ETV Bharat / sukhibhava

কিছুমান লোকৰ self control কিয় বেছি হয় - আত্ম চিন্তা আৰু আত্মসংযম

কোনটো পৰ্যায়লৈ মানুহে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে । বিভিন্ন বেয়া অভ্যাসৰ পৰা মুক্তি পাবলৈ আমি আমাৰ ইচ্ছাশক্তি কিমান শক্তিশালী কৰিব পাৰো ৷ এই প্ৰতিবেদনত প্ৰকৃততে সেই বিষয়ে ব্যাখ্যা কৰা হৈছে(The significance of willpower to self control) । পঢ়ক সবিশেষ

study-reveals-new-insights-on-the-significance-of-willpower-to-self-control
কিছুমান লোকৰ self control কিয় বেছি হয় পঢ়ক সবিশেষ
author img

By

Published : Aug 16, 2022, 10:32 AM IST

আত্ম-চিন্তা আৰু আত্মসংযম এজন ব্যক্তিৰ বাবে এক কঠিন কাম । অধিকাংশ লোকেই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ বহুত কষ্ট কৰে । এই অধ্যয়নত আত্মনিয়ন্ত্ৰণৰ বাবে ইচ্ছাশক্তিৰ গুৰুত্ব সম্পৰ্কে নতুন অন্তৰ্দৃষ্টি প্ৰকাশ পাইছে(The significance of willpower to self control) ।

গৱেষকসকলে দীৰ্ঘদিন ধৰি চিন্তা-চৰ্চা কৰি আহিছে যে, প্ৰলোভনক প্ৰতিহত কৰিবলৈ মানুহে কি কি দিশত গুৰুত্ব দিয়ে ৷ যেনে চিপচ খোৱা বা শোৱাৰ পূৰ্বে ফেচবুক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেনেকৈ মানুহে নিজকে নিয়ন্ত্ৰণ কৰে এই বিষয়ে গৱেষকসকলে অধ্যয়ন কৰে । গ্ৰীক পৌৰাণিক কাহিনীত অডিচিয়াছ আৰু চাইৰেনৰ কাহিনীয়ে আত্মসংযমৰ এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে ।

আমেৰিকাৰ ৰাটগাৰ্ছ বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ PhD ছাত্ৰ(Rutgers Department of Philosophy) জৰ্ডান ব্ৰীজেছে এখন আলোচনীত লিখে - “আত্মসংযমৰ অধ্যয়নৰ বাবে এই পাৰ্থক্য কিয় গুৰুত্বপূৰ্ণ, আৰু এই ক্ষেত্ৰত কেৱল মানুহেহে ইচ্ছাশক্তি দেখুৱাব পাৰে ।”

আমাৰ মাজত বহু লোক আছে যিয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পাৰে । ইয়াৰ কাৰণ কোনেও হয়তো নাজানে, টোপনিৰ পূৰ্বে ফেচবুক ব্যৱহাৰ কৰাৰ দৰে বহুতো বেয়া অভ্যাসৰ পৰা কেনেকৈ বিৰত থাকিব পাৰে । মনোবিজ্ঞানী আৰু আচৰণৰ অৰ্থনীতিবিদসকলে(Psychologists and Behavioural Economists) জানিব পাৰিছে যে, মানুহৰ শৰীৰে ইচ্ছাশক্তিৰ ক্ষেত্ৰত প্ৰলোভনক প্ৰতিহত কৰাৰ ক্ষমতা আছে ।

ব্ৰীজছে কয়, "ইয়াৰে এটা হৈছে ডাইক্ৰনিক ৰেগুলেচন (Diachronic Regulation), যিটো হৈছে যিকোনো পৰিস্থিতিৰ পৰা ওলাই আহি প্ৰলোভনক নিয়ন্ত্ৰণত ৰখাৰ প্ৰক্ৰিয়া । দ্বিতীয় পদ্ধতি, চিনক্ৰনিক ৰেগুলেচন (Synchronic Regulation), ই আমাৰ আত্মসংযমক আৰু অধিক বৃদ্ধি কৰাত সহায় কৰে ৷"

মনোবিজ্ঞানী আৰু অৰ্থনীতিবিদসকলে আৰু যুক্তি দিছে যে, যিহেতু ইচ্ছাশক্তিৰ ব্যৱহাৰ কৰাটো কঠিন, সেয়েহে সমকালীন নিয়ন্ত্ৰণতকৈ ডাইক্ৰনিক নিয়ন্ত্ৰণ অধিক ফলপ্ৰসূ । প্ৰলোভনৰ পৰা হাত সাৰিবলৈ ইচ্ছাশক্তিৰ প্ৰয়োজন হয় বুলিও ব্ৰীজেছে উল্লেখ কৰে ।

ব্ৰীজছে কয়, "মানুহে প্ৰায়ে ধৰি লয় যে, আত্মনিয়ন্ত্ৰণে ডাইক্ৰনিক কৌশলেই কাম কৰে, যেতিয়া প্ৰকৃততে সমকালীন নিয়মে আত্মসংযমৰ কৌশল বৃদ্ধি কৰে । আত্মনিয়ন্ত্ৰণৰ ইচ্ছাশক্তি বৃদ্ধি কৰিলে মানুহক বেয়া অভ্যাস ভংগ কৰাত সহায় কৰিব পাৰি ।"

লগতে পঢ়ক : Feel less in control initially after breakups: বিচ্ছেদে প্ৰথমাৱস্থাত অনুভৱৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.