গুৱাহাটী, 3 জানুৱাৰী: ইংৰাজী নৱবর্ষৰ প্ৰথমটো মাহত ভাল ফলাফল লাভ কৰিব চাৰিটা ৰাশিৰ জাতক-জাতিকাসকলে ৷ সেই ৰাশি কেইটা হৈছে- বৃষ ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, আৰু বৃশ্চিক ৰাশি ৷ আনহাতে বাধা লাভ কৰিবলগীয়া ৰাশি তিনিটা হৈছে-মিথুন, মকৰ আৰু কুম্ভ ৰাশি ৷
বৃষ ৰাশি:- নৱবর্ষৰ প্ৰথম মাহটো বৃষ ৰাশিৰ জাতক- জাতিকাৰ বাবে শুভ হ'ব বুলি কোৱা হৈছে ৷ চলিত মাহত বৃষ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মস্থানত শুভ ফল লাভ কৰিব ৷ বিত্তীয় ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷
সিংহ ৰাশি:- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে মাহটো শুভ হ'ব ৷ সিংহ ৰাশিৰ লোক সকলৰ ক্ষেত্ৰত চলিত মাহত শিক্ষাৰ ক্ষেত্ৰত ভালফল লাভ কৰিব ৷
তুলা ৰাশি:- তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবেও এই মাহটো খুবেই ভাল ৷ শিক্ষাৰ্থীসকলে এই মাহত ভাল ফলাফল লাভ কৰিব ৷
বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ'ব পাৰে ৷ লগতেই বিত্তীয় ক্ষেত্ৰতো ভাল ফল লাভ কৰিব ৷
আনহাতে, মিথুন, মকৰ আৰু কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে এই মাহত অশুভ ফলাফল লাভ বা কিছু বাধাৰ সন্মুখীন হ'ব পাৰে ৷ মিথুন ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মস্থানত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব ৷ বিনিয়োগ কৰাৰ ক্ষেত্ৰত সাৱধানে কৰিব লাগিব ৷ কৰ্মস্থানত সম্পৰ্কবোৰ ভালে ৰখাৰ চেষ্টা কৰিব লাগিব ৷
লগতে মকৰ আৰু কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ স্বাস্থ্যৰ যতন ল'ব লাগিব ৷ ঘৰুৱা ক্ষেত্ৰত সম্পৰ্কবোৰ ভালে ৰখাৰ চেষ্টা কৰিব লাগিব ৷ বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলৰ বিনিয়োগ অতি সাৱধানে কৰিব লাগিব ৷
লগতে পঢ়ক: জানক ৰাশি তথা জন্ম তাৰিখ অনুসৰি কেনে যাব আপোনাৰ ২০২৪ বৰ্ষটো