ETV Bharat / sukhibhava

Gooseberry Juice Benefits: প্ৰতিদিনে পুৱা খালী পেটত পান কৰক আমলখিৰ ৰস, স্বাস্থ্যৰ পক্ষে এক নহয় অনেক উপকাৰিতা পাওক - আমলখিৰ ৰস

আমলখি ঔষধি গুণেৰে ভৰপূৰ ৷ ই শৰীৰৰ বহু ৰোগ দূৰ কৰাত সহায় কৰে ৷ ইয়াত থকা ভিটামিন চিয়ে আপোনাক ফিট কৰি ৰখাত সহায় কৰে ৷ যদি আপুনি দৈনিক খালী পেটত আমলখিৰ ৰস খায় তেন্তে ই কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে ৷ ইয়াৰ বাহিৰেও ওজন কমি যায় ৷ গতিকে কোনো পলম নকৰাকৈ আমলখিৰ ৰসৰ অগণন উপকাৰিতাৰ বিষয়ে জানি লওক-

What happens if we drink amla juice daily every morning on an empty stomach?
প্ৰতিদিনে পুৱা খালী পেটত পান কৰক আমলখিৰ ৰস, স্বাস্থ্যৰ পক্ষে এক নহয় অনেক উপকাৰিতা পাওক
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 1:12 PM IST

পুষ্টিকৰ উপাদানৰে সমৃদ্ধ আমলখি স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, যিয়ে স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ স্বাভাৱিকভাৱে দূৰ কৰাত সহায় কৰে ৷ হিন্দু ধৰ্মত আমলখিৰ গুৰুত্ব অতি বেছি​ ৷ বহু ঠাইত এই গছৰ পূজা কৰা হয় কাৰণ বিশ্বাস কৰা হয় যে ইয়াত ভগৱান বিষ্ণুৱে বাস কৰে ৷

আপোনালোকক জনাই দিও যে আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, যিয়ে আমাক বহু ৰোগৰ পৰা ৰক্ষা কৰে ৷ আপুনি খাদ্য তালিকাত আমলখিৰ ৰস অন্তৰ্ভুক্ত কৰিব পাৰে, ইয়াত থকা ভিটামিন চি ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে, যাৰ বাবে আপুনি চৰ্দি, কাহ আৰু বহু সমস্যাৰ পৰা হাত সাৰিব পাৰে, কিন্তু খালী পেটত আমলখিৰ ৰস খোৱাটো আমাৰ স্বাস্থ্যৰ পক্ষে আটাইতকৈ উপকাৰী ৷ গতিকে আহক জানি লও আমলখিৰ ৰস খোৱাৰ উপকাৰিতাসমূহৰ বিষয়ে ৷

ওজন কমাবলৈ সহায়ক

যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে আমলখিৰ ৰস এক আশীৰ্বাদতকৈ কম নহয় ৷ ইয়াত এন্টিঅক্সিডেন্ট গুণ পোৱা যায়, যিয়ে পাচনতন্ত্ৰ উন্নত কৰাত সহায়ক ৷ এই ৰস খালে বিপাকীয় ক্ৰিয়াও বৃদ্ধি পায়, যিয়ে ওজন কমোৱাত সহায় কৰে ৷

কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে

শৰীৰত কলেষ্টেৰল বৃদ্ধিৰ বাবে হৃদৰোগৰ আশংকা থাকে ৷ আমলখিৰ ৰসত ফেটি এচিড, ভিটামিন আৰু আন বহুতো উপাদান থাকে যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে ৷

শৰীৰক শক্তিশালী কৰে

আমলখিৰ ৰসে এনাৰ্জি ড্ৰিংক হিচাপে কাম কৰে ৷ দৈনিক ইয়াক পান কৰিলে দিনটোৰ ভিতৰতে আপুনি শক্তিশালী অনুভৱ কৰিব ৷ ই আপোনাৰ শৰীৰক ফিট কৰি ৰখাত সহায় কৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী হৈ পৰে

ভিটামিন চি সমৃদ্ধ আমলখিৰ ৰসে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে ৷ ইয়াৰ দ্বাৰা আপুনি বেক্টেৰিয়া আৰু ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰে ৷ ইয়াৰ উপৰিও ভিটামিন চিয়ে বহু ৰোগ হ্ৰাস কৰাত সহায় কৰে ৷

চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায়ক

যিদৰে আপুনি হয়তো জানে যে চকুৰ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে আমলখি বহুত ভাল ৷ আমলখিত কেৰটিন থাকে, যিটো চকুৰ বাবে ভাল বুলি বিবেচিত হয় ৷ দৈনিক খালী পেটত আমলখিৰ ৰস খালে চকুৰ ছানি পৰা, বিৰক্তি, আৰ্দ্ৰতা আদি সমস্যাৰ পৰা হাত সাৰিব পাৰি ৷

হাড়ৰ বাবে উপকাৰী

শৰীৰত কেলচিয়ামৰ অভাৱত হাড়ৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয় ৷ এই ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ আপুনি খাদ্য তালিকাত আমলখিৰ ৰস অন্তৰ্ভুক্ত কৰিব পাৰে ৷

লগতে পঢ়ক: Beetroot Juice: পুৱা বিটৰ ৰস খোৱাটো কিয় জৰুৰী ? ইয়াৰ উপকাৰিতা জানি আপুনিও হ’ব আচৰিত

For All Latest Updates

TAGGED:

amla juice
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.