বিশ্ব স্বাস্থ্য সংস্থাই এপ্ৰিলৰ অন্তিম সপ্তাহটো অৰ্থাৎ ২৪ৰ পৰা ৩০ তাৰিখলৈ বিশ্ব টীকাকৰণ সপ্তাহ (World Immunization Week) হিচাপে পালন কৰি আহিছে । এই বছৰ, বিশ্ব টীকাকৰণ সপ্তাহৰ বিষয়বস্তু হৈছে 'সকলো দীৰ্ঘায়ু হওঁক' (Long Life For All)। এই সপ্তাহৰ উদ্দেশ্য হৈছে সকলো বয়সৰ লোকক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিষেধক গ্ৰহণৰ বাবে সজাগতা সৃষ্টি কৰা । ধাৰণা কৰা হয় যে সময়মতে টীকাকৰণৰ ফলত বিশ্বজুৰি প্ৰায় ১.৫ নিযুত মৃত্যু কমাব পাৰি ।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিষেধকে ১৭৯৬ চনৰ পৰা নিৰ্বিচাৰভাৱে জীৱন ৰক্ষা কৰি আহিছে (Vaccines have been indiscriminately saving lives since 1796)। প্ৰথমে সৰু আইৰ টীকাকৰণ আছিল যিয়ে এই ৰোগৰ বিৰুদ্ধে যুঁজ দিছিল । ইয়াৰ পাছত যোৱা সময়চোৱাত শ শ প্ৰতিষেধক উদ্ভাৱনৰ লগে লগে কোটি কোটি লোক দীৰ্ঘায়ু হৈছে ।
এতিয়ালৈকে, টীকাকৰণে প্ৰায় ২০ টা বেলেগ বেলেগ ৰোগৰ সৈতে যুঁজ দিয়াৰ লগতে মৃত্যু প্ৰতিৰোধ কৰাত সহায় কৰিছে । সেইবোৰ হৈছে কাৰ্ভিকেল কৰ্কট, কলেৰা, ডিপথেৰিয়া, হেপাটাইটিছ বি, ইনফ্লুৱেঞ্জা, জাপানীজ এনকেফেলাইটিছ, সৰু আই, মেনিনজাইটিছ, মাম্পচ, নিউমোনিয়া, পলিঅ', জণ্ডিছ ইত্যাদি ।
শেহতীয়াকৈ, ক'ভিড-১৯ৰ বিৰুদ্ধে বিকশিত প্ৰতিষেধকবোৰেও চিকিৎসালয়ত ভৰ্তি হোৱা আৰু মৃত্যুৰ আশংকা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে । কলকাতাৰ চিএমআৰআইৰ পালমোনোলজিষ্ট ডাঃ ৰাজা ধৰে কোৱা মতে প্ৰতিষেধকে ইয়াৰ কাৰ্যকাৰিতা বাৰে বাৰে প্ৰমাণ কৰিছে আৰু বৰ্তমান সময়ত টীকাকৰণ কৰা লোকসকলে উন্নত জীৱন যাপন কৰিবলৈ সক্ষম হৈছে ।
মুম্বাইৰ পালমোনোলজিষ্ট ডাঃ আগম ভোৰাই এই সম্পৰ্কত কয় যে প্ৰতিষেধক হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিৰোধমূলক ব্যৱস্থা যিয়ে মানুহৰ আয়ুস বৃদ্ধিত সহায় কৰে আৰু ৰোগৰ হাৰ হ্ৰাস কৰে । প্ৰতিষেধক সম্পৰ্কে আলোচনা কৰাটো অতি প্ৰয়োজন কিয়নো ২৯ টাত কৈ অধিক প্ৰতিষেধকে ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে । তেওঁৰ মতে যেতিয়া টীকাকৰণ সময়মতে কৰা হয়, যিকোনো বয়সত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ।
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ২০২০ চনত সমগ্ৰ বিশ্বতে ক'ভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে একে বছৰতে সম্পূৰ্ণৰূপে টীকাকৰণ নোহোৱা শিশুৰ সংখ্যা ৩.৪ নিযুত বৃদ্ধি হৈছে । ২০২০২ চনত, ২৩ নিযুত শিশুৱে নিয়মীয়া স্বাস্থ্য সেৱাৰ জৰিয়তে শৈশৱৰ প্ৰাথমিক প্ৰতিষেধকৰ পৰা বঞ্চিত হৈছে । এই সংখ্যা ২০০৯ চনৰ পাছত সৰ্বাধিক ।
২০২০ চনত কেৱল ১৯ টা প্ৰতিষেধক হে দিয়া হৈছিল (Only 19 vaccine introductions were reported in 2020)। বিশ্বব্যাপী প্ৰতিষেধক কভাৰেজ ২০১৯ চনত ৮৬ শতাংশৰ পৰা ২০২০ চনত ৮৩ শতাংশলৈ হ্ৰাস পাইছে । যাৰ ফলস্বৰূপে বিশ্বত সৰু আই আৰু হেপাটাইটিছৰ দৰে সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে ।
বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক ড৹ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে শেহতীয়াকৈ এক বিবৃতিত কয় যে ক'ভিড মহামাৰীয়ে টীকাকৰণ প্ৰক্ৰিয়াত ব্যাঘাত আনিছে (Covid pandemic has interrupted immunization services)। যাৰ বাবে স্বাস্থ্যসেৱাত প্ৰভাৱ পৰিছে আৰু সৰু আইকে ধৰি মাৰাত্মক ৰোগৰ পুনৰুত্থান দেখা গৈছে । তেওঁ উল্লেখ কৰা মতে টীকাকৰণৰ এই ব্যাঘাতে অনাগত কেইবা দশক ধৰি বিভিন্ন ৰোগত প্ৰভাৱ পৰিব । তেওঁ লগতে কয় যে, এতিয়া সময় হৈছে অত্যাৱশ্যকীয় টীকাকৰণ প্ৰদান কৰা আৰু কেচ-আপ অভিযান আৰম্ভ কৰা । যাতে সকলোৱে জীৱন ৰক্ষাকাৰী প্ৰতিষেধকসমূহ লাভ কৰিব পাৰে ।
বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰা মতে বিশ্বব্যাপী সৰু আইৰ ঘটনা ২০২২ চনৰ প্ৰথম দুমাহত ৭৯ শতাংশ বৃদ্ধি পাইছে । সংস্থাই উল্লেখ কৰা মতে প্ৰায় ১২ খন দেশত অজ্ঞাত কাৰণত হেপাটাইটিছৰ কমেও ১৬৯ টা ঘটনা পোহৰলৈ আহিছে । যদিও শিশুৱে টীকাকৰণ কৰাটো এক গুৰুত্বপূৰ্ণ বিষয়, প্ৰাপ্তবয়স্কসকলেও সময়ত টীকাকৰণ কৰাটো প্ৰয়োজনীয় ।
উল্লেখ্য যে, প্ৰাপ্তবয়স্ক লোক আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ, ডায়েবেটিচ, উচ্চ ৰক্তচাপ, বৃক্ক আদি ৰোগত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত ৰোগ সংক্ৰমণৰ আশংকা বেছি থাকে । কিন্তু সময়ত প্ৰতিষেধক গ্ৰহণৰ দ্বাৰা ইয়াক প্ৰতিৰোধ কৰিব পাৰি । ডাঃ ৰাজা ধৰে কয় যে ৰাষ্ট্ৰীয় পৰিসাংখ্যিক কাৰ্যালয়ৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ বৃদ্ধ লোকৰ সংখ্যা ৪১ শতাংশ বৃদ্ধি হ'ব । ইয়াৰে অধিক লোক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ'ব ।
কিন্তু টীকাকৰণ গ্ৰহণ কৰা সকলে চিকিৎসালয়ত ভৰ্তি হোৱা বা ৰোগৰ ভয়ংকৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিব । তেওঁ উল্লেখ কৰা মতে ভাৰতত টীকাকৰণৰ প্ৰক্ৰিয়া বৃদ্ধি কৰিবলৈ আমি সকলোৱে সময়মতে টীকাকৰণ কৰাৰ বাবে নিজে দায়িত্ব ল'ব লাগিব । তেতিয়াহে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰিম ।
লগতে পঢ়ক : শিশুৰ শৰীৰৰ গোন্ধৰ কাৰণ আৰু প্ৰতিৰোধৰ উপায়