ETV Bharat / sukhibhava

Coffee and Cancer: কফি কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে নেকি?

author img

By

Published : Jun 2, 2022, 5:31 PM IST

ভাল কফি একাপ খাবলৈ পালে কোনে ভাল নাপায় ? ৰাতিপুৱা দিনটো আৰম্ভ কৰাৰে পৰাই হওঁক বা অফিচত ব্যস্ততাৰ পিছত শৰীৰটোক অলপ সকাহ দিবলৈয়ে হওঁক নতুবা বৰষুণৰ দিনতেই হওঁক, একাপ কফি সকলোৱে ভাল পায় ( Health benefits of coffee) । কিন্তু আপুনি খাই থকা কফিকাপ কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে নেকি- কেতিয়াবা ভাবি চাইছেনে? বিশেষজ্ঞসকলে কি কয় জানো আহকচোন ৷

Coffee and Cancer
কফি কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে নেকি?

শতিকা ধৰি কফি এক জনপ্ৰিয় পানীয় ( Healthy beverages)। কফি বহুতো ৰাসায়নিক পদাৰ্থৰ এক জ্ঞাত সংমিশ্ৰণ, যাৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে কেফেইন ৷ কেফেইনৰ লগতে ইয়াত অন্যান্য ৰাসায়নিক পদাৰ্থ য'ত ক্লোৰোজেনিক এচিড আৰু পুট্ৰেচাইন অন্তৰ্ভুক্ত থাকে । কফি উৎপাদনত কেইবাটাও ৰাসায়নিক পদাৰ্থ, কীটনাশক আদিও ব্যৱহাৰ কৰা হয় । মুম্বাইৰ মাছিনা চিকিৎসালয়ৰ পৰামৰ্শদাতা অস্ত্ৰোপচাৰ অংকলজিষ্ট ডাঃ প্ৰসাদ কাচবেকাৰে এই বিষয়টোত তেওঁৰ মতামত ব্যক্ত কৰিছিল ।

কফি হৈছে ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰিত এক শক্তিদায়ক পদাৰ্থ । বহুত মানুহ এইটো লৈ শংকিত যে কফিৰ ফলত কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা আছে নেকি ! পৰম্পৰাগত জ্ঞানে কয় যে যিকোনো বস্তুৰ অত্যাধিক সেৱন যিকোনো প্ৰকাৰৰ ভয়ংকৰ ৰোগৰ সৈতে সম্পৰ্কিত । অত্যাধিক যিকোনো বস্তুয়েই ক্ষতিকাৰক ৷ কফিৰ ক্ষেত্ৰতো একে কথাই খাটে ৷ অৱশ্যে, কিছুমান অধ্যয়নে আপোনাক এই ক্ষেত্ৰত আশ্বস্ত কৰিব পাৰে । কিয়নো বিভিন্ন অধ্যয়নত কোৱা হৈছে যে কফি সাধাৰণতে কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত নহয় ।

আনহাতে কিছুমান অধ্যয়নে পৰামৰ্শ দিছে যে কফিয়ে মূত্ৰাশয়ৰ কৰ্কট ৰোগ আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে, কিন্তু ইয়াৰ কোনো চূড়ান্ত প্ৰমাণ নাই । ইয়াৰ বিপৰীতে, কফিয়ে কলোৰেক্টল কৰ্কট, যকৃতৰ কৰ্কট আৰু স্তনৰ কৰ্কট ৰোগৰ বিৰুদ্ধে কিছু প্ৰতিষেধক হিচাপে কাম কৰিব পাৰে ( How is coffee good for health)।

অৱশ্যে এই কথাৰ প্ৰতি গুৰুত্ব দিব যে এইবোৰৰ কোনোটোৱেই নিখুঁত অধ্যয়ন নহয় । নিৰ্ণায়ক প্ৰমাণৰ বাবে এইবোৰৰ বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন আছে । কফিত থকা পলিফেনলবোৰ কৰ্কট ৰোগ আৰু উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ দৰে অন্যান্য ৰোগ প্ৰতিৰোধ কৰাত উপকাৰী বুলি জনা যায় ৷ কিন্তু ইয়াত এক্ৰিলামাইডৰ উপস্থিতিৰ বাবে ইয়াক হাঁওফাঁও, মূত্ৰাশয় আৰু ৰক্তৰ কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত বুলি গণ্য কৰা হয় ।

কৰ্কট ৰোগ আৰু কফি সেৱনৰ মাজৰ সম্পৰ্ক বিচাৰি উলিওৱাৰ বাবে কৰা পূৰ্বৰ সকলো অধ্যয়নৰ মেটা-বিশ্লেষণ কৰা হৈছিল 2020 চনত । একেটা বিষয়ৰ ওপৰত মুঠ 36 টা বিভিন্ন গৱেষণা পত্ৰ বিশ্লেষণ কৰাৰ পিছত, গৱেষকসকল এই সিদ্ধান্তত উপনীত হৈছিল যে কফিয়ে প্ৰকৃততে এণ্ডোমেট্ৰিয়েল কৰ্কট, যকৃতৰ কৰ্কট, মেলানোমা, মুখৰ কৰ্কট আৰু ফেৰিঞ্জিয়াল কৰ্কট ৰোগৰ পৰা দেহক প্ৰতিৰক্ষাহে প্ৰদান কৰে । এইটোও ধাৰণা কৰা হৈছে যে মূত্ৰাশয়ৰ কৰ্কট ৰোগ আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ সৈতে কফিৰ এক সম্ভাৱ্য সম্পৰ্ক আছে; কিন্তু আন্তৰ্জাতিক কৰ্কট সংস্থাৰ মতে, কফিয়ে যকৃতৰ কৰ্কট ৰোগ আৰু এণ্ডোমেট্ৰিয়েল কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে । তেওঁলোকে কোনো কৰ্কট ৰোগৰ সৈতে কফিৰ ইতিবাচক সম্পৰ্ক পোৱা নাই (Coffee and Cancer) ।

ডাঃ প্ৰসাদ কাচবেকাৰে কয়, "মই কফি আৰু কৰ্কট ৰোগৰ সমগ্ৰ সমস্যাটোৰ বিষয়ে মোৰ মতামত প্ৰকাশ কৰিব বিচাৰো । এই প্ৰশ্ন সোধা ৰোগীসকলক মই ক’ব বিচাৰো যে, কফি সুৰক্ষিত ! এইটো আমাৰ পূৰ্বপুৰুষৰ দিনতো পান কৰা হৈছিল আৰু এতিয়াও কৰি থকা হৈছে (How is coffee good for health) । যিকোনো খাদ্য অত্যাধিক খোৱাটো ক্ষতিকাৰক আৰু কফিও " ৷

লগতে পঢ়ক: দীঘলীয়া ভ্ৰমণৰ পিছত আপোনাৰ শৰীৰটোক সতেজ কৰি তোলাৰ উপায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.