বৰ্তমান সময়ত প্ৰায়ভাগ লোকেই পেটৰ বিষত আক্ৰান্ত হোৱা দেখা যায় ৷ চিকিৎসকৰ ওচৰলৈ অহা ৰোগীৰ ভিতৰত পেটৰ বিষত ভোগা ৰোগীৰ সংখ্যা কম নহয় ৷ বহুতেই পেটৰ বিষত দীৰ্ঘদিন ধৰি ভুগি থাকিলেও অৱহেলা কৰে ৷ এনে সমস্যাত ভুগি থাকিলে কেতিয়াবা অৱহেলা কৰিব নালাগে ৷ কাৰণ বেছিদিন অৱহেলা কৰি থকাৰ ফলত বিপদ ঘনীভূত হ'ব পাৰে ৷
পেটৰ বিষৰ কাৰণ বা লক্ষণসমূহ কি কি ?
১) ওপৰৰ পেটত বিষ হ'লে গ’লব্লাডাৰৰ সমস্যা থাকিব পাৰে ৷ গ’লব্লাডাৰত ষ্ট'ন থাকিলে ফুলি উঠে ৷ এনে হ'লে হঠাতে অসহ্যকৰ বিষ অনুভৱ হ'ব পাৰে ৷
২) কোলাটাইটিছৰ বাবেও পেটৰ বিষ হোৱা দেখা যায় ৷
৩) ওপৰ পেটৰ বিষৰ আন এক কাৰণ হৈছে এচিড ৰিফ্লাক্স ৷ কেতিয়াবা খাদ্য নলীলৈকে এচিড উঠি আহিলে বিষ হ'ব পাৰে ৷ বমিও হ'ব পাৰে আৰু বুকুৰ জ্বলা-পোৰা কৰে ৷ এনে বোৰ কাৰণটো পেটৰ বিষ হোৱা দেখা যায় ৷
৪) লিভাৰ ফুলিলেও মৃদু পেটৰ বিষ অনুভৱ কৰিব পাৰে ৷ এনে হ'লে কেতিয়াবা সেই ব্যক্তিজনৰ বমি হোৱা,খাদ্য খাবলৈ মন নোযোৱা হোৱা দেখা যায় ৷ পিছলৈ জণ্ডিচ হোৱাৰ সম্ভাৱনা থাকে ৷
৫) অগ্নাশয় বা পেংক্ৰিয়াছ ফুলি উঠিলে ইয়াক কোৱা হয় পেংক্ৰিয়েটাইটিছ ৷ এনে হ'লেও পেট ফুলাৰ সমস্যাই দেখা দিয়ে ৷
৬) কিডনীত পাথৰ থাকিলেও পেট বিষায় ৷
৭) ৰাজহাড়ৰ ৰোগৰ বাবেও পেটৰ বিষ অনুভৱ হয় ৷ পিঠিৰ বিষটো পেটলৈ অহা যেন অনুভৱ হ'লেও প্ৰকৃততে এই বিষৰ মূল উৎস হৈছে পিঠি ৷
৮) কেতিয়াবা হাৰ্টৰ সমস্যাৰ বাবেও পেটৰ বিষ হ'ব পাৰে ৷
ইয়াৰোপৰি যদি কোনো ব্যক্তি দীৰ্ঘদিন ধৰি পেটৰ বিষ হৈ থাকে তেন্তে তেওঁ চিকিৎসাকৰ পৰামৰ্শ গ্ৰহণ কৰি পৰীক্ষা সমূহ কৰিব লাগে ৷