ETV Bharat / sukhibhava

নিশা কাৰ্ব'হাইড্ৰেট গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য ? - কাৰ্ব'হাইড্ৰেটযুক্ত আহাৰ

কাৰ্ব'হাইড্ৰেটযুক্ত আহাৰ যেনে ভাত, ৰুটি আদি নিশা আহাৰত গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য ? এই সম্পৰ্কত মত আগবঢ়াব পুষ্টিকৰ খাদ্য বিশেষজ্ঞ তথা ডায়েবেটিছ প্ৰশিক্ষক দিব্যা গুপ্তাই ৷

কাৰ্ব'হাইড্ৰেটযুক্ত আহাৰ
নিশা কাৰ্ব'হাইড্ৰেট গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য
author img

By

Published : Sep 22, 2020, 2:27 PM IST

কাৰ্ব'হাইড্ৰেটযুক্ত আহাৰ যেনে ভাত, ৰুটি আদি নিশা আহাৰত গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য ? এই সম্পৰ্কত মত আগবঢ়াব পুষ্টিকৰ খাদ্য বিশেষজ্ঞ তথা ডায়েবেটিছ প্ৰশিক্ষক দিব্যা গুপ্তাই ৷

এয়া এক ভুল ধাৰণা যে, সন্ধিয়া পৰত কাৰ্ব'হাইড্ৰেটযুক্ত আহাৰ খাব নালাগে ৷ ইয়াৰ পৰা বিশেষ ক্ষতি নহয় ৷ আমি যদি সক্ৰিয় হৈ নাথাকো তেন্তে ইয়াৰ পৰা লাভ কৰা শক্তি আমি ব্যৱহাৰ কৰিব নোৱাৰো ৷ কিন্তু এই কথাও জানি থোৱা উচিত যে, আমি আৰাম কৰিলেও আমাৰ শৰীৰে কাৰ্ব'হাইড্ৰেটৰ পৰা সৃষ্টি হ'ব পৰা চৰ্বি নিঃশেষ কৰিবলৈ সক্ষম হয় ৷

কাৰ্ব'হাইড্ৰেট আপুনি কেতিয়া গ্ৰহণ কৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয় ৷ সকলোৱে বিশ্বাস কৰে যে, নিশা খাদ্য গ্ৰহণ কৰি আমি আৰাম কৰো বাবে কাৰ্ব'হাইড্ৰেটে দেহত চৰ্বিৰ সৃষ্টি কৰে ৷ কিন্তু সত্যটো এয়াহে যে, দেহক শক্তি প্ৰদানকাৰী চুগাৰলৈহে এয়া পৰিণত হয় ৷ কিন্তু এই শক্তি আমি ভালদৰে ব্যৱহাৰ নকৰিলেহে চৰ্বিলৈ পৰিণত হয় ৷

সন্ধিয়া কাৰ্ব'হাইড্ৰেট গ্ৰহণ কৰিলে চেৰ'টিন বৃদ্ধি হোৱাৰ লগতে চাপ সৃষ্টিকাৰী কৰ্টিছল হৰমন হ্ৰাস কৰে ৷ ইয়াৰ পৰা এয়া ক'ব পাৰি যে, এই সময়ত এনে আহাৰ গ্ৰহণ কৰিলে আমি শান্ত অনুভৱ কৰাৰ লগতে টোপনি যোৱাত সহায় হয় ৷

কমপ্লেক্স কাৰ্ব'হাইড্ৰেট নিশা গ্ৰহণ কৰা উচিত ৷ মিঠা আলু, ব্ৰাউন চাউল, ঘেঁহুৰ পাষ্টা আৰু ব্ৰেড, অ'টমিল আদিত কমপ্লেক্স কাৰ্ব'হাইড্ৰেট থাকে ৷ এনে কমপ্লেক্স কাৰ্ব'হাইড্ৰেটে আমাৰ শৰীৰক শক্তি প্ৰদান কৰে ৷

চাউল, পাষ্টা, মিঠাই, কেক, কেণ্ডী, হোৱাইট ব্ৰেড আদিত ৰিফাইনড কাৰ্ব'হাইড্ৰেট থাকে ৷ অতি কম সময়ত ই আমাৰ দেহত শক্তি প্ৰদান কৰে যদিও অতি সোনকালে আমাক ভোকাতুৰ কৰি তুলিব পাৰে৷

নিশা অধিক পুষ্টিকৰ খাদ্য গ্ৰহণ কৰা উচিত ৷ ইয়াৰ জৰিয়তে আমাৰ দেহত শক্তি সংৰক্ষিত হৈ থকাৰ লগতে মাংসপেশী নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰে ৷ নিশা কাৰ্ব'হাইড্ৰেট গ্ৰহণ কৰিলে আমাৰ দেহত ওজন বৃদ্ধি নহয় ৷ আমাৰ স্বাস্থ্য আৰু সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি আমাক কিমান কাৰ্ব'হাইড্ৰেট লাগে সেয়া নিৰ্ভৰ কৰে ৷ সেয়েহে ব্যায়ামৰ পাচত আমি কাৰ্ব'হাইড্ৰেট গ্ৰহণ কৰা উচিত ৷ ব্যায়ামৰ ফলত দেহত হোৱা প্ৰতিক্ৰিয়াক ই পুনৰ্গঠন কৰা লগতে মাংসপেশী সবল কৰাত সহায় কৰে ৷ সেয়েহে পুৱাই হওঁক অথবা সন্ধিয়াই হওঁক, ব্যায়ামৰ পাচত কাৰ্ব'হাইড্ৰেট গ্ৰহণ কৰা উচিত ৷

পৰামৰ্শ : নিশা কমপ্লেক্স কাৰ্ব'হাইড্ৰেটৰ সৈতে প্ৰটিনজাতীয় খাদ্য যেনে পনীৰ, মাংস, মাছ আদি গ্ৰহণ কৰা উচিত ৷ ইয়াৰ ফলত আপোনাক প্ৰয়োজনীয় শক্তি প্ৰদান কৰিব ৷ কিন্তু মনত ৰাখিব, এই সম্পৰ্কত সময় নিৰ্ধাৰণ কৰি লোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ লগতে শোৱাৰ 2/3 ঘন্টাৰ আগত খাদ্য গ্ৰহণ কৰা অতি প্ৰয়োজনীয় ৷ আপুনি গ্ৰহণ কৰা কাৰ্ব'হাইড্ৰেটে আপোনাক আৰু আপোনাৰ জীৱন ধাৰণৰ শৈলীক উপকৃত কৰিছে নে নাই এয়া অতি গুৰুত্বপূৰ্ণ ৷ স্বাস্থ্যকৰ জীৱন যাপন কৰাটো আনন্দদায়ক আৰু বহনক্ষম হোৱা উচিত ৷ এয়া জীৱনশৈলীৰ সংশোধন, ক্ষন্তেকীয়া চখ নহয় ৷

আপোনালোকে আমাৰ বিশেষজ্ঞ দিব্যা গুপ্তাৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰে : divya.gupta18593@gmail.com

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.