ETV Bharat / sukhibhava

Holi Colour Removal Tips: এই সহজ টিপছৰ সহায়ত কাপোৰৰ পৰা আঁতৰাওক হোলীৰ ৰং

author img

By

Published : Mar 9, 2023, 10:53 AM IST

হোলীত যদি আপোনাৰ ধুনীয়া কাপোৰত ৰং লাগিছে আৰু তাক কেনেকৈ আঁতৰাব লাগে সেই টেনচনত ভুগিছে, তেন্তে তলত দিয়া উপায়সমূহ আপোনাৰ বাবে অতি ফলপ্ৰসূ হ’ব পাৰে । সবিশেষ পঢ়ক...

Get rid of Holi colors on clothes with the help of these simple tips
এই সহজ টিপছৰ সহায়ত কাপোৰৰ পৰা আঁতৰাওক হোলীৰ ৰং

বগা কাপোৰ পিন্ধি হোলী খেলাটো এক বেলেগ ধৰণৰ মজা । কিন্তু বহুবাৰ এই বগা ৰঙৰ কাপোৰ পৰিধান কৰাৰ চখত আমি আমাৰ ভাল টি-চাৰ্ট, ড্ৰেছ বা কুৰ্টি নষ্ট কৰিবলগীয়া হয়(Quick Tips)। যিটো পিছলৈ বহুত আক্ষেপ কৰা হয়(Get rid of Holi colors)। হোলী উপলক্ষে নতুন কাপোৰ পৰিধান কৰাৰো এক নিয়ম আছে । সেয়ে আমি আমাৰ নতুন কাপোৰো নষ্ট কৰিবলগীয়া হয় কিন্তু এতিয়া আৰু চিন্তাৰ কোনো কথা নাই কাৰণ আমি আপোনালোকৰ বাবে কিছুমান এনে সহজ টিপছ লৈ আহিছো যাৰ দ্বাৰা আপুনি আপোনাৰ কাপোৰৰ পৰা সহজে হোলীৰ ৰং আঁতৰাব পাৰিব(Remove Colours From Your Clothes)৷ তলত উল্লেখিত উপায় সমূহ এবাৰ ট্ৰাই কৰি চাওক-

  • নেমুৰ ৰস

নেমুৰ ৰস ব্যৱহাৰ কৰি হোলীৰ সময়ত ব্যৱহাৰ হোৱা কাপোৰৰ সৰু সৰু ৰঙীন দাগ আঁতৰাব পাৰি । ইয়াৰ বাবে নেমুৰ ৰস উলিয়াই কাপোৰত ভালদৰে লগাওক । এই কাপোৰবোৰ কিছু সময়ৰ পিছত গৰম পানীৰে ধুই পেলালে ৰং বহু পৰিমাণে দূৰ হয়(Lemon Juice)। ডাঠ ৰং আঁতৰোৱাত নেমুই কাম নকৰিবও পাৰে, গতিকে ইয়াত সময় নষ্ট নকৰিব ।

  • দৈ

কাপোৰৰ পৰা হোলীৰ ৰং আঁতৰাবলৈ তাৰ ওপৰত ডাঠ দৈ লগাই ১ ঘণ্টামান ৰ’দত ৰাখিব লাগে । তাৰ পিছত চাবোনেৰে ঘঁহি ধুব । এই উপায়ৰ দ্বাৰা আপুনি হয়তো এবাৰতে ইমান প্ৰভাৱ দেখা নাপাব(Curd) । ইয়াৰ বাবে ইয়াক ২ৰ পৰা ৩ বাৰ ব্যৱহাৰ কৰক ।

  • ভিনেগাৰ

কাপোৰৰ পৰা দাগ আঁতৰাবলৈও ভিনেগাৰ এক কঠিন দ্ৰৱ (White Vinegar)। ইয়াৰ বাবে কাপোৰৰ ওপৰত দাগ পৰা ঠাইত অলপ ভিনেগাৰ দি আধা ঘণ্টা পানীত থৈ তাৰ পিছত ধুই দিব । কিন্তু হয়, মনত ৰাখিব যে ভিনেগাৰ ব্যৱহাৰ কৰিলে কেৱল কপাহী কাপোৰতহে কাম হ’ব ।

  • বেকিং চ’ডা

দাগ আঁতৰোৱাৰ বাবে বেকিং চ'ডা অতি ফলপ্ৰসূ প্ৰতিকাৰ(Soda) । মাত্ৰ ইয়াৰ বাবেই এটা বাল্টিত গৰম পানীত বেকিং চ'ডা অলপ দিব । তাৰ পিছত তাত ৰঙীন কাপোৰ দি এঘণ্টা বা ডেৰ ঘণ্টা ৰাখিব । ইয়াৰ পিছত কাপোৰবোৰ পানীৰ পৰা উলিয়াই চাবোনেৰে ঘঁহি পৰিষ্কাৰ কৰিলে ৰং ওলাই আহিব ।

  • এমোনিয়া ভিত্তিক ক্লিনাৰ

ঘৰত গ্লাছ ক্লিনাৰ স্প্ৰে আছে নেকি ? সাধাৰণতে ইহঁত এমোনিয়া ভিত্তিক আৰু ৰঙৰ দাগ পৰিষ্কাৰ কৰাত সহায় কৰে । তাৰ কিছু অংশ দাগটোৰ ওপৰত স্প্ৰে কৰি কেইমিনিটমান ৰাখিব পাৰে(Ammonia Based Cleaner) । টাৱেল বা টিছু পেপাৰ লৈ দাগটো মচি পেলাওক । কাপোৰখন নিয়মিত ধৰণে ধুই ৰ'দত শুকুৱাই দিব ।

লগতে পঢ়ক: Holi Precaution Tips: হোলী খেলাৰ পূৰ্বে কৰিবলৈ নাপাহৰিব এইসমূহ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.