ETV Bharat / sukhibhava

Water Benefits: দৈনিক ৫ গিলাচ পানী খালে এই ৪ টা সমস্যাৰ পৰা পৰিত্ৰাণ পাব

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 6:43 PM IST

শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা আৰম্ভ হয় । ইয়াৰ লগতে পানীৰ অভাৱৰ প্ৰভাৱ আমাৰ ছালতো দেখা যায় । সেয়াহে দৈনিক কিমান গিলাচ পানী খাব লাগে জানি লওক এই প্ৰতিবেদন ৷

Know the benefits of drinking water and other water facts
দৈনিক কিমান গিলাচ পানী খাব লাগে জানি লওক

শৰীৰক সুস্থ কৰি ৰখাত যিমান স্বাস্থ্যকৰ আহাৰৰ প্ৰয়োজন, সিমানেই প্ৰয়োজন পানীৰ । আমাৰ খাদ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে পানী । যদি আমি প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰো, তেতিয়াহ’লে আমি যিমানেই স্বাস্থ্যসন্মত খাদ্যাভ্যাস পালন নকৰোঁ কিয় আমাৰ স্বাস্থ্য কেতিয়াও ভাল নহ’ব । উপযুক্ত পৰিমাণৰ পানী নোখোৱাৰ ফলত ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰে ।

শৰীৰত পানীৰ অভাৱৰ বাবে ডিহাইড্ৰেচনৰ সমস্যা আৰম্ভ হয় । ইয়াৰ লগতে পানীৰ অভাৱৰ প্ৰভাৱ আমাৰ ছালতো দেখা দিয়ে । যদি আপুনি এসপ্তাহ অবিৰতভাৱে দৈনিক কমেও ৫ গিলাচ পানী খায় তেন্তে আপোনাৰ শৰীৰত কি পৰিৱৰ্তন হ’ব জানো আহক এই প্ৰতিবেদনত ।

পেট সুস্থ হৈ থাকে

পেটৰ ৰোগত আক্ৰান্ত লোকে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে । যদি আপোনাৰ হজম শক্তি বেয়া, কোষ্ঠকাঠিন্যৰ সমস্যা বা পেটৰ আন কোনো ৰোগ আছে, তেন্তে পানী অতি উপকাৰী আপোনাৰ বাবে । দৈনিক অন্ততঃ ৫ ডাঙৰ গিলাচ পানী খাবলৈ আৰম্ভ কৰক ।

বিষাক্ত পদাৰ্থ আঁতৰাই পেলায়

শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাতো অতি প্ৰয়োজনীয় পানী । যদি আমাৰ শৰীৰে বিষাক্ত পদাৰ্থ আঁতৰাবলৈ অক্ষম হয় তেন্তে ই বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে । সেয়ে শৰীৰ বিষমুক্ত হোৱাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাবে আপুনি পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে । দৈনিক কমেও ৫ গিলাচ পানী খাব লাগে । কেইদিনমানৰ ভিতৰতে আপোনাৰ শৰীৰটো সঠিকভাৱে বিষমুক্ত হ’ব ।

বৃক্ক আৰু যকৃত

শৰীৰৰ প্ৰতিটো অংগই সঠিকভাৱে কাম কৰিবলৈ পানীৰ প্ৰয়োজন । কিছুমান অংগ আছে যিবোৰ পানীৰ অভাৱত সোনকালে বিকল হ’বলৈ আৰম্ভ কৰিব পাৰে । উল্লেখ্য যে যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰে তেন্তে লিভাৰ আৰু কিডনীৰ দৰে অংগৰ ক্ষতি হয় । পৰ্যাপ্ত পৰিমাণৰ পানী খালে এসপ্তাহৰ ভিতৰত ইয়াৰ প্ৰভাৱ দেখা যাব ।

লগতে পঢ়ক: Side effects Of Rice: যদি আপুনি দৈনিক ভাত খায় তেন্তে জানি লওক এই সন্দৰ্ভত কি কয় বিশেষজ্ঞই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.