ইউৰিক এচিড সকলোৰে দেহতে থাকে ৷ যদিহে ইয়াৰ পৰিমাণ প্ৰয়োজনীতকৈ বেছি হয় তেনে শৰীৰত বিভিন্ন লক্ষণে দেখা যায় ৷ ইউৰিক এচিডৰ এটা মূল কাৰণ হৈছে Oxidative Stress, যাৰ বাবে ইউৰিক এচিড বৃদ্ধি হয় ৷ কোষৰ ক্ষয় ক্ষতিৰ উপৰিও আন বিভিন্ন কাৰণত ইউৰিক এচিড বৃদ্ধি পায় ৷ প্ৰচুৰ পৰিমাণে পিউৰিন যুক্ত খাদ্য গ্ৰহণ কৰিলেও ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পাব পাৰে ৷ লগতেই ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হলে প্ৰ’টিন জাতীয় খাদ্য যিমান পাৰে কমাই খাব লাগে ৷
ইউৰিক এচিডৰ এটা লক্ষণ হৈছে বিষ ৷ এনে ক্ষেত্ৰত বুঢ়া আঙুলিতো সাধাৰণতে বহুত বিষ হয়, উখহি উঠে, ৰঙা পৰি উঠে ৷ ইয়াৰোপৰি শৰীৰৰ বিভিন্ন অংশত বিষ হ'ব পাৰে ৷ সেয়ে বিষ অনুভৱ হলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি পৰীক্ষা-নিৰীক্ষা কৰিব লাগে ৷ জধে-মধে বিষৰ ঔষধ খাব নালাগে ৷ ইউৰিক এচিডৰ পৰা কিডনিত পাথৰ হোৱাও দেখা যায় ৷ যিসকল লোকৰ সঘনাই ইউৰিক এচিড বাঢ়ি গৈ থাকে বা যিবোৰ মানুহে সঘনাই বিষৰ টেবলেট খাই থাকে তেনেবোৰ লোকৰ ইউৰিক এচিডৰ বাবে নেফ্ৰফেটি হৈ কিডনী বিকলো হ'ব পাৰে ৷
ইউৰিক এচিড সাধাৰণ ৰোগ নহয় ৷ ইউৰিক এচিডৰ লগত অন্য ৰোগ সমূহৰো সম্পৰ্ক আছে ৷ উচ্চৰক্ত চাপ, কৰোণাইটিছ ডিজিজ আদিৰ লগত ইউৰিক এচিডৰ ওতঃপ্ৰোত সম্বন্ধ আছে ৷
যিবোৰ ব্যক্তিৰ উচ্চ ৰক্তচাপ আছে, বা কাৰোবাৰ যদি ষ্ট্ৰক হৈছে, হৃদৰোগ হৈছে তেনেবোৰ লোকৰ সাধাৰণতে ইউৰিক এচিডৰ পৰিমাণ প্ৰয়োজনীয়তকৈ বেছি হ'ব পাৰে ৷ ইউৰোপৰি ডায়েবেটিচ, মেদবহুলতা আদিৰ বাবেও ইউৰিক এচিড বৃদ্ধি হোৱা দেখা যায় ৷
ইউৰিক এচিড হ’লে কি খাদ্য গ্ৰহণ লাগে
১) প্ৰচুৰ পৰিমাণে পানী খাব লাগে ৷
২) নিতৌ এটাকৈ কল খাব খালে ৷ কল খালে তেজত ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস পায় ৷
৩) আপেল খালেও ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস পায় ৷
৪) নেমু টেঙা , কমলা টেঙা আদিত থকা ভিটামিন চি য়ে ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰে ৷
৫) গ্ৰীণ টিত থকা বিভিন্ন উপাদানেও ইউৰিক এচিডৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে ৷
লগতে পঢ়ক: কিয় আজিৰ দিনটোত পালন কৰা হয় বিশ্ব শিশু দিৱস; দিনটোৰ তাৎপৰ্য সম্পৰ্কে জানো আহক