কৰ্মক্ষেত্ৰত মহিলাৰ শোষণ এক সাধাৰণ কথা (workplace harassment is common for women) । কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণৰ নিৰ্যাতন হ'ব পাৰে যেনে মৌখিক উৎপীড়ন অৰ্থাৎ অশ্লীল বা লিংগ-আধাৰিত মন্তব্য, অৱমাননা কৰা আৰু যৌন উৎপীড়ন ৷ শোষণৰ প্ৰকাৰ যিয়েই নহওঁক ই শোষিত মহিলাগৰাকীৰ মানসিক স্বাস্থ্যক প্ৰভাৱিত কৰে (women's mental physical health issue) ।
এই সংবেদনশীল বিষয়টোৰ সৈতে সম্পৰ্কিত এক গৱেষণাই এইটোও প্ৰকাশ কৰিছে যে কৰ্মক্ষেত্ৰত দীৰ্ঘম্যাদী যৌন উৎপীড়নৰ ফলত মহিলাৰ আন ৰোগো হ'ব পাৰে, যাৰ ভিতৰত আছে উচ্চ ৰক্তচাপ ।
উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ আশংকা
আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ জেনেৰেলত প্ৰকাশিত গৱেষণাটোৱে প্ৰকাশ কৰিছিল যে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ সমস্যা তুলনামূলকভাৱে আন মহিলাতকৈ অধিক । এনে মহিলাসকলৰ উচ্চ ৰক্তচাপৰ লগতে হৃদযন্ত্ৰৰ ৰোগৰ আশংকা অধিক (women's mental physical health issue) ।
দীৰ্ঘম্যাদী অধ্যয়নটোত 40 ৰ পৰা 60 বছৰ বয়সৰ 33,000 কৰ্মৰত মহিলা অন্তৰ্ভুক্ত আছিল যাৰ 2008 চনলৈকে উচ্চ ৰক্তচাপৰ কোনো সমস্যা নাছিল । গৱেষণাৰ প্ৰথম পৰ্যায়ত মহিলাসকলক তেওঁলোকৰ চাপৰ বিষয়ে প্ৰশ্ন সোধা হৈছিল । গৱেষণাৰ দ্বিতীয় পৰ্যায়ত, সাত বছৰ পিছত 2015 চনত, অংশগ্ৰহণকাৰী মহিলাসকলৰ স্বাস্থ্য প্ৰতিবেদনবোৰ পুনৰ পৰীক্ষা কৰা হৈছিল ৷ তেওঁলোকক কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা চাপ আৰু অন্যান্য উৎপীড়নৰ সমস্যাৰ বিষয়েও সোধা হৈছিল ।
সমীক্ষাটোত মহিলাসকলৰ ভিতৰত প্ৰতি পঞ্চমগৰাকী মহিলাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ আৰু ৰক্তচাপৰ ঘটনা পোৱা গৈছিল । ইয়াৰে প্ৰায় 20% মহিলাই হাইপাৰটেনছনৰ সৈতে ভূগিছিল । পীড়িত মহিলাসকলে কৰ্মক্ষেত্ৰত নানা ধৰণৰ শোষণৰ কথা নিশ্চিত কৰিছিল ।
গৱেষণাৰ ফলাফলত হাৱাৰ্ডৰ বষ্টন স্থিত চান স্কুল অৱ পাব্লিক হেল্থৰ এপিডেমিঅ'লজিষ্ট ৰিবেকা লানে কৈছিল যে গৱেষণাত অন্তৰ্ভুক্ত তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ 44% মহিলাই প্ৰতি বছৰে কাৰ্যালয়ত উৎপীড়নৰ অভিযোগ কৰে । সমান্তৰালকৈ 80% মহিলাই কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ শোষণৰ সন্মুখীন হয়েই বুলি তথ্যই দেখুৱাইছিল । গৱেষণাই প্ৰকাশ কৰিছে যে যিসকল মহিলাই কৰ্মস্থলীত দুয়ো প্ৰকাৰৰ উৎপীড়নৰ সন্মুখীন হৈছিল, তেওঁলোকৰ উচ্চ ৰক্তচাপ হোৱাৰ আশংকা 21% বৃদ্ধি পাইছে ।
একে সময়তে, কৰ্মক্ষেত্ৰত কেৱল যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাসকলৰ উচ্চ ৰক্তচাপৰ সমস্যা 15% আৰু আন প্ৰকাৰৰ মানসিক উৎপীড়নৰ সন্মুখীন হোৱা মহিলাসকলৰ উচ্চ ৰক্তচাপ 11% লৈকে বৃদ্ধি হোৱাৰ আশংকা আছিল ।
ইয়াৰ বাহিৰেও, যিসকল মহিলাই জীৱনৰ কোনোবা এটা ক্ষণত যৌন নিৰ্যাতনৰ বলি হৈছিল তেওঁলোকৰ মাজত উচ্চ ৰক্তচাপৰ লক্ষণে দেখা দিছিল । গৱেষণাটোৱে লগতে জনাইছে যে হাইপাৰটেনছন সম্পৰ্কীয় ৰোগৰ ফলত মহিলাৰ মৃত্যুৰ এক-তৃতীয়াংশ মৃত্যু হাৰ্ট এটেকৰ ফলত হয় ।
কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে নহয়, সমগ্ৰ বিশ্বৰে মহিলাসকলে নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয় ৷ কেৱল কৰ্মক্ষেত্ৰতে নহয় বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন অনুষ্ঠান আনকি ঘৰতো নাৰীয়ে শাৰিৰীক বা অন্যান্য ধৰণৰ হিংসাৰ সন্মুখীন হ’ব লগীয়া হয় । ২০১৫-১৬ বৰ্ষত ভাৰতত চলোৱা ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপত উল্লেখ কৰা হৈছিল যে ভাৰতত ১৫-৪৯ বছৰ বয়সৰ প্ৰায় ৩০ শতাংশ মহিলাই ১৫ বছৰ বয়সৰ পৰাই শাৰিৰীক হিংসাৰ সন্মুখীন হয় ।
প্ৰতিবেদনত কোৱা হৈছে যে, 15-49 বছৰ বয়সৰ প্ৰায় 6 শতাংশ মহিলাই তেওঁলোকৰ জীৱনকালত কমেও এবাৰকৈ হ’লেও যৌন হিংসাৰ সন্মুখীন হয় । আটাইতকৈ চিন্তাৰ বিষয় টো হ'ল যে ৰাইজক কোৱাটো বাদেই বেছিভাগ মহিলাই তেওঁলোকৰ সৈতে হোৱা হিংসাৰ বিষয়ে কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰিব নিবিচাৰে ৷
শাৰিৰীক আৰু মানসিক উৎপীড়নে এগৰাকী মহিলাৰ শাৰিৰীক আৰু মানসিক বিকাশৰ ওপৰত কিদৰে প্ৰভাৱ পেলাই সেই বিষয়ে উল্লেখ কৰি মনোবিজ্ঞানী ড০ ৰেণুকা শৰ্মাই ব্যাখ্যা কৰিছে যে হিংসা যি প্ৰকাৰৰেই নহওঁক কিয়, ই এগৰাকী মহিলাৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় (workplace harassment cause mental health issue)।
শাৰিৰীক আৰু মানসিক উৎপীড়ন, বিশেষকৈ যৌন নিৰ্যাতনেৰে জৰ্জৰিত মহিলাৰ মানসিক সমস্যা যেনে শ্বক, চাপ, হতাশা, উদ্বেগ, খং, ভয়, টোপনিৰ অভাৱ আৰু আত্মবিশ্বাসৰ অভাৱৰ আশংকা বৃদ্ধি কৰে । ইয়ে তেওঁলোকৰ শাৰিৰীক স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় (workplace harassment cause physical health issue) আৰু সেইবোৰে সূদূৰ ভৱিষ্যতে বহু প্ৰকাৰৰ ৰোগ সৃষ্টিৰ সম্ভাৱনা বৃদ্ধি কৰে।
লগতে পঢ়ক: যুৱ প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে হৃদৰোগৰ ঘটনা