ETV Bharat / sukhibhava

Blood Donate: ৰক্তদানে হ্ৰাস কৰে কৰ্কট ৰোগৰ আশংকা

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:52 PM IST

ৰক্তদানে কেৱল আপোনাৰ শৰীৰৰ ওপৰতেই নহয়, মগজুৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায় ৷ কিন্তু বহুলোকেই ৰক্তদানৰ সঠিক সময় তথা লাভালাভৰ বিষয়ে জ্ঞাত নহয় ৷ সেয়ে আজি সেই বিষয়ে জানো আহক-

Do you know how often you should donate blood?
ৰক্তদানে হ্ৰাস কৰে কৰ্কট ৰোগৰ আশংকা

ৰক্তদান মহান দান ৷ বহুলোকে বিশ্বাস কৰে যে ৰক্তদান কৰিলে শৰীৰত দুৰ্বলতা হয় ৷ কিন্তু এই ধাৰণা একেবাৰেই ভুল ৷ বৰঞ্চ ৰক্তদান কৰাটো শৰীৰৰ বাবে খুবেই উপকাৰী ৷ ৰক্তদান কৰি আপুনি এজন লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে আপোনাৰ স্বাস্থ্যৰ বাবেও বহুখিনি উপকাৰ সাধন কৰিব পাৰে ৷ ৰক্তদানে কেৱল আপোনাৰ শৰীৰৰ ওপৰতেই নহয়, মগজুৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায় ৷ সেয়েহে, মানুহক এই বিষয়ে সজাগ কৰাটো অতি গুৰুত্বপূৰ্ণ ৷ ৰক্তদান কৰিলে শৰীৰৰ কি লাভ হয়, আজি সেই বিষয়ে জানো আহক-

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে

যিসকল লোকে আনৰ জীৱন ৰক্ষা কৰিবলৈ ৰক্তদান কৰে তেওঁলোকৰ হৃদৰোগ আৰু ষ্ট্ৰ’ক হোৱাৰ আশংকা কম ৷ ইয়াৰ কাৰণ হৈছে যেতিয়া তেজত আইৰণৰ পৰিমাণ অধিক হয়, ই হৃদযন্ত্ৰক প্ৰভাৱিত কৰে ৷ কিন্তু যদি আপুনি ৰক্তদান কৰে, তেন্তে আপোনাৰ শৰীৰত আইৰণৰ পৰিমাণ সন্তুলিত হৈ থাকে ৷

কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস

ৰক্তদানে শৰীৰত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰে ৷ কিয়নো ৰক্তদানে শৰীৰত আইৰণৰ ভাৰসাম্য বজায় ৰাখে ৷

মেদবহুলতা হ্ৰাসৰ কাৰক

ৰক্তদান কৰিলে শৰীৰত অতিৰিক্ত কেলৰি দ্ৰুততাৰে হ্ৰাস হয় ৷ ইয়াৰ লগতে কেইমাহমানৰ ভিতৰতে লোহিত ৰক্ত কণিকাৰ স্তৰ সমান পৰিমাণত আহে ৷ একে সময়তে, যদি আপুনি স্বাস্থ্যকৰ আহাৰ আৰু ব্যায়াম কৰি আছে, তেনেহ'লে আপোনাৰ মেদবহুলতাও দ্ৰুতগতিত হ্ৰাস পাব ৷

লোহিত কোষৰ উৎপাদন বৃদ্ধি হয়

যিসকলে ৰক্তদান কৰে, তেওঁলোকৰ শৰীৰত তেজৰ অভাৱ পূৰণ কৰাৰ প্ৰক্ৰিয়া দ্ৰুত হয় ৷ যাৰ ফলত শৰীৰত লোহিত ৰক্ত কণিকা বৃদ্ধি হয় ৷ ই আপোনাৰ স্বাস্থ্য ভাল ৰখাত যথেষ্ট সহায়ক ৷

সামগ্ৰিক স্বাস্থ্য ৰক্ষা

যদি আপুনি নিয়মীয়াকৈ ৰক্তদান কৰে, তেনেহ'লে আপোনাৰ স্বাস্থ্য নিশ্চিতভাৱে আন দহজনতকৈ ভাল হ’ব ৷ ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে ৷

কিমান দিনত আপুনি ৰক্তদান কৰা উচিত ?

চিকিৎসকৰ মতে, এজন ব্যক্তিৰ শৰীৰত ৯০ ৰ পৰা ১২০ দিনৰ ভিতৰত লোহিত ৰক্ত কণিকাবোৰ স্বয়ংক্ৰিয়ভাৱে মৰি যায় আৰু নতুন কোষ গঠন হয় ৷ সেইবাবে এজন স্বাস্থ্যৱান ব্যক্তিয়ে প্ৰতি ৩ মাহত ৰক্তদান কৰিব পাৰে ৷

লগতে পঢ়ক: Krishna Janmashtami 2023: সমগ্ৰ দেশতে বিখ্যাত শ্ৰীকৃষ্ণৰ এইসমূহ মন্দিৰ; এবাৰ হ’লেও নিশ্চয় ভ্ৰমণ কৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.