ETV Bharat / sukhibhava

Recipe: এবাৰ হ’লেও খাই চাওক চিৰাৰ পৰা তৈয়াৰী এই খাদ্য; নিমিষতে হ’ব প্ৰস্তুত - চিৰাৰ পৰা তৈয়াৰী ৰেচিপি

প্ৰায় সংখ্যক লোকেই পুৱাৰ আহাৰত চিৰা খাই ভালপায় কাৰণ লঘু হোৱাৰ উপৰিও ই যথেষ্ট স্বাস্থ্যকৰ ৷ কিন্তু আপুনি কেতিয়াবা চিৰাৰ পৰা তৈয়াৰী টিক্কি বা বড় খাই পাইছেনে ? যদি খোৱা নাই তেন্তে এই ৰেচিপিৰ সহায়ত দুৰ্গা পূজাৰ বতৰত ঘৰতে অতি সহজে তৈয়াৰ কৰক চিৰাৰ দ্বাৰা তৈয়াৰী এই সুস্বাদু খাদ্য ৷

Recipe: Make these Easy and healthy recipes from Poha
এবাৰ হ’লেও খাই চাওক চিৰাৰ পৰা তৈয়াৰ এই খাদ্য; নিমিষতে হ’ব তৈয়াৰ
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:55 PM IST

চিৰা প্ৰত্যেকগৰাকী ভাৰতীয় গৃহত আটাইতকৈ বেছি ব্যৱহাৰ কৰা তথা গ্ৰহণ কৰা খাদ্য, যিটো কেৱল লঘু হোৱাই নহয় বৰঞ্চ ই অতি স্বাস্থ্যকৰো । ইয়াক গ্ৰহণ কৰিলে পেটটো বহু সময়লৈকে ভৰি থাকে আৰু গেছ, এচিডিটি, বদহজম আদি সমস্যাবোৰো দূৰ হয় । পুৱা ব্ৰেকফাষ্টৰ উপৰিও সন্ধিয়াৰ স্নেক হিচাপেও এই খাদ্য আপুনি গ্ৰহণ কৰিব পাৰে । সেয়ে ইয়াৰ পৰা তৈয়াৰী এনে দুবিধ সুস্বাদু ৰেচিপিৰ বিষয়ে জানি লওক-

চিৰাৰ বড়

সন্ধিয়াৰ চাহৰ লগত মচমচীয়া কিবা এটা খাবলৈ মন যায়, কিন্তু বিস্কুট বা চিঙৰা খাব মন নগ’লে এই পদ্ধতিৰে চিৰাৰে তৈয়াৰী বড় এবাৰ খাই চাওক-

এনেদৰে কৰক তৈয়াৰ

  • ২ কাপ চিৰা ধুই পানীখিনি সম্পূৰ্ণকৈ চেকি লওক । ১ কাপ মগু দালি গৰম পানীত ৩০ মিনিটমান তিয়াই থওক । ১ চামুচ কটা সেউজীয়া জলকীয়া আৰু অলপ আদা দি পানী নিদিয়াকৈ আটাইখিনি সামগ্ৰীৰ মোটা পেষ্ট তৈয়াৰ কৰি লওক ।
  • এটা বাটিত উলিয়াই ২ চামুচ নেমুৰ ৰস, ১ চামুচ মিহিকৈ কটা ধনীয়া, আধা কাপ কটা কচু আৰু নিমখ দিব । ইয়াক বড়ৰ আকৃতি দিয়ক ।
  • কেৰাহীত তেল গৰম কৰি বড়বোৰ সোণালী হোৱালৈকে ভাজি লওক ।
  • চাহৰ লগত পৰিবেশন কৰক ।

চিৰা কাটলেটছ

চিৰা কাটলেটো এটি সোৱাদযুক্ত খাদ্য যিটো সোনকালে প্ৰস্তুত কৰিব পৰা যায়, যিটো আপুনি চাহৰ সৈতে পৰিবেশন কৰিব পাৰে ।

এইদৰে কৰক তৈয়াৰ

  • ১ কাপ চিৰাৰ পৰা গুড়ি তৈয়াৰ কৰি লওক
  • এটা বাটিত আধা চামুচ নেমুৰ ৰস, ১ কাপ সিজোৱা আৰু গুড়ি কৰা আলু, ১/২ চামুচ সেউজীয়া জলকীয়া, জিৰাৰ গুড়ি, নিমখ আৰু ১/২ কাপ কটা ধনীয়া মিহলাই লওক । এতিয়া সমান আকাৰৰ বল বনাওক ।
  • এটা সুকীয়া বাটিত ১/২ কাপ আটা পানীৰ লগত মিহলাই ডাঠ পেষ্ট বনাওক । প্ৰথমে আটাৰ মিশ্ৰণটোত বলবোৰ ডুবাই লওক, তাৰ পিছত চিৰাৰ গুড়িখিনিত ভালদৰে কোট কৰক । চিৰাৰ পাউদাৰৰ সলনি ব্ৰেড ক্ৰামছো ব্যৱহাৰ কৰিব পাৰে ।
  • সোণালী হোৱালৈকে ডিপ ফ্ৰাই কৰি লওক । প্ৰিয় চাটনিৰ সৈতে গৰমা গৰমে পৰিৱেশন কৰক ।

লগতে পঢ়ক: World Spine Day 2023: সঠিক যত্ন লওক মেৰুদণ্ডৰ; অন্যথা ভৱিষ্যতে হ’ব পাৰে এই সমস্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.