ETV Bharat / sukhibhava

Ice Cream: আইচক্ৰীম আপোনাৰ প্ৰিয় নেকি ? তেন্তে নিশ্চয়কৈ পঢ়ক এই প্ৰতিবেদন - ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰা

শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে ৷ আইচক্ৰীমৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে আজি জানো আহক-

What Happens if You Eat Ice Cream Every Day?
আইচক্ৰীম আপোনাৰ প্ৰিয় নেকি ? তেন্তে নিশ্চয়কৈ পঢ়ক এই প্ৰতিবেদন
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 6:56 PM IST

গ্ৰীষ্মকালত গৰমৰ পৰা সকাহ পাবলৈ বেছিভাগ লোকেই ঠাণ্ডা পানী, চৰবত বা আইচক্ৰীম খায় ৷ কিন্তু আপুনি জানেনে যে অত্যাধিক আইচক্ৰীম গ্ৰহণে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে ? হয়, এই দিনকেইটাত অত্যাধিক আইচক্ৰীম খোৱাৰ ফলত আপুনি মেদবহুলতা, ডায়েবেটিচ আৰু হৃদআক্ৰমণত আক্ৰান্ত হ'ব পাৰে ৷ শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে যে আইচক্ৰীম খোৱাটোৱে ৰোগ প্ৰতিৰোধ প্ৰণালীক প্ৰভাৱিত কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ শক্তি হ্ৰাস কৰে ৷ আইচক্ৰীমৰ ফলত হোৱা স্বাস্থ্যৰ ক্ষতিৰ বিষয়ে আজি জানো আহক-

মেদবহুলতা

গ্ৰীষ্মকালত অত্যাধিক আইচক্ৰীম সেৱনে আপোনাৰ মেদবহুলতা বৃদ্ধি কৰিব পাৰে ৷আপুনি জানি আচৰিত হ’ব যে ২-৩ স্কুপ আইচক্ৰীমত ১০০০ তকৈ অধিক কেলৰি থাকে ৷ এনে পৰিস্থিতিত যদি আপুনি বেছিকৈ আইচক্ৰীম খায়, তেনেহ'লে ই আপোনাৰ ওজন বৃদ্ধি কৰিব পাৰে ৷

ডায়েবেটিচ

আইচক্ৰীমত যথেষ্ট পৰিমাণৰ চেনী থাকে, যিয়ে আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে ৷ যাৰ ফলত ডায়েবেটিচৰ হোৱাৰ ভয় থাকে ৷ অৱশ্যে, ৰক্ত শৰ্কৰাৰ পৰিমাণ কম থকা লোকসকলৰ বাবে সীমিত পৰিমাণৰ আইচক্ৰীম খোৱাটো উপকাৰী হ'ব পাৰে ৷

হৃদআক্ৰমণ

এক গৱেষণাই প্ৰমাণ পোৱা মতে, একাপ ভেনিলা আইচক্ৰীমত সংপৃক্ত চৰ্বি আৰু ২৮ গ্ৰাম চেনী থাকে ৷ দিনত এটা আইচক্ৰীম খোৱাৰ ফলত শৰীৰত ট্ৰাইগ্লিচাৰাইড আৰু কলেষ্টেৰলৰ স্তৰ বৃদ্ধি হয় ৷ সেয়েহে যদি আপুনি দিনে ৩-৪ কাপ আইচক্ৰীম খায়, তেনেহ'লে হৃদৰোগৰ আশংকা বৃদ্ধি হয় ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰা

যদিও আইচক্ৰীমে আমাক শীতলতাৰ অনুভৱ দিয়ে, কেতিয়াবা ইয়াৰ ফলত ডিঙিৰ বিষ, কাহ আৰু চৰ্দিও হয় ৷ এনে পৰিস্থিতিত, শৰীৰত আন বহুতো ৰোগ হ'ব পাৰে, যি ৰোগ প্ৰতিৰোধ প্ৰণালী প্ৰভাৱিত কৰে ৷

লগতে পঢ়ক: Diabetes: মনোৰঞ্জন জগতৰ বহু তাৰকাই আজিও যুঁজি আছে টাইপ ১ ডায়েবেটিছৰ সৈতে; আপুনিও জানি লওক ইয়াৰ সঠিক চিকিৎসা

লগতে পঢ়ক: World Heart Day 2023: বিশ্ব হৃদযন্ত্ৰ দিৱসত চিকিৎসকৰ পৰা হৃদৰোগ সম্পৰ্কীয় কিছু তথ্য জানি লও আহক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.