ETV Bharat / sukhibhava

Fenugreek Seeds For Pregnant Women: গৰ্ভধাৰণ কৰা-স্তনপান কৰোৱা মহিলাসকলে কিয় মেথি গুটি খাব লাগে ? - স্তন্যপান কৰোৱা মহিলা

আপুনি জানেনে যে, গৰ্ভৱতী মহিলাৰ বাবে মেথি গুটি অতি লাভদায়ক ৷ সেয়েহে মহিলাসকলে নিজকে ৰোগমুক্ত কৰি ৰাখিবলৈ মেথি গুটি খাব পাৰে ৷ মেথি গুটি খোৱাৰ ফলত মহিলাসকল কিদৰে লাভান্বিত হ’ব, আজি সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

Pregnant and breastfeeding women should start eating fenugreek seeds
গৰ্ভধাৰণ কৰা-স্তনপান কৰোৱা মহিলাসকলে কিয় মেথি গুটি খাব লাগে ?
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:42 PM IST

প্ৰতিজন ব্যক্তিয়েই স্বাস্থ্যৱান হৈ থাকিবলৈ বিচাৰে ৷ সেয়েহে হয়তো তেওঁলোকে তেওঁলোকৰ উপাৰ্জনৰ এক বৃহৎঅংশ চিকিৎসাৰ নামত ব্যয় কৰে ৷ বৰ্তমানৰ পৰিৱৰ্তনশীল জীৱনশৈলীয়ে স্বাস্থ্যক খুব বেয়াকৈ প্ৰভাৱিত কৰিছে ৷ যাৰ ফলত কিছুমান ৰোগে বিশেষকৈ মহিলাসকলক প্ৰভাৱিত কৰিছে ৷

মেথিৰ গুটি ব্যৱহাৰ কৰি বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰা হয় ৷ ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত আইৰণ, কেলচিয়াম, ফছফৰাছ, এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট, পটাছিয়াম, জিংক, ভিটামিন আৰু খনিজ পদাৰ্থ আদি গুণ থাকে ৷ ই স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ মেথি গুটিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ খালী পেটত তিয়াই থোৱা মেথিৰ গুটি খালে বহু লাভালাভ পোৱা যায় ৷ কিন্তু আপুনি জানেনে যে, গৰ্ভৱতী মহিলাৰ বাবেও ই অতি লাভদায়ক ৷

সেয়েহে মহিলাসকলে নিজকে ৰোগমুক্ত কৰি ৰাখিবলৈ মেথি গুটি খাব পাৰে ৷ মেথি গুটি খোৱাৰ ফলত মহিলাসকল কিদৰে লাভান্বিত হয়, আজি সেই বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

স্তনপান কৰোৱা মহিলা

মেথি গুটি স্তনপান কৰোৱা মহিলাসকলৰ বাবে অতি উপকাৰী ৷ মেথি গুটি বা ইয়াৰ পানীৰ পৰা তৈয়াৰ কৰা চাহ খালে গাখীৰ উৎপাদন বৃদ্ধি হয় ৷

গৰ্ভৱতী মহিলা

গৰ্ভৱতী মহিলাৰ বাবেও মেথি গুটি অতি উপকাৰী ৷ ইয়াৰ ফলত হৰমনৰ ভাৰসাম্য বৰ্তি থাকে আৰু শৰীৰত তেজৰ কোনো অভাৱ নাহয় ৷

ঋতুস্ৰাৱৰ বিষৰ পৰা সকাহ

মেথিৰ গুটি খালে মহিলাসকলে ঋতুস্ৰাৱৰ ফলত হোৱা বিষৰ পৰাও সকাহ পাব পাৰে ৷

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰক

মেথি গুটিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে ৷ ডায়েবেটিচ ৰোগীসকলে ৰাতি পানীত মেথিৰ গুটি তিয়াই থৈ ৰাতিপুৱা খাব লাগে ৷

কোষ্ঠকাঠিন্য বা পেটৰ সমস্যা

কোষ্ঠকাঠিন্য বা পেটৰ সমস্যাত ভুগি থকা মহিলাসকলেও মেথি গুটি পানীত তিয়াই বা পাউডাৰ তৈয়াৰ কৰি খাব পাৰে ৷ মেথি গুটিয়ে পাচন তন্ত্ৰ সুস্থ কৰি ৰাখে ৷

অস্বীকাৰ: এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ওপৰত আধাৰিত ই কোনো চিকিৎসাৰ বিকল্প হ’ব নোৱাৰে ৷ সেয়েহে ইয়াৰ বিষয়ে অধিক জানিবলৈ চিকিৎসক তথা বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে পঢ়ক: Meningococcal Disease: ক’ভিডতকৈও ভয়াৱহ মেনিনজাইটিছ ৰোগ ? ইয়াৰ লক্ষণ তথা নিদান জানি লওক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.