গুৱাহাটী, 9 জানুৱাৰী: হাঁপানী ৰোগ হ’লে আপোনাৰ বায়ুপথ ফুলি সংকীৰ্ণ হৈ পৰে আৰু বায়ুপথত অত্যধিক পৰিমাণৰ শ্লেষ্মা উৎপন্ন হয় । কিছুমানৰ বাবে হাঁপানী মাথো এক সামান্য সমস্যা হ’ব পাৰে । কিন্তু কিছুমানৰ বাবে ই এক গুৰুতৰ সমস্যা হ’ব পাৰে যিয়ে দৈনন্দিন কাম-কাজত বাধাৰ সৃষ্টি কৰিব পাৰে বা হাঁপানীৰ আক্ৰমণৰ সূচনা কৰিব পাৰে, যিটো জীৱনলৈ ভাবুকিও কঢ়িয়াই আনিব পাৰে । সেয়ে আজি জ্যেষ্ঠ চিকিৎসক ড৹ জয়ন্ত প্ৰসাদ শৰ্মা জৰিয়তে হাঁপানী ৰোগৰ বিষয়ে বিতংভাৱে জানো আহক-
হাঁপানী কি ?
চিকিৎসক ড৹ জয়ন্ত প্ৰসাদ শৰ্মাৰ মতে, এজমা হ’ল মানৱ দেহৰ শ্বাসনলী আৰু হাওঁফাওঁৰ এক প্ৰকাৰৰ ৰোগ, যাক শ্বাস কষ্ট বা হাঁপানী বুলিও কোৱা হয় ৷ এজমা ৰোগীৰ প্ৰধান লক্ষণ হৈছে, ৰোগী গৰাকীৰ উশাহ-নিশাহ লওঁতে কষ্ট অনুভৱ কৰা ৷ নাকেৰে উশাহ লওঁতে ট্ৰেকিয়া নামৰ বায়ু কঢ়িয়াই নিয়া এডাল নলীকাৰ মাজেদি আমাৰ শৰীৰৰ ভিতৰলৈ বায়ু যায় ৷ এই ট্ৰেকিয়া নলীডাল প্ৰধান দুটা ভাগত বিভক্ত হৈছে যাক ব্ৰংকাচ বুলিও কোৱা হয় ৷ এই ব্ৰংকাচ সমূহ আকৌ সৰু সৰু নলীত বিভক্ত হয় ৷ ইয়াৰ একেবাৰে সৰু নলীডালক ব্ৰংকিউল বুলি কোৱা হয় ৷
আমি যেতিয়া উশাহ লওঁ তেতিয়া ব্ৰংকিউলৰ মাজেদি আমাৰ শৰীৰৰ ভিতৰলৈ যায় আৰু নিশাহত কাৰ্বন-ডাইঅক্সাইড এই ব্ৰংকিউলৰ মাজেদি বাহিৰলৈ ওলাই আহে ৷ যদি কোনো কাৰণত এই নলী সমূহত ইনফেক্সন হলে মানুহৰ উশাহ-লোৱাত কষ্ট হয় ৷ ব্ৰংকিউল নলীবিলাকৰ ভিতৰৰ পৰিসৰ সৰু হৈ গ'লে উশাহ-নিশাহ লোৱাত কষ্ট হয় ৷ যাৰ ফলত এটা ঘেৰঘেৰণী শব্দৰ সৃষ্টি হয় ৷ ইয়াকে সহজ অৰ্থত ‘এজমা’ বুলি কোৱা হয় ৷
মানুহ এজনৰ এজমা হৈছে নে নাই কেনেকৈ গম পাব বা ইয়াৰ লক্ষণ কি ?
১) উশাহ লোৱাত কষ্ট ৷
২) উশাহ লওঁতে ঘেৰঘেৰণি শব্দৰ সৃষ্টি হোৱা ৷
৩) কাঁহ হলে এটা শব্দ ওলাব ৷
এজমা কেই ধৰণৰ ?
এজমা সাধাৰণতে দুই ধৰণৰ থাকে ৷ এটা ক্ৰনিক এজমা আৰু একুট এজমা ৷ যদি কোনো এগৰাকী লোক গোটেই বছৰ ধৰি থকা এজমাত আক্রান্ত হৈ থাকে তেন্তে তাক ক্ৰনিক এজমা বোলে ৷ আনহাতে কিবা এটা কাৰণত এজমা হ’লে একুট এজমা বোলে ৷
শীতৰ সময়চোৱাত এজমা ৰোগীৰ শুকান বতৰ বা দেহত তেজৰ চলাচল কমি যোৱাৰ ফলত এজমাৰ এটেকটো বৃদ্ধি হয় ৷ ধূলি বালিৰ বাবে এলাৰ্জি হোৱাৰ ফলতো এজমা বেছি হ'ব পাৰে ৷ সেয়ে এই সময়ছোৱাত এজমা ৰোগীসকলে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয় ৷ লগতেই চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন ৷
লগতে পঢ়ক: এইসময়ত খাদ্য গ্ৰহণ কৰিলে হ’ব স্বাস্থ্যৰ লাভ