ETV Bharat / sukhibhava

High Cholesterol and heart attack: কলেষ্টেৰল বেছি হ’লে দেখা দিয়া এই লক্ষণসমূহ হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ - হাৰ্ট এটেকৰ আশংকা

বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হ’লে হাৰ্ট এটেক হয় । ভুল খাদ্যাভ্যাস আৰু বহি থকা জীৱনশৈলীৰ বাবে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় । আজিকালি এই সমস্যা কম বয়সতো ঘটি আছে ।

These symptoms indicate a heart attack when cholesterol is high
কলেষ্টেৰল বেছি হ’লে দেখা দিয়া এই লক্ষণসমূহ হ’ব পাৰে হাৰ্ট এটেকৰ কাৰণ
author img

By

Published : Aug 5, 2023, 1:58 PM IST

উচ্চ বেয়া কলেষ্টেৰল এনেকুৱা এটা সমস্যা যিটো বিগত কেইবছৰমানৰ পৰা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে । শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ বাবে বহু ধৰণৰ ৰোগ হ’ব পাৰে যদিও আটাইতকৈ ডাঙৰ আশংকা হ’ল হাৰ্ট এটেক । কলেষ্টেৰল বৃদ্ধিৰ ফলত বহু ৰোগীৰ হাৰ্ট এটেকৰ আশংকা বৃদ্ধি পায় । চিকিৎসকে কয় যে, অস্বাস্থ্যকৰ খাদ্যৰ বাবে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় । যেতিয়াই কলেষ্টেৰল বাঢ়ে তেতিয়াই শৰীৰৰ লিপিডৰ তৰপটোও বাঢ়িবলৈ আৰম্ভ কৰে যাৰ ফলত হাৰ্ট এটেকে দেখা দিয়ে । এনে পৰিস্থিতিত এইটো জনাটো অতি প্ৰয়োজনীয় যে যদি কলেষ্টেৰল বেছি হয় তেন্তে শৰীৰত হাৰ্ট এটেকৰ লক্ষণ কি কি ।

যদি উচ্চ কলেষ্টেৰল দীৰ্ঘদিন ধৰি থাকে, তেন্তে ইয়াৰ লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে, যিয়ে হাৰ্ট এটেকৰ ইংগিত দিয়ে । এনে পৰিস্থিতিত এই লক্ষণসমূহ সময়মতে চিনাক্তকৰণ কৰাটো খুবেই প্ৰয়োজনীয় ।

হাৰ্ট এটেকৰ লক্ষণ কি কি ?

  • হৃদস্পন্দন হঠাতে বৃদ্ধি পায়
  • ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰা
  • উশাহ বন্ধ হোৱা
  • বমি হোৱা
  • বুকুত হঠাৎ অতিপাত বিষ তাৰ পিছত বাওঁহাতলৈ যায়
  • ঘাম ওলোৱা
  • শ্বাস-প্ৰশ্বাসজনিত অসুবিধা

কলেষ্টেৰল বেছি হৈছে নে নাই কেনেকৈ জানিব

চিকিৎসকৰ মতে, শৰীৰে আৰম্ভণিতে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ লক্ষণ দিবলৈ আৰম্ভ কৰে । যদি ভৰিৰ অনবৰতে বিষ থাকে, ছালৰ ৰং সলনি হয় বা ওজন বাঢ়িছে তেন্তে এইবোৰ উচ্চ কলেষ্টেৰলৰ লক্ষণ । কিছুমান লোকৰ চকু আৰু জিভাতো লক্ষণ দেখা পোৱা যায় । এইবোৰত দৃষ্টিশক্তি ম্লান হোৱাৰ সমস্যা হ’ব পাৰে ।

বেয়া কলেষ্টেৰল অৰ্থাৎ এল ডি এল নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাবে সুস্থ জীৱনশৈলী পালন কৰিব লাগে । খাদ্যৰ যত্ন লোৱাটোও জৰুৰী । খাদ্যত অত্যধিক চৰ্বি গ্ৰহণ কৰিব নালাগে । ভজা বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু দৈনিক ব্যায়াম কৰিব লাগে ।

হাৰ্ট এটেকৰ আশংকা

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাটো প্ৰয়োজনীয় । যদি বৃদ্ধি পায় তেন্তে ই হাৰ্ট এটেকক আমন্ত্ৰণ জনাব পাৰে । বহু ক্ষেত্ৰত কলেষ্টেৰল হাৰ্ট এটেকৰ কাৰণ । এনে পৰিস্থিতিত ইয়াৰ পৰীক্ষা নিয়মীয়াকৈ কৰিব লাগে । লিপিড প্ৰফাইল পৰীক্ষাৰ জৰিয়তে ইয়াক চিনাক্ত কৰিব পাৰি । ২০ বছৰৰ ওপৰৰ প্ৰতিজন ব্যক্তিয়ে তিনিমাহত এবাৰ এই পৰীক্ষা কৰাব লাগে তেতিয়াহে আপুনি হাৰ্ট এটেকৰ আশংকা দূৰ কৰিব পাৰিব ।

লগতে পঢ়ক: Sattu Drink: গ্ৰীষ্মকালত সুস্থ হৈ থাকিবলৈ পান কৰক চাতুৰ পানী, লাভ কৰিব এইসমূহ স্বাস্থ্য উপকাৰিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.