ETV Bharat / sukhibhava

শিশুৰ দেহত কিদৰে সঠিক পৰিমাণৰ কেলচিয়ামৰ যোগান ধৰিব ?

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:05 PM IST

শিশু তথা কিশোৰ-কিশোৰীসকলৰ সুস্বাস্থ্য বৰ্তি থাকিবলৈ তেওঁলোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ নোহোৱাটো গুৰুত্বপূৰ্ণ ৷ পৰ্যাপ্ত কেলচিয়ামে তেওঁলোকৰ হাড় শক্তিশালী কৰে । উঠি অহা ল'ৰা-ছোৱালীসকলক সুস্থ-সবল কৰি ৰখাত কেলচিয়ামে কেনেধৰণৰ ভূমিকা পালন কৰে জানো আহক...

What causes deficiency disease of calcium in Child? how to cure this
শিশুৰ দেহত কিদৰে সঠিক পৰিমাণৰ কেলচিয়ামৰ যোগান ধৰিব ?

বৃদ্ধি পোৱা শিশু আৰু কিশোৰ-কিশোৰীৰ উন্নত স্বাস্থ্যৰ বাবে তেওঁলোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ হোৱাটো গুৰুত্বপূৰ্ণ । পৰ্যাপ্ত পৰিমাণৰ কেলচিয়ামে তেওঁলোকৰ হাড়ক ভাঙি যোৱাৰ পৰা ৰক্ষা কৰে আৰু অষ্টিঅ’পৰ’ছিছৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি নহয় । যদি আপুনি বিচাৰে যে আপোনাৰ সন্তানে গোটেই জীৱন হাড়ৰ লগত জড়িত ৰোগ বা হাড় ভাঙন আদিত ভুগিব নালাগে, তেন্তে তেওঁলোকৰ খাদ্য তালিকাত অধিক পৰিমাণে কেলচিয়াম আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক । আজি আমি আপোনালোকক ক'ম শিশুৰ বাবে কিমান কেলচিয়ামৰ প্ৰয়োজন হয় ।

উঠি অহা ল'ৰা-ছোৱালীসকল সুস্থ-সবল হৈ থাকিবলৈ আন পুষ্টিবোৰৰ লগতে তেওঁলোকৰ খাদ্য তালিকাত কেলচিয়াম আৰু ভিটামিন-ডি যুক্ত আহাৰ অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী ।

বিশেষজ্ঞসকলৰ মতে, শিশুৰ উন্নত বিকাশৰ বাবে শিশুক ১ৰ পৰা ৩ বছৰ বয়সলৈ দৈনিক প্ৰায় ৭০০ মিলিগ্ৰাম, ৪-৮ বছৰীয়া শিশুক ১০০০ মিলিগ্ৰাম, ৯ বছৰৰ অধিক বয়সৰ শিশুক ১৩০০ মিলিগ্ৰামতকৈ অধিক কেলচিয়ামৰ প্ৰয়োজন হয় ।

কেলচিয়ামৰ অভাৱ কিয় হয় ?

  • যদি শিশুটিয়ে এবছৰলৈ মাতৃ দুগ্ধ পান কৰা নাই ৷
  • ভিটামিন-ডি-ৰ অভাৱৰ ফলতো কেলচিয়ামৰ অভাৱ হয় ৷
  • কিছুমান হৰমনৰ কাৰণেও শৰীৰত কেলচিয়ামৰ অভাৱ হয় ৷
  • পেৰাথাইৰইড গ্ৰন্থিৰ নিম্ন বিকাশৰ ফলত এই সমস্যা হ'ব পাৰে ৷
  • যদি সন্তান জন্ম দিয়াৰ সময়ত মাতৃৰ ডায়েবেটিছ থাকে, তেন্তে শিশুটিৰ দেহত কেলচিয়ামৰ অভাৱ হ'ব পাৰে ৷

এই অভাৱ দূৰ কৰিবলৈ কি কৰিব ?

  • শিশুৰ শৰীৰৰ পৰা কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ তেওঁলোকক গাখীৰ বা ইয়াৰ পৰা তৈয়াৰ কৰা খাদ্য খাবলৈ দিব । তদুপৰি, চ'য়াৰ পৰা তৈয়াৰী খাদ্য, মাছ, কাঠবাদাম, মিঠা আলু, বিভিন্ন ধৰণৰ মাহজাতীয় শস্য, বীন, ব্ৰকলি, সেউজীয়া মটৰ আদিও শিশুৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব ।
  • শিশুসকলক পুৱা আৰু বিয়লি দৈনিক ১৫ মিনিটতকৈ সূৰ্যৰ তাপ ল’ব দিব ।
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁলোকক ভিটামিন-ডি আৰু কেলচিয়াম চিৰাপ দিব ৷

লগতে পঢ়ক: দাঁত ক্ষয়ৰ বাবে মুখ খুলি হঁহাৰ পৰা বঞ্চিত হৈছে নেকি ? এনেদৰে পাওক সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.