ETV Bharat / sukhibhava

কথাতেই কয় নহয় পুৱা খাবা ৰজাৰ দৰে

author img

By

Published : Aug 24, 2022, 3:55 PM IST

Updated : Aug 24, 2022, 4:16 PM IST

আপুনি জানেনে ব্ৰেকফাষ্ট এৰি দিয়াৰ ফলত মনোসামাজিক স্বাস্থ্যজনিত সমস্যা সৃষ্টি হোৱাৰ আশংকা অধিক হয় । পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে শিশু আৰু কিশোৰ-কিশোৰীৰ মনোসামাজিক আচৰণৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক । এই সন্দৰ্ভত গৱেষণাই কি কয় পঢ়ক সবিশেষ ৷

Skipping breakfast may lead to Psychosocial Health Problems in Children, says research
কথাতেই কয় নহয় পুৱা খাবা ৰজাৰ দৰে কাৰণ এইবোৰেই

আপুনি জানেনে ব্ৰেকফাষ্ট এৰি দিয়াৰ ফলত মনোসামাজিক (Psychosocial) স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে । পুৱাৰ আহাৰ গ্ৰহণ নকৰিলে শিশু আৰু কিশোৰ-কিশোৰীৰ মনোসামাজিক আচৰণৰ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক হয় । শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে ঘৰতে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট গ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্য ভালে থাকে(Skipping breakfast may lead to Psychosocial Health Problems) ।

শিশুৱে ব্ৰেকফাষ্ট কৰে নে নাই, ক'ত আৰু কি কৰে সেই সম্পৰ্কে এক সমীক্ষা চলোৱা হৈছিল । এই তথ্যসমূহ অভিভাৱক আৰু তেওঁলোকৰ সন্তানৰ বাবে উপযোগী ৷ গৱেষকসকলে ব্ৰেকফাষ্ট গ্ৰহণ কৰিলে কেনেধৰণৰ লাভ হয় সেই বিষয়ে কি কয় জানি লওক(Psychosocial health problems) ৷

Frontiers in Nutrition নামৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নৰ ফলাফলত দেখা গৈছে যে, কেৱল ব্ৰেকফাষ্টেই নহয়, বৰঞ্চ গুৰুত্বপূৰ্ণ কথাটো এয়া যে কেতিয়া পুৱাৰ আহাৰ খোৱাটো উচিত । ঘৰৰ পৰা আঁতৰত ব্ৰেকফাষ্ট এৰি দিয়া বা ব্ৰেকফাষ্ট খোৱাৰ ফলত শিশু আৰু কিশোৰ-কিশোৰীৰ মনোসামাজিক আৰু আচৰণগত সমস্যাৰ সম্ভাৱনা বৃদ্ধি পায় । একেদৰে কিছুমান বিশেষ খাদ্য/পানীয় গ্ৰহণ কৰা যেনে অধিক মাংস খোৱা বা কম গাখীৰ, শস্যজাতীয় খাদ্য খোৱাৰ মানসিকভাৱে বিৰূপ প্ৰভাৱ পেলায় ।

ব্ৰেকফাষ্টৰ গুৰুত্বপূৰ্ণ(Breakfast matters): এই অধ্যয়নত লোপেজ-গিল আৰু তেওঁৰ সহযোগীসকলে ২০১৭ চনৰ স্পেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য জৰীপৰ তথ্য বিশ্লেষণ কৰিছিল । এই সমীক্ষাত আত্মসন্মান, মেজাজ আৰু উদ্বেগ আদি দিশকে ধৰি ব্ৰেকফাষ্টৰ অভ্যাস আৰু শিশুৰ মানসিক স্বাস্থ্য দুয়োটাৰে বিষয়ে প্ৰশ্নাৱলী অন্তৰ্ভুক্ত কৰা হৈছিল । প্ৰশ্নাৱলীসমূহ শিশুসকলৰ অভিভাৱক বা অভিভাৱকে সম্পূৰ্ণ কৰিছিল আৰু ফলাফলত চাৰিৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰৰ মুঠ ৩,৭৭২ জন স্পেনিছ বাসিন্দা অন্তৰ্ভুক্ত কৰা হৈছিল ।

আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফলসমূহৰ ভিতৰত Lopez-Gill আৰু দলটোৱে দেখিলে যে বাহিৰত ব্ৰেকফাষ্ট খোৱাটো প্ৰায়ে ক্ষতিকাৰক হয় । কাৰণ ঘৰৰ পৰা আঁতৰত থকা খাদ্য ঘৰত প্ৰস্তুত কৰা খাদ্যতকৈ কম পুষ্টিকৰ(Eating breakfast away from home) । ফলাফলত এইটোও দেখা গ’ল যে, কফি, গাখীৰ, চাহ, চকলেট, ক’ক’, দৈ, ৰুটি, টোষ্ট, শস্যজাতীয় খাদ্য, পেষ্ট্ৰি আদি সকলোবোৰ আচৰণৰ সমস্যাৰ সম্ভাৱনা কম হোৱাৰ সৈতে জড়িত । আচৰিত কথাটো হ’ল কণী, পনিৰ আৰু Hamৰ লগত এনে সমস্যাৰ অধিক আশংকা জড়িত আছিল ।

লগতে পঢ়ক : আহক জানো আমাৰ জীৱনত বিশেষ ভূমিকা পালন কৰা ৫ বিধ ড্ৰাগছ বিষয়ে

পুষ্টিৰ বাহিৰত (Beyond nutrition): যদিও এই অধ্যয়ন স্পেইনতে সীমাবদ্ধ, এই তথ্যসমূহ অন্য ঠাইত পোৱা তথ্যৰ সৈতে সামঞ্জস্যপূৰ্ণ । বিদ্যালয়ত পুষ্টিকৰ ব্ৰেকফাষ্টৰ উপলব্ধতাই কিছুমান ক্ষেত্ৰত ফলাফলত প্ৰভাৱ পেলায় । কিন্তু আন আন কাৰক, যেনে ঘৰতে ব্ৰেকফাষ্টত যুৱক-যুৱতীসকলে পাব পৰা সামাজিক আৰু পাৰিবাৰিক সহায় । গৱেষকসকলে তেওঁলোকৰ পৰ্যবেক্ষণৰ আঁৰৰ কাৰণ-প্ৰভাৱৰ সম্পৰ্ক বুজিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও তেওঁলোকে তথাপিও এই ফলাফলসমূহৰ উপযোগিতা আগবঢ়াইছে ।

লোপেজ-গিলে কয় যে, ঘৰৰ পৰা আঁতৰত ব্ৰেকফাষ্ট গ্ৰহণ কৰাটো অধিক মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে জড়িত । "আমাৰ গৱেষণাই কেৱল স্বাস্থ্যসন্মত জীৱনশৈলীৰ নিয়মীয়া অংশ হিচাপে ব্ৰেকফাষ্টক প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাক শক্তিশালী কৰাই নহয়, ঘৰতে আমি ব্ৰেকফাষ্ট গ্ৰহণো কৰিব লাগে । লগতে, মানসিক স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ ব্ৰেকফাষ্টত দুগ্ধজাত বা শস্যজাতীয় খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে আৰু ইয়াত চৰ্বি কম থাকিব লাগে/ কলেষ্টেৰল ।" মাংস কমকৈ খোৱা উচিত, কিয়নো ইয়াৰ ফলত যুৱক-যুৱতীসকলৰ মানসিক স্বাস্থ্যৰ সমস্যা বৃদ্ধি কৰে ।"

লগতে পঢ়ক : জানক ছটা ভিন্ন সোৱাদ আৰু ইয়াৰ স্বাস্থ্যকৰ দিশ

Last Updated : Aug 24, 2022, 4:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.