ETV Bharat / sukhibhava

নৱজাত শিশুক কিমান ঘন্টাৰ টোপনিৰ প্ৰয়োজন জানো আহক

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:12 PM IST

বিশেষজ্ঞসকলে কয় যে, যদি নৱজাত শিশুৱে ২ ঘণ্টাতকৈ অধিক সময় টোপনি লৈছে তেন্তে এনে কৰাটো উচিত নে অনুচিত জানো আহক-

should you wake a sleeping newborn baby?
নৱজাত শিশুক কিমান ঘন্টাৰ টোপনিৰ প্ৰয়োজন জানো আহক

নৱজাত শিশুৰ বিশেষ যত্ন লোৱাটো খুবেই প্ৰয়োজনীয় ৷ কেতিয়া খুৱাব লাগে, কেনেধৰণৰ কাপোৰ পিন্ধাব লাগে, সকলো দিশতেৰ যত্নৰ প্ৰয়োজন হয় ৷ কিন্তু এই সকলোবোৰৰ বাহিৰেও সঠিক টোপনি গ্ৰহণ কৰাটোও অতি গুৰুত্বপূৰ্ণ ৷ বহু অভিভাৱকে নিজৰ সন্তানৰ টোপনিৰ প্ৰতি অতি গুৰুত্ব দিয়া দেখা যায় ৷ তেওঁলোকে এনে এক পৰিবেশ সৃষ্টি কৰে যাতে তেওঁলোকৰ সন্তানৰ টোপনি যাতে বিঘ্নিত নহয় ৷ তেওঁলোকে অনুভৱ কৰে যে শিশুটিক শুই থকাৰ সময়ত জগাই দিব নালাগে ৷

কিন্তু স্বাস্থ্য বিশেষজ্ঞৰ মতে, যদি শিশুটি শুই আছে তেন্তে নিয়মীয়া সময়ত যেনে ৮-৯ বজাত জগাব পাৰি ৷ সৰু ল’ৰা-ছোৱালীৰ শুবলৈ কোনো নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন নাই যদিও তেওঁলোকে সময়তকৈ অধিক টোপনি গ্ৰহণ কৰে তেন্তে শিশুটিক আপুনি জগাব পাৰে৷ ইয়াৰ দ্বাৰা শিশুৰ ক্ৰিয়া-কলাপ বুজি পোৱাত সহায় হয় আৰু তাৰ মগজুৰ সঠিক বিকাশ ঘটে ৷

নৱজাত শিশু কেতিয়া টোপনিৰ পৰা উঠাব লাগে ?

নৱজাত শিশুৱে দিন আৰু ৰাতিৰ মাজৰ পাৰ্থক্য বুজি নাপায়৷ এনে পৰিস্থিতিত শিশুটিয়ে দীঘলীয়া সময়ৰ বাবে টোপনি লয় ৷ কিন্তু এই সময়ছোৱাত শিশুটিয়ে বেছি সময় ভোকত থাকিলে মাজে মাজে সাৰ পাই থাকে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সিহঁতৰ টোপনি সম্পূৰ্ণ নহ’ল বুলি ভাবি তেওঁলোকক শুই থাকিবলৈ দিব লাগে ৷

বিশেষজ্ঞসকলে কয় যে, যদি শিশুটি শুই আছে তেন্তে নিয়মীয়া সময়ত যেনে ৮-৯ বজাত শিশুটিক জগাব পাৰি ৷ এই সময়ত পৰিয়ালৰ লোকসকল উঠি যায় আৰু কিছু কোলাহলৰ বাবে শিশুটিয়েও গতিবিধি বুজিবলৈ আৰম্ভ কৰে ৷ যাৰ বাবে শিশুৱে কিছু গতিবিধিৰ লগতো অভ্যস্ত হৈ পৰে ৷ ইয়াৰ লগতে শিশুটিৰ বাবে দৈনন্দিন ৰুটিন এটাও গঢ় লৈ উঠে ৷

২ ঘণ্টাৰ অধিক টোপনি-

সৰু ল’ৰা-ছোৱালীয়ে প্ৰায়ে খোৱা-বোৱা আৰু গা ধোৱাৰ পিছত টোপনি লয়, যিটো ভাল বুলি গণ্য কৰা হয় ৷ খোৱাৰ পিছত তেওঁলোকৰ পেট ভৰি যায় আৰু গা ধোৱাৰ পিছত তেওঁলোকৰ শৰীৰটো শিথিল হৈ পৰে, এনে পৰিস্থিতিত তেওঁলোকে টোপনি ল’বলৈ ভাল পায় ৷

ইফালে, যদি শিশুটিয়ে বেছি সময়লৈকে শুই থাকে তেন্তে পিতৃ-মাতৃয়ে তেওঁক শুবলৈ দিয়ে ৷ তেওঁলোকৰ মতে শিশুটিক কেঁচা টোপনিৰ পৰা জগাব নালাগে ৷ একে সময়তে বিশেষজ্ঞসকলে কয় যে, যদি শিশুটিয়ে ২ ঘন্টাতকৈ অধিক সময় টোপনি লৈছে, তেন্তে তেওঁক চিন্তা নকৰাকৈ জগাব পাৰি৷ ইয়াৰ বাবে শিশুৰ দৈনন্দিন কাম-কাজত কোনো বিঘিনি নাহে আৰু মগজুৰ সঠিক বিকাশ ঘটে ৷

খাদ্য খোৱাৰ পিছত তিনি ঘণ্টালৈ টোপনি ল’লে কি কৰিব ?

যদি আপোনাৰ নৱজাত শিশুৱে গাখীৰ খোৱাৰ পিছত ৩ ঘণ্টা ধৰি অবিৰতভাৱে শুই থাকে, তেন্তে আপুনি তেওঁক জগাব পাৰে ৷ কাৰণ তেওঁৰ টোপনিৰ বাবে তিনি ঘণ্টাই যথেষ্ট আৰু আন চিকিৎসকেও নৱজাতকক দুঘণ্টাৰ পৰা তিনিঘণ্টাৰ মূৰে মূৰে খুৱাব লাগে বুলি পৰামৰ্শ দিয়ে ৷ ইয়াৰ ফলত তেওঁলোকৰ পেট ভৰি থাকে আৰু খেলাৰ সুযোগো পোৱা যায় ৷

লগতে পঢ়ক: শৰীৰত এইসমূহ লক্ষণ দেখা দিলে সাৱধান হওক ! হ’ব পাৰে এয়া হাওঁফাওঁৰ সমস্য়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.