ETV Bharat / sukhibhava

শীতকালত আপোনাৰো অত্যধিক হয় নেকি ঋতুস্ৰাবৰ বিষ ? জানি লওক পৰিত্ৰাণৰ উপায়

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 4:45 PM IST

Period pain during winter season: যিকোনো মহিলাৰ বাবে সেই ৫ দিনৰ মাহেকীয়া সাধাৰণ দিনতকৈ বহু বেলেগ আৰু কষ্টকৰ হয় । এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে, শীতকালত পিৰিয়ডৰ বিষ আৰু বৃদ্ধি পায় নেকি ? এই বিষয়ে সবিশেষ জানি লওক ৷

Why menstrual cramps get worse in winter? Know the reason
ঋতুস্ৰাবৰ বিষ

যিকোনো মহিলাৰ বা যুৱতীৰ বাবে মাহটোৰ সেই ৫ টা দিন সাধাৰণ দিনতকৈ বহু বেলেগ আৰু কষ্টকৰ হয় ৷ হয়তো আপুনি গ’মেই পাইছে আমি কোন কেইটা দিনৰ বিষয়ে কৈছো ৷ হয়, আমি কৈছো মহিলাৰ ঋতুস্ৰাবৰ কথা ৷ এই ৫টা দিনত মহিলাসকলে পেটৰ বিষ, কঁকালৰ বিষ আৰু শৰীৰৰ বিষত ভুগিবলগীয়া হয় । কিন্তু প্ৰায়ে কোৱা হয় যে, গ্ৰীষ্মকালৰ তুলনাত শীতকালত এই বিষ বাঢ়ি যায় । বহু গৱেষণাত উল্লেখ কৰা হৈছে যে প্ৰতি ১০ গৰাকী মহিলাৰ ভিতৰত ৬ গৰাকীয়ে শীতকালত পেটৰ তীব্ৰ বিষত ভোগে । এতিয়া প্ৰশ্ন উত্থাপন হয় যে শীতকালত সঁচাকৈয়ে মহিলাৰ ঋতুস্ৰাবৰ বিষ বাঢ়ি যায় নেকি ?

ভিটামিন ডিৰ অভাৱ

প্ৰায়ে ঠাণ্ডা বতৰত দেখা যায় বহু লোক ভিটামিন ডিৰ অভাৱত ভোগে । ঋতুস্ৰাবৰ বিষ বৃদ্ধি হোৱাৰ বাবে ই এক অন্যতম কাৰণ ।

গৰমৰ তুলনাত মানুহে শীতকালত বহুত কম পানী সেৱন কৰে । যাৰ বাবে ঋতুস্ৰাবৰ বিষ বাঢ়ি যায় । কাৰণ আমাৰ শৰীৰৰ বাবে পানী অতি গুৰুত্বপূৰ্ণ ।

বেছিকৈ জাংক ফুড খোৱাটোও হ’ব পাৰে বিষৰ কাৰণ

গৰমৰ তুলনাত শীতকালত মানুহে তেলীয়া আৰু ভজা বস্তু বেছি খায় । যাৰ বাবে খাদ্যাভ্যাসৰ বহু পৰিৱৰ্তন ঘটে । ইয়াৰ ফলত ঋতুস্ৰাবৰ বিষ বৃদ্ধি পাব পাৰে ।

যদি পিৰিয়ডৰ সময়ত অসহ্যকৰ বিষ কমাব বিচাৰে তেন্তে দৈনিক খালী পেটত দালচেনিৰ পানী বা দালচেনি খাব পাৰে । ই অত্যন্ত গৰম আৰু ই শৰীৰক গৰম কৰি ৰখাতো সহায় কৰে ।

কেফেইনৰ ব্যৱহাৰ কম কৰক আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক

বেছিভাগ মানুহেই শীতকালত প্ৰচুৰ পৰিমাণে চাহ-কফি খায় । ইয়াৰ ফলত আপোনাৰ মাহেকীয়াৰ সময়ত যথেষ্ট প্ৰভাৱ পৰিব পাৰে আৰু লগতে আপোনাৰ বিষ বৃদ্ধি হ’ব পাৰে । এনে পৰিস্থিতিত বেছিকৈ চাহ-কফি নাখাব ৷ কিন্তু স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব লাগে । আপোনাৰ খাদ্য যিমানেই স্বাস্থ্যকৰ হ’ব সিমানেই আপোনাৰ মাহেকীয়া সুস্থ হ’ব ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: পুৰুষতকৈ বেছি ঠাণ্ডা অনুভৱ কৰে মহিলাই, ইয়াৰ আঁৰত আছে ৩টা ডাঙৰ কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.