আমাৰ সকলোৰে পাকঘৰত মছলা থাকে ৷ আমাৰ ধাৰণা এয়ে যে মছলা স্বাস্থ্যৰ বাবে খুবেই হানিকাৰক ৷ কিন্তু প্ৰকৃততে সকলো মছলা স্বাস্থ্যৰ বাবে হানিকাৰক নহয় ৷ কিছুমান এনে মছলাও আছে, যিবোৰ স্বাস্থ্যৰ বাবে খুবেই লাভজনক ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে তেজপাত ৷ তেজপাত বহু ঔষধি গুণ সমৃদ্ধ ৷ ইয়াত কেলচিয়াম, পটাছিয়াম, তাম, জিংক, আইৰণ, মেগনেছিয়ামৰ দৰে পুষ্টি থাকে, যি চাপ হ্ৰাস কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ সংক্ৰমণৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে ৷ আজি তেজপাতৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক-
শ্বাস-প্ৰশ্বাসৰ ৰোগ প্ৰতিৰোধ
তেজপাতে কাহ, চৰ্দি আৰু ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসৰ সমস্যা প্ৰতিহত কৰে ৷ ইয়াত বহুতো যৌগ থাকে, যি শ্বাস-প্ৰশ্বাসৰ ৰোগৰ পৰা আমাৰ শৰীৰটোক সুৰক্ষা দিয়ে ৷
হজমশক্তি উন্নত কৰে
তেজপাতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে ৷ ই বৃক্ক স্বাস্থ্যৱান কৰি ৰাখে ৷ তদুপৰি, ইয়াত পোৱা জৈৱিক যৌগবোৰে পেটৰ বিকাৰ, ইৰিটেবল বাৱেল চিণ্ড্ৰোম হ্ৰাস কৰাতো যথেষ্ট সহায় কৰে ৷ আপোনাৰ খাদ্যত তেজপাত অন্তৰ্ভূক্ত কৰি আপুনি হজম শক্তি উন্নত কৰিব পাৰে ৷
চাপৰ পৰা সকাহ
তেজপাতত লিজিল নামৰ এবিধ উপাদান থাকে ৷ এই উপাদানে উদ্বেগ আৰু চাপ আঁতৰ কৰাত সহায় কৰে ৷ ইয়াত পোৱা গুণাগুণবোৰে হতাশাৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে ৷
ডায়েবেটিছ নিয়ন্ত্ৰণ
ডায়েবেটিছ ৰোগীসকলৰ বাবে তেজপাত অতি উপকাৰী বুলি গণ্য কৰা হয় ৷ ই শৰীৰত ডায়েবেটিছৰ স্তৰ হ্ৰাস কৰে ৷ টাইপ-২ ডায়বেটিছৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেজপাত অতি উপকাৰী ৷ তদুপৰি, বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰাটো ই যথেষ্ট সহায়ক ৷
শৰীৰ ফুলা সমস্যা
তেজপাতে শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাতো সহায় কৰে ৷ ই আৰ্থ্ৰাইটিছ আৰু অন্যান্য প্ৰদাহজনিত ৰোগৰ বাবেও উপকাৰী ৷
সংক্ৰমণ প্ৰতিৰোধ
তেজপাতত ভিটামিন-চি পোৱা যায়, যি সংক্ৰমণ আৰু শৰীৰৰ জ্বলা-পোৰা সমস্যাৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে ৷
চুলিৰ বাবে উপকাৰী
চুলিৰ বিকাশতো তেজপাত খুবেই উপকাৰী ৷ ই চুলি সৰাৰ সমস্যা দূৰ কৰাৰ লগতে ইয়াত পোৱা গুণাগুণবোৰে উফিৰ পৰা পৰিত্ৰাণ পোৱাতো সহায় কৰে ৷
লগতে পঢ়ক: Cervical Cancer: ভাৰতত প্ৰতি বছৰে ৭৭ হাজাৰ মহিলাৰ মৃত্যু হয় ছাৰ্ভাইকেল কেন্সাৰত