ETV Bharat / sukhibhava

Health Tips: আঙুৰ খাই ভাল পাই ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 8:53 PM IST

আপোনাৰ দৈনন্দিন খাদ্য তালিকাত আঙুৰ অন্তৰ্ভুক্ত কৰিব পাৰে ৷ যি আপোনাৰ শৰীৰক শীতলতাৰে তৃষ্ণা নিবাৰণ কৰাত যথেষ্ট সহায় কৰিব পাৰে ৷ আহক ইয়াৰ উপকাৰিতাসমূহ জানি লও..

What happens if I eat a grapefruit everyday?
আঙুৰ খাই ভাল পাই ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে

সুস্বাস্থ্যৰ বাবে ফল খোৱাটো অতি জৰুৰী ৷ ফলসমূহৰ ভিতৰত আপুনি আপোনাৰ দৈনন্দিন খাদ্য তালিকাত আঙুৰ অন্তৰ্ভুক্ত কৰিব পাৰে ৷ যি আপোনাৰ শৰীৰক শীতলতাৰে তৃষ্ণা নিবাৰণ কৰাত যথেষ্ট সহায় কৰিব পাৰে ৷ ভিটামিন এ, চি, বি৬, ফলেটৰ উপৰিও আঙুৰত পটাছিয়াম, কেলচিয়াম, লো, ফছফৰাছ, মেগনেছিয়াম আৰু চেলেনিয়ামৰ দৰে বহু প্ৰকাৰৰ খনিজ পদাৰ্থ পোৱা যায় ৷ যিয়ে আপোনাক কোষ্ঠকাঠিন্য, বদহজম, ভাগৰ, বৃক্কৰ ৰোগ আৰু চকুত ছানি পৰা ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে ৷

মাইগ্ৰেইন

যদি আপোনাৰ মাইগ্ৰেইনৰ সমস্যা আছে, তেন্তে আপুনি ৰাতিপুৱা পানী মিহলি নকৰাকৈ এগিলাচ আঙুৰৰ ৰস খোৱা উচিত ৷ ই আপোনাৰ মাইগ্ৰেইনৰ সমস্যা বহুখিনি হ্ৰাস কৰিব পাৰে ৷কম টোপনি, বতৰৰ পৰিৱৰ্তন, হজমৰ সমস্যা আদি মাইগ্ৰেইনৰ কাৰণ যদিও সুৰা সেৱনো ইয়াৰ মুখ্য কাৰণ বুলি গণ্য কৰা হয় ৷ আঙুৰৰ ৰস খাই আপুনি ইয়াৰ বিপদাশংকা যথেষ্ট হ্ৰাস কৰিব পাৰে ৷

হৃদৰোগ

আঙুৰ খোৱাটোৱে হৃদআক্ৰমণৰ আশংকা বহুখিনি হ্ৰাস কৰে ৷ লগতে ইয়াত থকা এণ্টি-অক্সিডেণ্টবোৰে এল.ডি.এল. কলেষ্টেৰলৰ পৰা সুৰক্ষা দিয়ে ৷ উচ্চ পৰিমাণৰ ফ্লেভোনইডে ভাল এণ্টি-অক্সিডেণ্ট হিচাপেও কাম কৰে ৷ ই স্তনৰ কৰ্কট ৰোগ বিয়পাই নিদিয়ে ৷ আঙুৰৰ দুই প্ৰকাৰৰ উপাদান ৰেচভেৰাট্ৰল আৰু কুৱেৰচেটিনেও শৰীৰক ৰেডিকেলৰ পৰা সুৰক্ষিত কৰি ধমনীবোৰ সুৰক্ষিত কৰাৰ কাম কৰে ৷ এইসমূহে তেজত প্লেটলেটৰ অভাৱ হ'বলৈ নিদিয়ে ৷

হাপানি

হাপানিত ভুগি থকা লোকসকলৰ বাবেও আঙুৰ অতি উপকাৰী ৷ ইয়াত থকা পানীৰ পৰিমাণে হাঁওফাঁওত পানীৰ অভাৱ পূৰণ কৰে, যি হাপানীৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰে ৷

হাড়

আঙুৰ হৈছে তাম, আইৰণ আৰু মেঙ্গানিজৰ এক অতি ভাল উৎস ৷ যিয়ে হাড় নিৰ্মাণ আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ৷ ইয়াক দৈনিক গ্ৰহণ কৰি আপুনি অষ্টিওপোৰোচিছৰ দৰে ৰোগ পৰিহাৰ কৰিব পাৰি ৷ মেঙ্গানিজ আমাৰ শৰীৰৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ উপাদান, যি স্নায়ুতন্ত্ৰক ভালে ৰাখে ৷

লগতে পঢ়ক: Ginger Benefits: Gingerol ৰে সমৃদ্ধ আদা স্বাস্থ্যৰ পক্ষে কিয় গুৰুত্বপূৰ্ণ ? ইয়াৰ ১০টা ডাঙৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.