ETV Bharat / sukhibhava

WFH কালচাৰৰ মাজত বৃদ্ধি পাইছে পৰ্ণ আসক্তিৰ সংখ্যা - Assamese Porn

মহামাৰীৰ বাবে ৱৰ্ক ফ্ৰম হোম কালচাৰ বৃদ্ধিৰ মাজতে ৰিম’ট ৱৰ্কিঙৰ ফলত ব্ৰিটেইনত পৰ্ণ আসক্তি বৃদ্ধি পোৱাত অৰিহণা যোগাইছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে(Porn addiction saw a rise amid WFH culture) । এই ক্ষেত্ৰত বিশেষজ্ঞসকলে কি কয় পঢ়ক ৷

Porn addiction saw a rise amid WFH culture, said experts
WFH কালচাৰৰ মাজত বৃদ্ধি পাইছে পৰ্ণ আসক্তিৰ সংখ্যা
author img

By

Published : Aug 24, 2022, 2:07 PM IST

মহামাৰীৰ বাবে ৱৰ্ক ফ্ৰম হোম কালচাৰ বৃদ্ধিৰ মাজতে ৰিম’ট ৱৰ্কিঙৰ ফলত ব্ৰিটেইনত পৰ্ণ আসক্তি বৃদ্ধি পোৱাত অৰিহণা যোগাইছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে(Porn addiction saw a rise amid WFH culture) । ডেইলী মেইলে প্ৰকাশ কৰা অনুসৰি মহামাৰীৰ সময়ছোৱাত দূৰৱৰ্তী কাম কৰাটো জনপ্ৰিয় হোৱাৰ পিছৰে পৰা এই সমস্যাৰ বাবে চিকিৎসকৰ সহায় লোৱা ব্ৰিটেইনৰ নাগৰিকৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে বুলি ডেইলী মেইলে প্ৰকাশ কৰিছে ।

বিশেষজ্ঞসকলৰ মতে, মাত্ৰ কেইটামান ক্লিকৰ দূৰত্বত থকা প্ৰলোভনৰ ফলত কিছুমান কেজুৱেল পৰ্ণ দৰ্শক আসক্ত হৈ পৰে আৰু যিসকলে ইতিমধ্যে বিভিন্ন সমস্যাৰ সন্মূখীন হৈছে । পৰ্ণ আসক্তি হৈছে এক প্ৰকাৰৰ যৌন আসক্তি য'ত ব্যৱহাৰকাৰীয়ে যৌন কাৰ্যকলাপৰ লগত জড়িত সুখদায়ক অনুভৱ বা "উচ্চ"ৰ(high) প্ৰতি আসক্তি গঢ়ি তোলে । ব্ৰিটেইনৰ সৰ্ববৃহৎ যৌন আৰু পৰ্ণ আসক্তি ক্লিনিক লণ্ডনৰ লৰেল চেণ্টাৰে জনোৱা মতে, এতিয়া তেওঁলোকে দিনটোত ১৪ ঘণ্টা পৰ্যন্ত পৰ্ণ চোৱা একাংশ দূৰৱৰ্তী কৰ্মীৰ চিকিৎসা অৱ্যাহত ৰাখিছে(Addicts watch up to 14 hours of porn a day) ।

লগতে পঢ়ক : Improving Sex Life: আপোনাৰ যৌন জীৱন উন্নত কৰাৰ বাবে 6 টা পৰামৰ্শ

কেন্দ্ৰটোৰ ক্লিনিকেল ডাইৰেক্টৰ প’লা হলে কয় যে, WFHৰ(Work From Home Culture) অৰ্থ হ’ল এতিয়া মানুহে পূৰ্বতকৈ অধিক সময় কম্পিউটাৰৰ সন্মুখত অকলে কটাবলগীয়া হয় । মেইল অনলাইনক তেওঁ কয় যে, ইয়াৰ অৰ্থ হ’ল আপোনাৰ হাতত অধিক সুযোগ আছে, ৰাতি ঘৰ পোৱালৈকে অপেক্ষা কৰিব নালাগে, দিনত আপুনি অধিক আৱেগিক হ’ব পাৰে । প্ৰতিবেদনত কোৱা হৈছে যে, কেৱল ২০২২ চনৰ প্ৰথম ছমাহতে ল'ৰেল চেণ্টাৰত প্ৰায় ৭৫০ জন পৰ্ণ আসক্ত লোক দেখা গৈছিল, যিটো ২০১৯ চনৰ সমগ্ৰ সময়ছোৱাত ৯৫০ জনলৈ বৃদ্ধি পাইছিল ।

হলে উল্লেখ কৰি কয় যে, এই বছৰ ক্লিনিকলৈ অহা ৰোগীসকলক অধিক তীব্ৰ চিকিৎসাৰ প্ৰয়োজন(Intensive treatment) । প্ৰতিবেদন অনুসৰি লণ্ডনৰ ক্লিনিকৰ থেৰাপিষ্টসকলে মাহে প্ৰায় ৬০০ ঘণ্টা সময় পৰ্ণ আসক্ত লোকসকলক সহায় কৰাত এতিয়া খৰচ কৰে, ২০১৯ চনত প্ৰতিমাহে মাত্ৰ ৩৬০ ঘণ্টাহে সহায় কৰে ।

লগতে পঢ়ক : Karezzaৰ জৰিয়তে উপভোগ কৰক আপোনাৰ যৌন জীৱন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.