বহুতে গাখীৰৰ সৈতে মলাই বা সৰ খাবলৈ ভাল পায় যদিও ইয়াক ছালৰ যত্নৰ বাবেও ব্যৱহাৰ কৰিব পাৰি ৷ মলাইৰ সহায়ত মুখখন কোমল হৈ পৰে (Moisturize) ৷ ইয়াৰ বাহিৰেও গাখীৰৰ সৰ প্ৰয়োগ কৰিলে মুখৰ পৰা মলি সম্পূৰ্ণৰূপে আঁতৰি যায় আৰু মুখৰ ছালখন জিলিকি উঠে লগতে কোমল হৈ পৰে ৷ যদি কিছুমান বস্তু গাখীৰৰ সৰৰ সৈতে মিহলাই ফেচ পেক প্ৰস্তুত কৰি মুখত ব্যৱহাৰ কৰা হয়, তেন্তে মুখৰ বহু সমস্যাৰ পৰা উপশম পাব পাৰি ৷
গাখীৰৰ সৰৰ পৰা ৩ প্ৰকাৰৰ ফেচপেক প্ৰস্তুত কৰক
১/ গাখীৰৰ সৰ আৰু মৌ (Milk Cream & Honey)
গাখীৰৰ সৰ আৰু মৌৰ সংমিশ্ৰণ মুখৰ ছালৰ বাবে অতি উপকাৰী বুলি বিবেচিত হৈ আহিছে ৷ ইয়াৰ ফলত মুখখন গভীৰভাৱে মইশ্ব’ৰাইজ হ’ব আৰু লগতে ইয়াক আচৰিত ধৰণৰ গ্ল’ দিব ৷ এই ফেচ পেকটো প্ৰস্তুত কৰিবলৈ গাখীৰৰ সৰ আৰু মৌ সমান পৰিমাণে মিহলাই মুখত লগাব লাগে ৷ ২০ মিনিটমান ৰখাৰ পিচত কুহুমীয়া পানীৰে মুখখন ধুব লাগে ৷
২/ গাখীৰৰ মলাই আৰু হালধি (Milk Cream & Turmeric)
গাখীৰৰ সৰৰ লগত হালধি মিহলাই মুখত লগালে শুকান ছালও মাখনৰ দৰে কোমল হৈ পৰিব ৷ ইয়াৰ বাবে এচামুচ মলাইত ২ চিটি হালধি গুড়ি আৰু গোলাপৰ পানীৰ টোপাল মিহলাই পেষ্ট প্ৰস্তুত কৰি লওক ৷ এতিয়া মুখত লগাই ১৫ মিনিটমান ৰাখি শেষত ঠাণ্ডা পানীৰে ধুব ৷
৩/ গাখীৰৰ মলাই & গ্ৰাম আটা (Milk Cream & Gram Flour)
যদি আপুনি মুখত মলাই আৰু গ্ৰাম আটাৰ ফেচ পেক লগায়, তেন্তে আপোনাৰ মুখখন সঠিকভাৱে টোন হৈ এক্সফোলিয়েট হৈ যাব ৷ ইয়াৰ সহায়ত মুখৰ পৰা মৃত ছালৰ কোষবোৰ আঁতৰাই প্ৰাণহীন ছালখনো পুনৰ জীৱন্ত হৈ উঠে ৷ এই ফেচ পেকটো নিয়মিতভাৱে মুখত লগাব লাগে ৷ তাৰ পিচত কিছু সময় শুকুৱাৰ অন্ততত পৰিষ্কাৰ পানীৰে ধুব লাগে ৷
লগতে পঢ়ক: Health Tips: চৰ্দি-কাহৰ সময়ত গৰম পানী খাব লাগেনে ? ইয়াৰ সঠিক উত্তৰ জানি লওক