ETV Bharat / sukhibhava

Coconut water benefits: গৰম দিনত নাৰিকল পানীৰ এইসমূহ আচৰিত উপকাৰিকতাৰ বিষয়ে জানি লওক - নাৰিকল পানী

প্ৰত্যেক বছৰে গ্রীষ্মকাল আৰম্ভ হোৱা লগে লগে দেশবাসীক জুৰুলা কৰে গৰমে ৷ সেয়েহে, গৰমৰ সৈতে যুঁজিবলৈ সেৱন কৰক নাৰিকলৰ পানী ৷ ইয়াৰ পূৰ্বে জানি লওক নাৰিকল পানীৰ উপকাৰিতা (Coconut water benefits) ৷

Stay hydrated with tender coconut water
নাৰিকল পানীৰ উপকাৰিতা
author img

By

Published : Apr 2, 2023, 2:24 PM IST

গ্রীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে ভাৰতবাসীক প্ৰচণ্ড গৰমে দহিবলৈ আৰম্ভ কৰে ৷ লাহে লাহে বৃদ্ধি পাবলৈ ধৰে গৰমৰ তাপমাত্ৰা ৷ যাৰ ফলত বহু লোকৰ স্বাস্থ্যৰ প্ৰতিও কঢ়িয়াই আনে ভাবুকি ৷ কেৱল ইমানেই নহয়, বহু সময়ত অত্যাধিক গৰমৰ ফলত মৃত্যুক সাবটি ল’বলগীয়াও হয় বহু লোকে ৷

সেয়াহে, এনে ভয়াৱহ বতৰৰ পৰিস্থিতিৰ বিষয়ে জনসাধাৰণক অৱগত কৰি উপযুক্ত ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিবলৈ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গৰমৰ বাবে জাৰি কৰিছে সতৰ্কবাণী । তাপ তৰংগক এনে এটা সময় বুলি সংজ্ঞায়িত কৰা হয় যেতিয়া সৰ্বোচ্চ উষ্ণতা ৪০ ডিগ্ৰী চেলছিয়াছৰ পৰা ৪৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে, কিছুমান স্থানত ইয়াৰ উষ্ণতা আৰু অধিক হয়।

গৰমৰ বতৰত পানী পিয়াহ আৰু গৰমৰ ক্লান্তি ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈয়ে প্ৰয়োজনীয় । দিনটোৰ আটাইতকৈ গৰম সময়ত ঢিলা কাপোৰ পৰিধান কৰা আৰু হাইড্ৰেটেড হৈ থাকিবলৈ প্ৰচুৰ পৰিমাণে পানী, নাৰিকলৰ পানী আৰু অন্যান্য তৰল পদাৰ্থ সেৱন কৰিব লাগে (Stay hydrated with tender coconut water) ।

এগ্ৰিটেক ষ্টাৰ্ট-আপ অটিপিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া বৰুণ খুৰাণাই গৰম দিনত নিজকে হাইড্ৰেটেড আৰু শীতল কৰি ৰাখিবলৈ নাৰিকল পানীৰ কিছুমান উপকাৰিতাৰ বিষয়ে শ্বেয়াৰ কৰিছে (Coconut water benefits) ৷ জানো আহক নাৰিকল পানীৰ উপকাৰিতাৰ বিষয়ে . . .

ইলেক্ট্ৰলাইট: নাৰিকলৰ পানীত পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম আদি ইলেক্ট্ৰলাইটৰ এক উৎকৃষ্ট উৎস আছে । এই খনিজ পদাৰ্থবোৰে শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে, যিটো হাইড্ৰেচনৰ বাবে অতিকৈ প্ৰয়োজনীয় (Benefits of coconut water)।

হাইড্ৰেচন: নাৰিকলৰ পানীত হাইড্ৰেচনৰ প্ৰাকৃতিক উৎস আৰু ই ঘামৰ ফলত হেৰুৱা তৰল পদাৰ্থ পুনৰ ঘূৰাই অনাত সহায় কৰে । চেনিযুক্ত বা উচ্চ কেলৰিযুক্ত পানীয়ৰ সলনি ই এক উৎকৃষ্ট বিকল্প, যিয়ে পানীৰ পিয়াহ কম কৰাত অৰিহণা যোগাব পাৰে (Health Benefits of Coconut Water)।

শীতল গুণ: নাৰিকল পানীত প্ৰাকৃতিক শীতল গুণ আছে, যিয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে আৰু তাপৰ চাপ কম কৰিব পাৰে ।

পুষ্টিকৰ উপাদান: নাৰিকলৰ পানীত কেলচিয়াম, আইৰণ, ভিটামিন চি আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে । গৰম দিনত এজন ব্যক্তিৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব পাৰে, কিয়নো গৰমৰ মানসিক চাপৰ বাবে শৰীৰত অসুস্থতা আৰু সংক্ৰমণৰ সম্ভাৱনা বেছি হ’ব পাৰে ।

কম কেলৰিযুক্ত: নাৰিকল পানী কম কেলৰিযুক্ত পানীয়, যাৰ বাবে ই চেনিযুক্ত বা উচ্চ কেলৰিযুক্ত পানীয়ৰ এক উৎকৃষ্ট বিকল্প ৷

সামগ্ৰিকভাৱে নাৰিকলৰ পানী অন্যান্য পানীয়ৰ সুখদায়ক আৰু পুষ্টিকৰ বিকল্প ৷ নাৰিকলৰ পানীয়ে সাধাৰণ স্বাস্থ্য আৰু সুস্থতাৰ বাবে যথেষ্ট উপকাৰী ৷ গতিকে, নাৰিকলৰ শীতল সোৱাদ উপভোগ কৰি পৰাস্ত কৰক গ্ৰীষ্মৰ গৰম ! (IANS)

লগতে পঢ়ক: Bitter gourd benefits: সোৱাদত তিতা হ'লেও আপোনাৰ স্বাস্থ্যৰ বাবে বৰদান কেৰেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.