ETV Bharat / sukhibhava

World Vegetarian Day 2023: বিশ্ব নিৰামিষ দিৱসত নিৰামিষ খাদ্য খোৱাৰ আচৰিত উপকাৰিতা জানি লওক - নিৰামিষ খাদ্য খোৱাৰ আচৰিত উপকাৰিতা

প্ৰতি বছৰে ১ অক্টোবৰত বিশ্ব নিৰামিষ দিৱস পালন কৰা হয় । নিৰামিষ খাদ্য তথা শাক-পাচলিৰ উপকাৰিতা সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰ এই দিৱস পালন কৰা হয় । নিৰামিষ খাদ্য পুষ্টিকৰ গুণেৰে ভৰপূৰ । Veg Diet অনুসৰণ কৰিলে আপুনি বহুতো ৰোগৰ পৰা হাত সাৰিব পাৰে ।

World Vegetarian Day 2023: Know the surprising benefits of eating vegetarian on World Vegetarian Day
বিশ্ব নিৰামিষ দিৱসত নিৰামিষ খাদ্য খোৱাৰ আচৰিত উপকাৰিতা জানি লওক
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 5:10 PM IST

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ অক্টোবৰত বিশ্ব নিৰামিষ দিৱস পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে নিৰামিষ খাদ্যৰ উপকাৰিতাৰ বিষয়ে মানুহক সজাগ কৰা ৷ সুস্বাস্থ্যৰ বাবে সদায় নিৰামিষ খাদ্য খোৱাটো ভাল ৷ সাধাৰণতে মানুহভাৱে যে নিৰামিষ খাদ্যৰ তুলনাত নিৰামিষ খাদ্য সোৱাদযুক্ত নহয় ৷

শৰীৰত সুস্বাস্থ্যৰ বাবে সকলো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, এনে পৰিস্থিতিত নিৰামিষ খাদ্যৰ সহায়তহে শৰীৰৰ সকলো ভিটামিনৰ অভাৱ দূৰ কৰিব পৰা যায় ৷ সতেজ ফল-মূল, শাক-পাচলি আৰু গোটা শস্য খালে আপুনি ফিট হৈ থাকিব ৷ গতিকে নিৰামিষ খাদ্য খোৱাৰ অগণন উপকাৰিতা জানি লওক ৷

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী

ভুল খাদ্যাভ্যাসৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে ৷ ইয়াৰ বাবে হৃদৰোগৰ আশংকা থাকে ৷ নিৰামিষ খাদ্য সেৱনে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ আঁহযুক্ত খাদ্য অৰ্থাৎ গোটা শস্য, বাদাম, মাহজাতীয় শস্য আদি গ্ৰহণ কৰিব পাৰি ৷ ইহঁতে কলেষ্টেৰলৰ সমস্যা নিয়ন্ত্ৰণ কৰি আপোনাৰ হৃদযন্ত্ৰক সুৰক্ষা দিয়ে ৷

ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক

বহু গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যিসকল লোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিৰামিষ খাদ্য পালন কৰি উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে ৷ নিৰামিষ খাদ্যত চৰ্বি আৰু ছডিয়ামৰ পৰিমাণ কম থাকে, যিয়ে ৰক্তচাপ স্বাভাৱিক কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত বহুতো ফল-মূলত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে, যিয়ে উচ্চ বি পি নিয়ন্ত্ৰণত সহায় কৰিব পাৰে ৷

হাড়বোৰ সুস্থ কৰি ৰাখক

নিৰামিষভোজী লোকৰ হাড়ৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম ৷ আচলতে গাখীৰ, পনীৰ, বাদাম, টোফু, সৰিয়হ আৰু সেউজীয়া শাক-পাচলিত কেলচিয়ামৰ পৰিমাণ বেছি ৷ যি সেৱন কৰিলে হাড় শক্তিশালী হয় ৷

ওজন কমাবলৈ সহায়ক

যদি আপুনি ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে Veg Diet অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ ৷ সৰল খাদ্যই ওজন বজাই ৰখাত সহায় কৰে ৷ নন-ভেজ খাদ্য যেনে কুকুৰা, মাছ আদিত কেলৰিৰ পৰিমাণ অধিক থাকে ৷ এইবোৰ খালে ওজন দ্ৰুতগতিত বৃদ্ধি পায় ৷

ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে

ডায়েবেটিছ ৰোগীয়ে Veg Diet অনুসৰণ কৰিব লাগে ৷ শৰ্কৰাৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখিবলৈ গোটা শস্য, দাইল আৰু সেউজীয়া শাক-পাচলি খাদ্যৰ অংশ হিচাপে লওক ৷ ইহঁতৰ গ্লাইচেমিক সূচকাংক থাকে ৷

লগতে পঢ়ক: World Heart Day 2023: হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ আমি কিদৰে ইয়াৰ যত্ন লোৱা উচিত ? চিকিৎসকৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.