ETV Bharat / sukhibhava

Fever Syndrome in childrens : সঘনাই জ্বৰত আক্ৰান্ত হৈছে নেকি আপোনাৰ শিশুটি ? তেন্তে ই স্বাভাৱিক নহয়

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 11:52 AM IST

পৰিৱৰ্তিত বতৰত চৰ্দি, কাঁহ, জ্বৰ আদিত আক্ৰান্ত হয় শিশু । ৫ বছৰৰ তলৰ শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল থাকে । সেয়েহে যদি আপোনাৰ শিশুৰ সঘনাই জ্বৰ হৈছে তেন্তে সাৱধান হৈ যাওক ৷

Periodic Fever Syndrome in childrens: Know the Causes, Symptoms
এইবোৰ কাৰণত বাৰে বাৰে জ্বৰত আক্ৰান্ত হ’ব পাৰে আপোনাৰ শিশুটি

বতৰ সলনি হোৱাৰ লগে লগে বহু ৰোগে দেখা দিয়ে ৷ বিশেষকৈ শিশুৰ ক্ষেত্ৰত পৰিৱৰ্তিত বতৰত চৰ্দি, কাঁহ, জ্বৰ আদি হোৱা দেখা যায় । যিহেতু ৫ বছৰৰ তলৰ শিশুৰ ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা অতি দুৰ্বল থাকে । যাৰ বাবে শিশুটি সামান্য ঠাণ্ডা বতাহৰ সংস্পৰ্শলৈ অহাৰ লগে লগে অসুস্থ হৈ পৰে । শিশুৰ ক্ষেত্ৰত আটাইতকৈ বেছি জ্বৰ হোৱাটো দেখা পোৱা যায়, অৱশ্যে শিশুৰ সঘনাই জ্বৰ হোৱাটো চিন্তাৰ বিষয়ো হ’ব পাৰে । ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে । যদি আপোনাৰ শিশুটি বাৰে বাৰে জ্বৰত আক্ৰান্ত হৈ আছে, তেন্তে ইয়াক সহজভাৱে লোৱা উচিত নহয় ৷ যদিহে সম্ভৱ হয় তেন্তে চিকিৎসকৰ ওচৰলৈ যাব লাগে । কাৰণ ইয়াৰ বহু কাৰণ থাকিব পাৰে ।

যদি আপোনাৰ শিশুটিৰ সঘনাই জ্বৰ হয় তেন্তে ই ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ লক্ষণ হ’ব পাৰে । পিৰিয়ডিক ফিভাৰ চিণ্ড্ৰমৰ বাবে শিশুৰ বাৰে বাৰে জ্বৰ হ’ব পাৰে । কেতিয়াবা এই চিণ্ড্ৰমৰ জিনীয় বিসংগতিৰ বাবেও হ’ব পাৰে । যাৰ বাবে শৰীৰৰ উষ্ণতা বৃদ্ধি পায় । ইয়াৰ উপৰিও ভাইৰাছৰ প্ৰতিষেধক আৰু বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবেও জ্বৰ হ’ব পাৰে ।

এনেধৰণৰ জ্বৰৰ লক্ষণ কেনেকৈ চিনাক্ত কৰিব

শৰীৰৰ উষ্ণতা বৃদ্ধি পায় আৰু অধিক ঠাণ্ডা অনুভৱ কৰাৰ লগতে খিংখিঙিয়াও অনুভৱ কৰে । শিশুৰ খাদ্যাভ্যাস কমি আহে । একো খাবলৈ মন নোযোৱা, ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰা । যদি শিশুটিয়ে সকলো কথাতে কান্দিবলৈ লৈছে তেন্তে ই জ্বৰৰ লক্ষণ হ’ব পাৰে ।

কেনেকৈ চিকিৎসা কৰিব লাগে

  • যদি শিশুটি বাৰে বাৰে জ্বৰত আক্ৰান্ত হৈ আছে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক । জ্বৰ হ’লে চিকিৎসকৰ পৰামৰ্শ অতি প্ৰয়োজনীয় ।
  • যদি আপোনাৰ শিশুটিৰ সঘনাই জ্বৰ হয় তেন্তে তেওঁক প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিয়ক ।
  • শিশুটিৰ উশাহ-নিশাহৰ ধৰণত মনোযোগ দিব ৷
  • যদি শিশুটিৰ ৩ দিনতকৈ অধিক জ্বৰ হয়, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক ।
  • সঘনাই পৰীক্ষা কৰিব লাগে শিশুৰ জ্বৰৰ মাত্ৰা

Disclaimer: এই প্ৰতিবেদনত উল্লেখ কৰা পদ্ধতি আৰু পৰামৰ্শ কাৰ্যকৰী কৰাৰ আগতে চিকিৎসক বা আনুষংগিক বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় ল’ব ।

লগতে পঢ়ক: Stomach Problem: এইবোৰেই হৈছে বদহজমৰ ১০টা প্ৰধান কাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.