ETV Bharat / sukhibhava

Foods That Don't Need the Fridge: কেতিয়াও ফ্ৰীজত নাৰাখিব এইকেইবিধ খাদ্য সামগ্ৰী - কেতিয়াও ফ্ৰীজত নাৰাখিব এইকেইবিধ খাদ্য সামগ্ৰী

ফল-মূল, শাক-পাচলি, আৰু অন্যান্য গেলামালৰ সামগ্ৰীৰ কথা আহিলে, যিমান পাৰি সিমান দিনলৈ সতেজ কৰি ৰাখিবলৈ আমি সাধাৰণতে ফ্ৰীজত সকলো বস্তু জমা কৰি ৰাখো । কিন্তু ইয়াৰে ভিতৰত কিছুমান সামগ্ৰী আছে যাক আমি ফ্ৰীজত ৰখাৰ পৰা বিৰত থাকিব লাগে ৷ জানো আহক এই সামগ্ৰীসমূহ নো কি ?

Never keep these foods in the refrigerator
কেতিয়াও ফ্ৰীজত নাৰাখিব এইকেইবিধ খাদ্য সামগ্ৰী
author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:30 PM IST

আমি সাধাৰণতে দীৰ্ঘসময়ৰ বাবে সতেজ তথা ভালে ৰাখিবলৈ আমি শাক-পাচলিবোৰ ফ্ৰীজত থৈ দিও ৷ কিন্তু আপুনি জানেনে যে সকলো খাদ্যবস্তুৰ বাবে ফ্ৰীজৰ প্ৰয়োজন নহয় ৷ ফ্ৰীজৰ ঠাণ্ডা বতাহে কিছুমান স্বাস্থ্যকৰ খাদ্যবস্তুৰ পুষ্টিগত মূল্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷ ফ্ৰীজত থোৱাৰ প্ৰয়োজন নথকা এনে কেইবিধমান শাক-পাচলি হৈছে-

বিলাহী

ফ্ৰীজত বিলাহী থ’লে ই নিজস্ব সোৱাদ হেৰুৱাই পেলায় ৷ সেয়ে ইয়াৰ সোৱাদ অখুন্ন ৰাখিবলৈ বাহিৰতে থোৱা ভাল ৷

কল

ঠাণ্ডা ঠাইত থ’লে কল সোনকালে নপকে ৷ পকিবলৈ হ'লে কলক এক মধ্যমীয়া তাপমাত্ৰাৰ প্ৰয়োজন ৷ অৱশ্যে, যদি আপুনি কলক দীৰ্ঘদিনলৈ কেচাকৈ ৰাখিব বিচাৰে তেতিয়া ফ্ৰীজত থ’ব পাৰে ৷কিন্তু বেছিদিন ফ্ৰীজত থাকিলে কল ক'লা হোৱাৰ সম্ভাৱনা থাকে ৷

বেঙেনা

বেঙেনা হৈছে উষ্ণতা সংবেদনশীল পাচলি ৷ যাৰ বাবে ইয়াক ফ্ৰীজত দীঘলীয়া সময়ৰ বাবে ৰাখিলে ক্ষতিকাৰক হ'ব পাৰে ৷ ১০ ডিগ্ৰী ছেণ্টিগ্ৰেডৰ তলৰ তাপমাত্ৰাই বেঙেনাৰ গাঁথনিৰ লগতে সোৱাদ ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷ সেয়ে বেঙেনাক কোঠাৰ উষ্ণতাতে ৰাখিব লাগে ৷

মৌ

মৌক দীৰ্ঘসময়ৰ বাবে ভালে ৰাখিবলৈ ফ্ৰীজত থোৱাৰ প্ৰয়োজন নাই ৷ মৌ ফ্ৰীজত ৰাখিলে ই অখাদ্য হৈ উঠিব পাৰে আৰু টান হৈ খোৱাৰ অনুপযোগী হৈ পৰিব পাৰে ৷

নহৰু

নহৰু ফ্ৰিজত থোৱা খাদ্য সামগ্ৰী নহয় ৷ ফ্ৰীজত থোৱাৰ ফলত ইয়াৰ গজালি আহিব পাৰে ৷ নহৰু সদায় মুকলি ঠাইত ৰাখিব লাগে ৷

পিয়াঁজ

পিয়াঁজ ফ্ৰীজত থ’লে ই কোমল হৈ পৰে ৷ নহৰুৰ দৰে পিয়াঁজকো মুকলি ঠাইত ৰাখি দীৰ্ঘদিনলৈ ভালে ৰাখিব পাৰি ৷

আলু

শীতল তথা শুকান ঠাইত সংৰক্ষণ কৰিলে আলুৰ সোৱাদ যথেষ্ট বৃদ্ধি হয় ৷ আলু ফ্ৰীজত ৰাখিলে পচি যোৱাৰ সম্ভাৱনা থাকে আৰু ইয়াৰ সোৱাদো মিঠা হৈ পৰে ৷

লগতে পঢ়ক: Health Benefits of Orange: ভিটামিন ‘চি’ৰে সমৃদ্ধ কমলা খাওক স্বাস্থ্যকাৰী গুণাগুণ হাততে পাওক

লগতে পঢ়ক: Food for skin: ছালক সতেজ তথা কম বয়সীয়া কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.