ETV Bharat / sukhibhava

অধিক সংগী থকা মহিলাসকল যৌন ৰোগৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম - SUKHIBHAVA

জীৱনত অধিক যৌন সংগীৰ সৈতে সময় কটোৱা মহিলাসকলৰ বাবে সুখবৰ ৷ এক অধ্যয়নত এই কথা প্ৰকাশ হৈছে যে অধিক সংগীৰ সৈতে সম্ভোগ কৰা মহিলাসকল যৌন অক্ষমতাৰ সমস্যা বা যৌন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কম ৷

Women with more partners less likely to face sexual dysfunction
অধিক সংগী থকা মহিলা সকল যৌন ৰোগৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম
author img

By

Published : Jan 9, 2021, 10:25 PM IST

মহিলাসকল, যদিহে আপোনাৰ জীৱনত যৌন সংগীৰ সংখ্যা অধিক তেন্তে আপোনালোকৰ বাবে আছে এটা সুখবৰ ৷ কাৰণ, এক নতুন অধ্যয়নত এই কথা প্ৰকাশ হৈছে যে, অধিক সংখ্যক যৌন সংগী থকা মহিলাসকলে জীৱনত যৌন ৰোগৰ বা যৌন অক্ষমতাৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কম ৷

ইয়াৰ বিপৰীতে যৌনকাৰ্যৰ সময়ত উদ্বিগ্ন আচৰণ কৰা আৰু অধিক গুৰুতৰ ৰজনোবৃত্তিৰ লক্ষণ থকা মহিলাসকলহে যৌন ৰোগ বা অক্ষমতাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে বুলি গৱেষক সকলে উল্লেখ কৰিছে ৷

গৱেষকসকলৰ মতে প্ৰায় ক্ষেত্ৰতে যৌন ৰোগ ৰজনোবৃত্তিৰ সৈতে হোৱা পৰিলক্ষিত হয় যদিও সকলো মহিলাই এই অনুভৱ নকৰে ৷

মেন'পজ : দ্য জাৰ্ণেল অফ দা নৰ্থ আমেৰিকান মেন'পজ চ'চাইটি শীৰ্ষক আলোচনী খনত প্ৰকাশিত এক গৱেষণাই মহিলাসকলৰ যৌন ৰোগ হ'ব পৰা কাৰক সমূহ চিনাক্ত কৰি উলিয়াইছে মহিলা এগৰাকী যৌন ৰোগত আক্ৰান্ত হোৱাৰ আশংকা খিনি হ্ৰাস কৰাৰ উদ্দেশ্যে যৌন আচৰণৰ পৰিৱৰ্তন ঘটোৱাৰ বাবে হ'ৰমন থেৰাপিৰ কাৰ্যকাৰিতা নিৰ্ধাৰণ কৰিব চেষ্টা কৰিছে

পূৰ্বৰ অধ্যয়ণৰ সৈতে এই ফলাফল সমূহৰ যথেষ্ট সামঞ্জস্য থকা পৰিলক্ষিত হৈছে ৷

নৰ্থ আমেৰিকান মেন'পজ চ'চাইটিৰ এগৰাকী গৱেষক ষ্টেফনি ফ'বিয়নে কৈছে যে, ফলাফলসমূহত দেখা গৈছে যে হৰমন থেৰাপি ব্যৱহাৰ কৰাৰ বাহিৰে অন্য কিছু বিষয় যেনে সংগমৰ অধিক গুৰুত্ব, সংগমৰ প্ৰতি ইতিবাচক ধাৰণা, নিজৰ সংগীৰ সৈতে সন্তুষ্টি আৰু মেন'পজৰ সৈতে জড়িত কেতবোৰ জেনিট'য়ুৰিনেৰী উপসৰ্গ সুৰক্ষাত্মক বুলি বিবেচিত হোৱাৰ লগতে মেন'পজ ট্ৰানজিশ্যনৰ সময়ত অধিক ভাল যৌন ক্ৰিয়াৰ সৈতে জড়িত ৷

এই অধ্যয়নত গৱেষক সকলে 45 ৰ পৰা 55 বছৰ বয়সৰ 200 গৰাকীতকৈও অধিক মহিলাক জড়িত কৰিছে ৷ উক্ত অধ্যয়নত যৌন ৰোগ বা অক্ষমতাৰ আশংকা নিৰ্মূল কৰাৰ ক্ষেত্ৰত হৰমন থেৰাপি প্ৰায় বিফল যেন পৰিগণিত হ'ল, লগতে যৌন আচৰণ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত ন'হল ৷

অৱশ্যে এই অধ্যয়নত হৰমন থেৰাপি ব্যৱহাৰ নকৰা মহিলা সকলৰ তুলনাত হৰমন থেৰাপি ব্যৱহাৰ কৰা মহিলা সকলৰ শাৰিৰীক মান্যতা সম্ভোগৰ সময়ত অধিক হোৱা পৰিলক্ষিত হৈছে ৷ থেৰাপি ব্যৱহাৰ কৰা মহিলা সকলৰ ক্ষেত্ৰত ইচ্ছা বা ৰুচিৰ বাদে সকলো ক্ষেত্ৰতে অধিক ভাল যৌন কাৰ্যক্ষমতা, ভাল সম্পৰ্ক আৰু অতি কম যৌন সমস্যা (উত্তেজনাৰ সমস্যাৰ বাহিৰে) পৰিলক্ষিত হৈছে ৷ এগৰাকী মহিলাৰ যৌন ক্ৰিয়া বাহাল ৰখা সন্দৰ্ভত অধ্যয়নটোত ইতিবাচক যৌন অভিজ্ঞতা, সম্ভোগ সন্দৰ্ভত ধাৰণা, শাৰিৰীক প্ৰতিচ্ছবি আৰু শাৰিৰীক অন্তৰংগতাৰ বিষয়ে উল্লেখ কৰা হৈছে ৷

For All Latest Updates

TAGGED:

SUKHIBHAVA
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.