ETV Bharat / sukhibhava

কি হ’ব যদি আমি 72 ঘন্টা কেৱল ফল-মূলেই গ্ৰহণ কৰো ? - ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়

বহুলোকে ওজন কমোৱাৰ বাবে কেৱল ফল-মূল সেৱন কৰে, কাৰণ ফল আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । বহুতে ৭২ ঘন্টা ফল-মূলহে সেৱন কৰে, কিন্তু ৭২ ঘন্টা কেৱল ফল-মূলহে সেৱন কৰিলে আমাৰ শৰীৰত এনেদৰে প্ৰভাৱ পৰিব জানো আহক ।

What happens to your body if you eat only fruits for 72 hours ?
কি হ’ব যদি আমি 72 ঘন্টা কেৱল ফল-মূলেই গ্ৰহণ কৰো ?
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 12:27 PM IST

আমি প্ৰায়েই শুনি আহিছো যে, ফল-মূল খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ আমি ফল-মূল খালে বহু উপকাৰিতা লাভ কৰিব পাৰো, ই আমাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে ছাল উজ্বল কৰাতো সহায় কৰে ৷ ফল-মূলত আঁহ, খনিজ পদাৰ্থ, ভিটামিন, এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান পোৱা যায় যিয়ে শৰীৰক হাইড্ৰেট কৰি ৰাখে ৷

এনে পৰিস্থিতিত বহুতে ওজন কমাবলৈ বা শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰিবলৈ কেৱল ফল-মূলহে গ্ৰহণ কৰে ৷ ওজন হ্ৰাসৰ ক্ৰমবৰ্ধমান ধাৰাসমূহৰ ভিতৰত কেৱল ফলৰ ডায়েটকো অনুসৰণ কৰা হয় ৷ ৩ দিন কেৱল ফল-মূল খোৱাৰ নিয়মক ফল-মূলৰ ডায়েট বুলিও কোৱা হয় ৷

কিন্তু আপুনি জানেনে কেৱল ফল-মূল ৩ দিন অৰ্থাৎ ৭২ ঘন্টা খালে আমাৰ শৰীৰত কি প্ৰভাৱ পৰে ৷ যদি আপুনি মাত্ৰ ৩ দিন কেৱল ফল-মূলেই গ্ৰহণ কৰে তেন্তে আপোনাৰ শৰীৰত ইতিবাচক আৰু নেতিবাচক দুয়োটা প্ৰভাৱ দেখা যায় ৷

আচলতে, ফল-মূলত ভিটামিন, মিনাৰেল, এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে ৷ এইবোৰে আমাৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰে ৷ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় ৷ কিন্তু আমি এইটোও জানিব লাগিব যে, কেৱল ফল-মূলেই খালে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ কিন্তু আপুনি যদি ৭২ ঘন্টা কেৱল ফলৰ ওপৰতেই নিৰ্ভৰশীল হয় তেন্তে শৰীৰত পৰিব এই প্ৰভাৱ যেনে-

ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়

ডায়েবেটিছ বা প্ৰি-ডায়েবেটিছ ৰোগীয়ে কেৱল ফল-মূল খোৱাৰ অভ্যাস পৰিহাৰ কৰিব লাগে ৷ কাৰণ বেছিভাগ ফলতে প্ৰাকৃতিক চেনি বেছি থাকে ৷ এই অভ্যাসে অগ্নাশয় আৰু বৃক্কৰ ৰোগত আক্ৰান্ত লোকৰ স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা বৃদ্ধি কৰিব পাৰে ৷

দাঁতৰ ক্ষয়

ফল-মূলত থকা প্ৰাকৃতিক শৰ্কৰাৰ লগত এচিডিটিৰ সংমিশ্ৰণে দাঁতৰ ক্ষয়ৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷

বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ অভাৱ

যিসকল লোকে কেৱল ফলকে খাদ্য হিচাপে গ্ৰহণ কৰে তেওঁলোকৰ দেহত ভিটামিন বি ১২, কেলচিয়াম, ভিটামিন ডি, আয়’ডিন আৰু ওমেগা-৩ ফেটি এচিডৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব পাৰে ৷ এনে পৰিস্থিতিত এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱত ৰক্তহীনতা, ভাগৰুৱা, ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৈতে জড়িত ৰোগ, শৰীৰত কম কেলচিয়াম আৰু অষ্টিঅ’পৰ’ছিছ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

প্ৰদাহৰ সমস্যা

যিবোৰ ফলত ফ্ৰুক্ট’জ প্ৰচুৰ পৰিমাণে থাকে ইয়াৰ ফলত প্ৰদাহৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে যিসকলৰ ভৰি বা শৰীৰৰ অন্যান্য অংশত ইতিমধ্যে ফুলি উঠিছে তেওঁলোকে কেৱল ফল-মূল খোৱাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে ৷

ওজন বৃদ্ধি হোৱা

কিছুমান মানুহে ওজন কমাবলৈ ফল-মূল গ্ৰহণ কৰে আৰু প্ৰথমাৱস্থাত তেওঁলোকৰ ওজনো হ্ৰাস পায় ৷ কিন্তু ফল-মূলত প্ৰাকৃতিক চেনি থাকে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে ৷ বিশেষকৈ সেইসকল লোকৰ মাজত যিসকলে বেছিকৈ ফল-মূল খায় ৷

লগতে পঢ়ক: ইউৰিক এচিড কি ? কি কাৰণত দেহত বৃদ্ধি হয় ইউৰিক এচিড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.