মহানিম বুলিলেই একাংশ লোকৰে মুখ কোচাই দিবৰ মন যায় । পাছে এই মহানিমতেই মজুত আছে বহু গুণাগুণ । যি গুণে শৰীৰৰ পৰা বীজাণু নাশ কৰি শৰীৰৰ বহু উপকাৰ সাধন কৰে (Neem benefits for health) ।
পাছে এই মহানিম খাই কেনেকৈ । কি উপায়ে ইয়াক অতি সহজে খাব পৰা যায়!
মহানিমৰ পাত ধুই পানীখিনি যাবলৈ দিয়ক(Neem recipe) । তাত অলপ নিমখ চতিয়াই আৰু কেৰাহীত অকনমান তেল দি শুকানকৈ মচমছীয়াকৈ ভাজক ৷
ইয়াৰ পিছত একেবাৰে মচমছীয়া হৈ পৰিব আপোনাৰ মহানিমৰ পাত । এই মহানিমৰ মচমছীয়া ভাতৰ লগত খাই জুতি পাব ৷ তিতা ভাৱ বহুলাংশে হ্ৰাস পাই এইদৰে খালে ।
কিছুমান লোকে মহানিমৰ পাত বেঙেনাৰ সৈতে ভাজি খাই, তেনেদৰে খালেও ইয়াৰ তিতাভাৱ কিছুপৰিমাণে হ্ৰাস পায় । এনেদৰে খালেও শৰীৰত ই বহু উপকাৰী তত্ব প্ৰদান কৰে ।
মহানিমৰ পাত খালে কৃমি নাশ হয় আৰু মেলেৰিয়া ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি ।
খোৱাৰ লগতে নিমপাত সিজাই শৰীৰত লগাতে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে । শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে । জণ্ডিছ আৰু বহুমূত্ৰ ৰোগত নিমপাতৰ ৰস খালে সুফল পোৱা যায় ।
চুলিৰ উফি হ্ৰাসৰ লগতে চুলিবোৰ ভাল হয় । মূৰৰ ছালৰ অন্য ৰোগো নিৰাময় কৰে নিমপাতে । মূৰত ওকণি হ’লে গৰম পানীত নিমপাত সিজাই মূৰত সানিলে ওকণি নাইকিয়া হয় ।
সকলো প্ৰকাৰৰ খৰ-খজুৱতি, ছালৰ ৰোগ আদিত মহানিম মহৌষধ ।
নিমগছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁতৰ ৰোগ যেনে- পোকে খোৱা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, পায়েৰিয়া আদি নহয় । দাঁত উজ্জল আৰু ভাল হয় । দাঁতৰ সৌন্দৰ্য বাঢ়ে ।
লগতে পঢ়ক: গা ধুবলৈ Body wash বা চাবোনৰ সলনি ব্যৱহাৰ কৰক এইবিধ সামগ্ৰী