ETV Bharat / sukhibhava

শীতকালত ৰ’দত কেৱল 10 মিনিট বহিলে পাব এই উপকাৰিতা - ৰোগ প্ৰতিৰোধ ক্ষমতা

Health Benefits of Sunlight: শীতকালত সূৰ্যৰ তাপ লোৱাটো স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ । এই বতৰত দৈনিক কমেও ১০-১৫ মিনিট সূৰ্যৰ তাপ ল’ব লাগে, কিয় জানেনে ?

What are the benefits of sitting in the sun for 10 minutes?
শীতকালত ৰ’দত কেৱল 10 মিনিট বহিলে পাব এই উপকাৰিতা
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 4:25 PM IST

শীতকাল অহাৰ লগে লগে মানুহে ৰ’দত বহি ভাল পায়, কিন্তু কিছুমান এনে বহুলোক আছে যিয়ে একেবাৰে ৰ’দত বহি ভাল নাপায়, কিন্তু আমি আপোনালোকক জনাই দিও যে যদি আপুনি ১০ মিনিট হ’লেও ৰ’দৰ তাপ লয় তেন্তে আপুনি ভিটামিন ডিৰ অভাৱ দূৰ কৰিব পাৰিব, জানো আহক ইয়াৰ উপকাৰিতা-

  • ভিটামিন ডিৰ অভাৱ দূৰ হয়

শীতকালৰ তীব্ৰ ঠাণ্ডাত সূৰ্যৰ তাপৰ অতি প্ৰয়োজন হয় ৷ ঠাণ্ডাৰ বাবে বহুতে কম্বলৰ পৰাও ওলাই নাহে আৰু সূৰ্যৰ তাপ নোলোৱাৰ বাবে ভিটামিন ডিৰ অভাৱ হয় ৷

  • হতাশা দূৰ হয়

১০ মিনিটৰ বাবেও ৰ'দত বহিলে হতাশা দূৰ হয় ৷ শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লেও ৰ’দত বহিব লাগে ৷ সূৰ্যৰ তাপ এই ক্ষেত্ৰত অতি উপকাৰী, গতিকে ইয়াক গ্ৰহণ কৰিব লাগে ৷

  • মেজাজ ভালে থাকে

ৰ’দত বহিলে খুব সুখী অনুভৱ হয় আৰু ইয়াৰ ফলত শৰীৰৰ পৰা ভাগৰুৱা ভাবো দূৰ হয় ৷ যদি টোপনিৰ সমস্যাৰ আছে আৰু ইয়াক লৈ আপুনি চিন্তিত তেন্তে আপুনি ৰ’দত বহিব লাগে আৰু যেতিয়া আপুনি শুবলৈ যাব তেতিয়া আপুনি বহুত ভাল টোপনি গ্ৰহণ কৰিব পাৰিব ৷

  • ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে উপকাৰী

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো ই অতি উপকাৰী, সেয়েহে দৈনিক সূৰ্যৰ তাপ ল’ব লাগে, ই আপোনাক কেন্সাৰৰ পৰা নিজকে ৰক্ষা কৰাত সহায় কৰিব পাৰে আৰু লগতে আন বহু ৰোগৰ পৰাও সকাহ দিব পাৰে ৷

  • ছালৰ বাবে উপকাৰী

শীতকালত সূৰ্যৰ তাপ ল’লে মুখখনো উজ্বল হয় । সূৰ্যৰ তাপত এন্টিবেক্টেৰিয়েল গুণ থাকে যিয়ে ব্ৰণ দূৰ কৰাত সহায় কৰে ।

  • ওজন হ্ৰাস কৰাত সহায় কৰে

সূৰ্যৰ তাপ হৈছে ওজন নিয়ন্ত্ৰণত ৰখাৰ এক স্বাভাৱিক উপায় । ব্যায়ামৰ লগতে সূৰ্যৰ তাপ গ্ৰহণ কৰিলে শৰীৰৰ ওজন কমোৱাত সহায় হয় কাৰণ ই আমাৰ কেলৰি বাৰ্নিং কৰাতো সহায় কৰে ।

  • সূৰ্যৰ তাপ কিমান বজাত ল’ব লাগে ?

যদি আপুনি সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি লাভ কৰিব বিচাৰে তেন্তে পুৱা ৮ বজাৰ আগতে সূৰ্যৰ তাপ লোৱাটো উচিত বুলি গণ্য কৰা হয় । আনকি এই সময়ত মাত্ৰ ১০ মিনিটৰ বাবে সূৰ্যৰ তাপ গ্ৰহণ কৰিলেও আপোনাৰ বাবে যথেষ্ট হ’ব ।

লগতে পঢ়ক: কোষ্ঠকাঠিন্যকে ধৰি বহু ৰোগ নিৰাময়ত ফলপ্ৰসূ আমলখি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.