ঘৰতেই হওক বা অফিচতেই হওক, আপুনি হয়তো প্ৰায়ে দেখিছে পুৰুষতকৈ মহিলাৰ ঠাণ্ডা বেছি লাগে ৷ শীতকাল অহাৰ লগে লগে মহিলা বা ছোৱালীৰ অসুবিধাও বাঢ়ি যায় । গৰম কাপোৰ পৰিধান কৰিলেও ঠাণ্ডাত কঁপি থাকে মহিলাসকল ৷ অৱশ্যে এই ক্ষেত্ৰত যদি আমি তুলনা কৰো তেন্তে আপুনি হয়তো দেখিছে পুৰুষে মহিলাতকৈ কম কাপোৰ পিন্ধে, অথচ তেওঁলোকৰ ঠাণ্ডাও কম লাগে ৷ কিন্তু কেতিয়াবা আপুনি ভাবিছে এনেকুৱা কিয় হয় ? পুৰুষতকৈ মহিলাসকলে কিয় বেছি ঠাণ্ডা অনুভৱ কৰে জানেনে ? চিকিৎসকে কয় যে ইয়াৰ আঁৰত আছে মূল তিনিটা কাৰণ, যাৰ বাবে মহিলাসকলে অধিক ঠাণ্ডা অনুভৱ কৰে ।
মহিলাসকলে কিয় বেছি ঠাণ্ডা অনুভৱ কৰে ?
পেশীৰ ভৰ হ্ৰাস- মহিলাৰ শৰীৰত পুৰুষৰ তুলনাত পেশী কম থাকে, যাৰ বাবে তেওঁলোকে অধিক ঠাণ্ডা অনুভৱ কৰে । পেশী কম হোৱাৰ বাবে ছোৱালীৰ শৰীৰত ল’ৰাতকৈ কম তাপ উৎপন্ন হয় । যাৰ বাবে অধিক ঠাণ্ডা অনুভৱ কৰে । মহিলাৰ শৰীৰতকৈ পুৰুষৰ শৰীৰত ৬-১১ শতাংশ বেছি চৰ্বি থাকে । যাৰ বাবে পুৰুষৰ শৰীৰটো উষ্ণ হৈ থাকে ।
বিপাকীয় ক্ৰিয়াৰ হাৰ কম- মহিলাৰ বিপাকীয় ক্ৰিয়াৰ হাৰ পুৰুষতকৈ কম, যাৰ বাবে তেওঁলোকে অধিক ঠাণ্ডা অনুভৱ কৰে । লেহেমীয়া বিপাকীয় ক্ৰিয়া থকা লোকে কম তাপ উৎপন্ন কৰে । আনহাতে পুৰুষৰ বিপাকীয় হাৰ অতি ভাল, যিয়ে তেওঁলোকৰ শৰীৰক গৰম কৰি ৰাখে ।
প্ৰজেষ্টেৰন হৰম’ন- মহিলাৰ শৰীৰত প্ৰজেষ্টেৰন হৰম’ন অধিক উৎপন্ন হয় যাৰ বাবে তেওঁলোকে অধিক ঠাণ্ডা অনুভৱ কৰে । ইয়াৰ বাবে ছালৰ ৰক্তবাহী নলীবোৰ সংকোচিত হয় । শৰীৰৰ কিছুমান অংশলৈ তেজ সঠিকভাৱে প্ৰবাহিত নহয় যাৰ বাবে অধিক ঠাণ্ডা অনুভৱ কৰে । এই হৰম’নে শৰীৰত কম তাপ উৎপন্ন কৰে যদিও মাহেকীয়া আৰু গৰ্ভাৱস্থা সুস্থ কৰি ৰখাত সহায় কৰে ।
ঠাণ্ডা দিনত শৰীৰটো কেনেকৈ গৰম কৰি ৰাখিব ?
ভালদৰে সাজ-পোছাক পৰিধান কৰিব আৰু কেইবা তৰপ থকা গৰম কাপোৰ পৰিধান কৰিব ।
প্ৰতিদিনে কমেও আধা ঘণ্টা ৰ’দত বহিব ৷
কেৱল গৰম খাদ্য আৰু গৰম পানীহে সেৱন কৰিব ৷
দৈনিক কমেও ৩০ মিনিট ব্যায়াম কৰিব ৷
ভিটামিন বি ১২ সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব ৷
শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিব ৷
শীতকালত গৰম তেলেৰে শৰীৰ মালিচ কৰিব ৷
লগতে পঢ়ক: আপোনাৰ মাজনিশা চাহ খোৱাৰ অভ্যাস আছে নেকি ?