ETV Bharat / sukhibhava

World trauma day : সঘনাই দেখিবলৈ তথা শুনিবলৈ পোৱা নিত্য নতুন বেমাৰে বৃদ্ধি কৰিছে মানসিক চাপ

author img

By

Published : Oct 17, 2022, 10:48 AM IST

Updated : Oct 17, 2022, 11:42 AM IST

প্ৰতি বছৰে ১৭ অক্টোবৰত কিয় উদযাপন কৰা হয় বিশ্ব ট্ৰমা দিৱস ? এই দিনটোৰ উদ্দেশ্য আৰু সমষ্ট জানি লওক...

World trauma day, what is trauma know the details
সঘনাই দেখিবলৈ তথা শুনিবলৈ পোৱা নিত্য নতুন বেমাৰে বৃদ্ধি কৰিছে মানসিক চাপ

প্ৰতি বছৰে ১৭ অক্টোবৰ দিনটো বিশ্ব ট্ৰমা দিৱস হিচাপে পালন কৰা হয়(World Trauma day) । এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে জৰুৰীকালীন পৰিস্থিতিত জীৱন ৰক্ষা আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা । এই দিনটোৱে আমাক কয় যে বিশ্বত দুৰ্ঘটনা, আঘাত আৰু মানসিক ৰোগৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে(World Trauma day 2022) ।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ট্ৰমা হৈছে বিশ্বজুৰি মৃত্যু আৰু অক্ষমতাৰ আটাইতকৈ ডাঙৰ আৰু প্ৰধান কাৰণ । যদিহে কঠিন পৰিস্থিতিত ইয়াৰ সৈতে মোকাবিলা কৰিব পৰা উপায়সমূহৰ বিষয়ে মানুহক সঠিকভাৱে অৱগত কৰা হয় আৰু তেওঁলোকক ইয়াৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া হয়, তেন্তে এই মৃত্যু আৰু অক্ষমতাসমূহ বহু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যাব(Why World Trauma Day observe) ।

ট্ৰমা কি ?(What is Trauma)

আজিৰ সময়তো ট্ৰমা শব্দটোৰ লগত বহুতেই পৰিচিত নহয়(What is trauma know the details) । আনহাতে চিকিৎসাৰ ক্ষেত্ৰত ইয়াৰ ধাৰা বৃদ্ধি পাইছে । আজি হঠাতে এনে বহু ঘটনা ঘটে যিয়ে মানুহৰ মন আৰু হৃদয়ত এনেদৰে প্ৰভাৱ পেলায় যে তেওঁলোক কোনোবা নহয় কোনোবা প্ৰকাৰে ৰোগৰ বলি হৈ পৰে । ইয়াক ট্ৰমা বোলা হয় । অৰ্থাৎ কোনো ব্যক্তিৰ হঠাৎ গভীৰ আঘাত বা ক্ষতি হ’লে আঘাত বুলি কোৱা হয় ।

পৰিসংখ্যা(Statistics)

আমেৰিকা আৰু বিশ্বত ৪৫ বছৰৰ তলৰ লোকৰ মৃত্যুৰ প্ৰধান কাৰণ হৈছে ট্ৰমাটিক এটেক । ইয়াৰ ফলত প্ৰতি বছৰে প্ৰায় ৬০ লাখ লোকৰ মৃত্যু হয় । এই সংখ্যা বিশ্বজুৰি মৃত্যু হোৱা লোকৰ ১০%। ট্ৰমাটিক এটেকৰ ফলত হোৱা মৃত্যু সাধাৰণতে মেলেৰিয়া, যক্ষ্মা, HIV আদি ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত অধিক হোৱা দেখা যায় ।

ট্ৰমাৰ কাৰণসমূহ কি ?(What are the causes of trauma)

এয়া কোনো সাধাৰণ ৰোগ নহয়(Causes of trauma) । আনকি ইয়াৰ স্বাভাৱিক লক্ষণো নাথাকে । ট্ৰমাটিক এটেকৰ কাৰণ বেলেগ বেলেগ । এই ৰোগত গভীৰ আঘাত সামাজিক, মানসিক, শাৰীৰিক, মনোবৈজ্ঞানিক আৰু আৱেগিক আদি যিকোনো ৰূপত হ’ব পাৰে(World Trauma Day purpose) । শাৰীৰিক আঘাত মানে শৰীৰৰ যিকোনো ক্ষতি। পথ দুৰ্ঘটনা, অগ্নিকাণ্ড, জ্বলা-পোৰা, পতন, হিংসাত্মক ঘটনা, প্ৰাকৃতিক দুৰ্যোগ আদিৰ ফলত এইবোৰ হ’ব পাৰে ।

যদি কোনো ব্যক্তি ট্ৰমাত ভুগি আছে তেন্তে তেওঁৰ শাৰীৰিক লক্ষণসমূহ এনেকুৱা দেখা যাব-

  • খং, খিংখিঙীয়াতা আৰু মেজাজ সলনি হয়
  • লাজ অনুভৱ কৰা
  • হতাশা আৰু দুখ
  • নিসংগতাৰ অনুভৱ
  • উদ্বেগ আৰু ভয়
  • টোপনিৰ অভাৱ
  • উচপ খাই উঠা
  • আনতকৈ হীনমন্যতা অনুভৱ কৰা
  • অবিশ্বাস
  • আৱেগিক আঘাত

ট্ৰমাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰে ?(How can you get rid of trauma)

দৰাচলতে বহু সময়ত এনেকুৱাও হয় যে যদি আমাৰ কিবা আৰ্থিক বা মানসিক লোকচান হয়, তেতিয়া আমি সেইটো আমাৰ হৃদয় আৰু মনত ধৰি ৰাখোঁ, চিন্তা কৰি থাকোঁ । এই পৰিস্থিতি বিপদজনক হৈ পৰে । এই স্থিতি ব্যক্তিগৰাকীৰ বাবে ভয়াৱহ হ'ব পাৰে । এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল সদায় বিশ্বাস কৰা যে যি হ’ল, সেইটো সলনি কৰিব নোৱাৰি, কিন্তু আপুনি পুনৰ স্বাভাৱিক জীৱন যাপন কৰিবলৈ চেষ্টা কৰক । এটা কথা নোহোৱা হ’লে আন এটা কথা আপোনাৰ ওচৰলৈ আহিব । যদি আপুনি এটা কথাত মনটো ৰাখে বা নিজকে বান্ধি ৰাখে, তেন্তে আগন্তুক সময়তহে আপুনি কষ্ট পাব । গতিকে এইবোৰ কথাবোৰ গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজনীয় ৷ তেতিয়াহে আপুনি ট্ৰমাটিক এটেকৰ পৰা হাত সাৰি থাকিব পাৰিব ৷

লগতে পঢ়ক : World food Day 2022: 'Leave No One Behind' থিমত পালন কৰা হ'ব বিশ্ব খাদ্য দিৱস

Last Updated : Oct 17, 2022, 11:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.