সমগ্ৰ বিশ্বতে আকৌ এবাৰ চিন্তনীয় বিষয় হৈ পৰিছে চীন ৷ দৰাচলতে বিগত কেইমাহমানৰ পৰা ইয়াত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ ঘটনা অবিৰতভাৱে পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি বৰ্তমান চীনত শিশুৰ নিউমোনিয়াৰ সংখ্যা বৃদ্ধি পোৱাত এক অশান্তিকৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ এনে পৰিস্থিতিত সকলোৱে চিন্তিত হৈ পৰিছিল যে এয়া নতুন মহামাৰীৰ আৰম্ভণি নেকি ?
কিন্তু বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিছে যে চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সংখ্যা বৃদ্ধিৰ আঁৰত কোনো নতুন ৰোগ সৃষ্টিকাৰী জীৱাণু নাই ৷ চীনৰ বাহিৰেও বিশ্বৰ আন আন দেশতো এই নিউমোনিয়াৰ ঘটনা সংঘটিত হৈছে ৷ খোদ ভাৰততে এতিয়ালৈকে ৭ জন ৰোগী ধৰা পৰিছে ৷ কিন্তু ভাৰতত পোৱা এই নিউমোনিয়াৰ ক্ষেত্ৰত চীনৰ শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ কোনো সম্পৰ্ক নাই ৷ চীনত বিয়পি পৰা নিউমোনিয়াৰ ৫টা বিপজ্জনক লক্ষণৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
নিউমোনিয়া কি ?
এটা বা দুয়োটা হাওঁফাওঁত সংক্ৰমণ হ’লে নিউমোনিয়া বোলা হয় ৷ ইয়াৰ ফলত হাওঁফাওঁত ফুলি উঠে, যিটো সাধাৰণতে কিছু সংক্ৰমণৰ বাবে হয় ৷ এই ৰোগত আক্ৰান্ত বেছিভাগ লোকেই কিছুদিনৰ ভিতৰতে সুস্থ হৈ উঠে ৷ কিন্তু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, যেনে বৃদ্ধ আৰু সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত গুৰুতৰ ৰোগৰ আশংকা থাকে ৷ গুৰুতৰ ক্ষেত্ৰত ইয়াৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে মৃত্যুও হ’ব পাৰে ৷
নিউমোনিয়াৰ মূল পাঁচটা লক্ষণ-
নিউমোনিয়া গুৰুতৰ হোৱাৰ পৰা ৰক্ষা কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ’ল সঠিক সময়ত ইয়াৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা ৷ ইয়াৰ মূল পাঁচটা লক্ষণ আছে, যাৰ সহায়ত এই ৰোগ আগতীয়াকৈ ধৰা পেলাব পাৰি ৷
- ডায়েৰিয়া
- বমি
- উশাহ লোৱাত অসুবিধা হোৱা
- ভাগৰুৱা বা দুৰ্বল অনুভৱ কৰা
উশাহ-নিশাহ বা কাহৰ সময়ত বুকুৰ বিষ
কিন্তু মন কৰিবলগীয়া যে, এই লক্ষণবোৰক চৰ্দি বা ফ্লুৰ লক্ষণ বুলি সহজেই ভুলকৈ ধৰিব পাৰি ৷ লগতে ৰোগীৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি এই লক্ষণসমূহ ব্যক্তিভেদে বেলেগ বেলেগ হ’ব পাৰে ৷ ৬৫ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত নিউমোনিয়াৰ লক্ষণ কম হ’ব পাৰে ৷ ইহঁতৰ লক্ষণবোৰ প্ৰায়ে কম আৰু মৃদু হয় ৷
নিউমোনিয়াৰ অন্যান্য লক্ষণ
নিউমোনিয়াৰ আন লক্ষণসমূহ হ'ল হালধীয়া বা সেউজীয়া শ্লেষ্মা কাহ ওলোৱা, উচ্চ জ্বৰ, শৰীৰৰ বিষ, অতি ভাগৰুৱা অনুভৱ, ভোক কমি যোৱা, উশাহ লওঁতে হুমুনিয়াহ কাঢ়ি থকা শব্দ, আৰু বিভ্ৰান্তি অনুভৱ কৰা, যিটো বয়সস্থ লোকৰ ক্ষেত্ৰত সাধাৰণ ৷
লগতে পঢ়ক: শৰীৰত আইৰণৰ অভাৱ দূৰ কৰিবলৈ কেৱল গ্ৰহণ কৰক এইবিধ ফল