ETV Bharat / sukhibhava

আয়ুৰ্বেদে দূৰ কৰিব পাৰে ভ্ৰমণ ক্লান্তি, অৱসাদ - Sukhibhawa

ৰাজহুৱা পৰিবহণ ব্যবস্থাৰ উন্নয়ন হোৱাৰ আগলৈকে আমি ভ্ৰমণ কৰিছিলোঁ মাথোঁ ঘোঁৰাৰ গতিৰে । এতিয়া আমি ঘণ্টাত ১০০কি:মি: গতিৰে উৰিব পাৰো আৰু বিভিন্ন টাইম জ'ন পৰিভ্ৰমণ কৰিব পাৰোঁ । যেতিয়া আমি বিভিন্ন টাইম জ'ন অৰ্থাৎ সময় ক্ষেত্ৰ পৰিভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ অৱসাদ আহে, টোপনিত ব্যাঘাট হয় আৰু সময়ৰ খেলি মেলিৰ বাবে আমাৰ টোপনিৰ সময় সলনি হয় । যেতিয়া আমি পূৱ অথবা পশ্চিমৰ ফালে যাওঁ, তেতিয়া আমি বেছিকৈ ক্লান্ত অনুভৱ কৰোঁ । কিন্তু উত্তৰ আৰু দক্ষিণৰ ফালে এই ভ্ৰমণ হ'লে ক্লান্তি বা অৱসাদৰ ক্ষেত্ৰত আকৌ ইমান প্ৰভাৱ পৰা পৰিলক্ষিত নহয় । কাৰণ উত্তৰ আৰু দক্ষিণৰ সময় ক্ষেত্ৰ আমাৰ সৈতে একে থাকে ।

Nursing That Jet Lag: Cure It The Ayurveda Way
আয়ুৰ্বেদে দূৰ কৰিব পাৰে ভ্ৰমণ ক্লান্তি, অৱসাদ
author img

By

Published : Mar 5, 2021, 1:10 PM IST

ভ্ৰমণ হ'ল মানুহৰ এক পুৰণি অভ্যাস। বিভিন্ন কাৰণ যেনে, খাদ্য, জীৱন নিৰ্বাহ, বাসস্থানৰ সন্ধান, ধৰ্ম শিক্ষা, যুদ্ধ, আনন্দ উপভোগ আদি বিভিন্ন কাৰণৰ বাবে আমাক ভ্ৰমণৰ প্ৰয়োজন হয় । বহু নিযুত মানুহ প্ৰতিদিনে দেশৰ তথা ৰাজ্যৰ সীমা অতিক্ৰম কৰে ভ্ৰমণৰ জৰিয়তে ; কিন্তু ভ্ৰমণ ক্লান্তি বা অৱসাদ আজিৰ দিনত এটা মুখ্য বেমাৰত পৰিণত হৈছে। আয়ুৰ্বেদে ভ্ৰমণ ক্লান্তি বা অৱসাদক ৰথক সুধা হিচাবে অভিহিত কৰে । আয়ুৰ্বেদ বিশেষজ্ঞ ডাঃ পি ভি ৰংগানুকুলুৱে আগ বঢ়াইছে এই ভ্ৰমণ ক্লান্তি বা অৱসাদ দূৰ কৰাৰ কেইটামান বিশেষ উপায় ।

ৰাজহুৱা পৰিৱহণ ব্যবস্থাৰ উন্নয়ন হোৱাৰ আগলৈকে আমি ভ্ৰমণ কৰিছিলোঁ মাথোঁ ঘোঁৰাৰ গতিৰে । এতিয়া আমি ঘণ্টাত ১০০ কিলোমিটাৰ গতিৰে উৰিব পাৰো আৰু বিভিন্ন টাইম জ'ন পৰিভ্ৰমণ কৰিব পাৰোঁ । যেতিয়া আমি বিভিন্ন টাইম জ'ন অৰ্থাৎ সময় ক্ষেত্ৰ পৰিভ্ৰমণ কৰোঁ, তেতিয়া আমাৰ অৱসাদ আহে, টোপনিত ব্যাঘাট হয় আৰু সময়ৰ খেলি মেলিৰ বাবে আমাৰ টোপনিৰ সময় সলনি হয় । যেতিয়া আমি পূৱ অথবা পশ্চিমৰ ফালে যাওঁ, তেতিয়া আমি বেছিকৈ ক্লান্ত অনুভৱ কৰোঁ । কিন্তু উত্তৰ আৰু দক্ষিণৰ ফালে এই ভ্ৰমণ হ'লে ক্লান্তি বা অৱসাদৰ ক্ষেত্ৰত আকৌ ইমান প্ৰভাৱ পৰা পৰিলক্ষিত নহয় । কাৰণ উত্তৰ আৰু দক্ষিণৰ সময় ক্ষেত্ৰ আমাৰ সৈতে একে থাকে।

অন্ধকাৰ নামি আহিলে আমাৰ মগজুৰ পাইনেল গ্ৰন্থিৰ পৰা নিৰ্গত হোৱা মেলাটোনিন নামৰ হৰ্মনবিধে আমাৰ টোপনিৰ সময় নিৰ্ধাৰণ কৰে । আমি যেতিয়া আন সময় ক্ষেত্ৰলৈ যাওঁ তাত আমাৰ লগত নিমিলা এক সময় দেখিবলৈ পাও। সেয়ে আমি ভ্ৰমণ ক্লান্তি বা অৱসাদ অনুভৱ কৰোঁ ।

  • আমাৰ দিনৰ ভাগত টোপনি আহিব পাৰে ।
  • গাৰ বিষ হব পাৰে ।
  • বদ হজম হব পাৰে ।
  • পাৰিপাৰ্শ্বিক অৱস্থাৰ প্রতি প্ৰতিকূল ভাৱ আহিব পাৰে ।
  • কৌষ্ঠ কথিন্য হব পাৰে ।
  • পেটৰ পোৰণি অনুভৱ হব পাৰে ।

বিমানত কৰা ভ্ৰমণৰ সময়ত বতাহৰ অভাৱৰ বাবে আমি বিভিন্ন অসুবিধাৰ সন্মুখীন হব পাৰো । মুৰৰ বিষ, বমি ভাৱ, দেহটো যথৰ হৈ যোৱা, শ্বাস প্ৰস্বাসৰ অভাৱ অনুভৱ আদি অসুবিধাৰ সন্মুখীন হব পাৰে । ইয়াৰ বাবে বিশেষ চিকিৎসাৰ প্ৰয়োজন ।

দীঘলীয়া বিমান ভ্ৰমণৰ বাবে সঘনাই আমাৰ শৰীৰত ক্লান্ত বা অৱসাদ আহিব পাৰে ; কিন্তু আমি কিছুমান নিয়ম অনুসৰন কৰিলে ইয়াৰ পৰা সহজতে মুক্তি পাব পাৰে-

  • ভ্রমণৰ আগতে আদা আৰু দালচেনী খাব পাৰো ।
  • কফি আৰু মাদক দ্ৰব্য সেৱনৰ পৰা বিৰত থকাটো উচিত ।
  • পানী বেছিকৈ খাব লাগে ।
  • তেলেটিয়া খাদ্য পৰিহাৰ কৰাটো উচিত ।
  • নেমু আৰু কমলাৰ ৰস সেৱন কৰিব লাগে ।
  • ভ্ৰমণৰ শেষত ট্ৰিফলা খাওক ।
  • দৈহিক ব্যয়ামেও ভ্ৰমণ ক্লান্তি বা অৱসাদৰ পৰা মুক্তি দিব পাৰে।
  • ভিটামিন D আৰু B য়েও ক্লান্তি বা অৱসাদ দূৰ কৰাত সহায় কৰিব পাৰে ।
  • মেলটোনিন টেবলেট পৰামৰ্শ অনুযায়ী সেৱন কৰিব পাৰে ।

যিহেতু আমি ভ্ৰমণ পৰিহাৰ কৰিব নোৱাৰোঁ । সেয়ে আমাৰ দেহত জলযোজন অৰ্থাৎ হাইড্রেট কৰি ৰাখি ভ্ৰমণ ক্লান্তি বা অৱসাদৰ পৰা দূৰত থাকিব পাৰি ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.