published : Oct 1, 2020, 5:28 PM IST

আজি ‘বিশ্ব নিৰামিষ দিৱস’ ৷ বিশ্ব নিৰামিষ দিৱস উপলক্ষে নিৰামিষ ভোজী সম্পৰ্কে ৰাষ্ট্ৰীয় স্বাস্থ্য প’ৰ্টেল (NHP)য়ে কিছু তথ্য দাঙি ধৰিছে ৷ জানো আহক নিৰামিষ ভোজী সম্পৰ্কে কিছু কথা...

World Vegetarian Day
বিশ্ব নিৰামিষ দিৱস: নিৰামিষ ভোজী সম্পৰ্কে কিছু তথ্য

নিউজ ডেস্ক, 1 অক্টোবৰ: নিৰামিষ ভোজী আৰু ইয়াৰ উপকাৰিকাত সমৰ্থন কৰিবলৈ বিশ্বজুৰি প্ৰতিবছৰে 1 অক্টোবৰ তাৰিখটো ‘বিশ্ব নিৰামিষ দিৱস’ হিচাপে পালন কৰা হয় ৷ এই দিনটো পোনপ্ৰথমবাৰৰ বাবে 1977 চনত উত্তৰ আমেৰিকান নিৰামিষ সমিতি (NAVS)য়ে পালন কৰিছিল ৷

নিৰামিষ ভোজীৰ প্ৰকাৰ-

ৰাষ্ট্ৰীয় স্বাস্থ্য প’ৰ্টেল (NHP)য়ে নিৰামিষ ভোজীসকলক এক শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে আৰু এই শ্ৰেণীত তিনিটা ভাগ আছে ৷

1. ভেগান (Vegan): এই শ্ৰেণীত আহাৰসমূহ কেৱল উদ্ভিদ জাতীয় হয় ৷ ইয়াত যিকোনো জীৱ-জন্তুৰ কণী,গাখীৰ,মৌ অন্তৰ্ভুক্ত হ’ব নোৱাৰে ৷ ইয়াত প্ৰধানকৈ কেঁচা কল,পাচলি,স্প্ৰাউটছ অন্তৰ্ভুক্ত কৰা হৈছে ৷

2. লেক্ট’-ভেজিটেৰিয়ান (Lacto-vegetarian): ইয়াত উদ্ভিদ জাতীয় খাদ্য আৰু গাখীৰেৰে তৈয়াৰী খাদ্য অন্তৰ্ভুক্ত যদিও কণী অন্তৰ্ভুক্ত নহয় ৷

3. লেক্ট’-অ’ভো-ভেজিটেৰিয়ান (Lacto-ovo vegetarian): ইয়াত উদ্ভিদ জাতীয়,গাখীৰেৰে তৈয়াৰী খাদ্য আৰু কণী অন্তৰ্ভুক্ত হৈ আছে ৷

যি প্ৰকাৰৰ নিৰামিষ ভোজী নহওঁক কিয়,আপুনি এইটো সুনিশ্চিত কৰা উচিত যে আপুনি শৰীৰৰ বিকাশ,সঞ্চালন আৰু বৃদ্ধিৰ বাবে ভাৰসাম্যযুক্ত খাদ্য গ্ৰহণৰ বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে ৷ NHPয়ে নিম্নলিখিত খাদ্যত ভিটামিন আৰু মিনাৰেল বিচাৰি পাইছে-

  • ভিটামিন বি12:

গাখীৰেৰে তৈয়াৰী খাদ্য,কণী,ব্ৰেড,চোয়া আৰু চাউলপ পৰা তৈয়াৰী পানীয় ৷

  • ভিটামিন ডি:

গাখীৰ আৰু ৰ’দ

  • কেলছিয়াম:

গাখীৰেৰে তৈয়াৰী খাদ্য,সেউজীয়া শাক-পাচলি,ব্ৰোকোলী

  • প্ৰ’টিন:

গাখীৰ আৰু পনীৰ,কণী,টোফু আৰু অন্য চোয়া খাদ্য,নাটছ

  • আইৰণ:

কণী,বীন,শুকান ফল,সেউজীয়া শাক-পাচলি

  • যিংক:

ঘেহুৰ বীজ,নাটছ,বীন আৰু ৰঙালাওৰ বীজ

নিৰামিষ ভোজী হোৱাৰ লাভ:

NHPয়ে নিৰামিষ ভোজী হোৱাৰ লাভ সম্পৰ্কে কিছু কাৰণ দাঙি ধৰিছে-

  • ই হৃদযন্ত্ৰৰ ৰোগ আৰু কৰ্কট ৰোগৰ মাত্ৰা হ্ৰাস কৰে ৷
  • ই শৰীৰৰ ওজন কম কৰাত সহায় কৰে ৷
  • নিৰামিষ আহাৰত নাটছ,ফল আৰু পাচলি অন্তৰ্ভুক্ত কৰা হয় যিয়ে ফাইবাৰ,এণ্টি অ’ক্সিডেণ্ট আৰু ভিটামিনৰ সৈতে আৱশ্যকীয় মিনাৰেলৰ পৰিমাণ বৃদ্ধি কৰে ৷

নিৰামিষ ভোজী হ’বলৈ হ’লে:

1. নিজকে প্ৰশ্ন কৰক আপুনি কিয় নিৰামিষ ভোজী হ’ব বিচাৰে ৷

2. মাছ-মাংস আদিৰ প্ৰতি লোভ কম কৰক ৷

3. খোৱা খাদ্য সলনি কৰক আৰু চোয়া,টোফু আদি বাচনি কৰক ৷

4. খাদ্যসমূহৰ গুণাগুণ সম্পৰ্কে পঢ়ক ৷

5. অনলাইনত উপলব্ধ বহুতো সুস্বাদু নিৰামিষ খাদ্য় বাচনি কৰক ৷

6. আপোনাৰ নিৰামিষ ভোজী বন্ধু-বৰ্গৰ সৈতে মিলিত হওঁক আৰু বাহিৰলৈ গৈ নিৰামিষ খাদ্য গ্ৰহণ কৰক ৷

ইয়াৰোপৰি নিৰামিষ ভোজী হ’বলৈ হ’লে আপুনি পোষণ বিশেষজ্ঞৰো পৰামৰ্শ গ্ৰহণ কৰিব পাৰে ৷

লগতে পঢ়ক: কোভিডৰ সময়ত যোগৰ মাধ্যমেৰে সুস্থ্য কৰি ৰাখক নিজকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.