জনি গুটিৰ দ্বাৰা বহু ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰা হয় ৷ জনি গুটি খাদ্যত সোৱাদ প্ৰদান কৰাৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী ৷ কোৱা হয় জনি গুটি পানীৰ সৈতে মিহলাই গ্ৰহণ কৰিলে স্বাস্থ্যৰ পক্ষে বহু উপকাৰিতা সাধন হয় ৷ আহাৰতো আপুনি জনি গুটি মিহলোৱা পানীও অন্তৰ্ভুক্ত কৰিব পাৰে ৷ পুৱা খালী পেটত জনি গুটি মিহলোৱা পানী খালে স্বাস্থ্যই বহু উপকাৰিতা লাভ কৰে ৷
এই পানীয়ে ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিলৈকে বহু ক্ষেত্ৰতেই লাভদায়ক ৷ জনি গুটিত কেলচিয়াম, ফাইবাৰ আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান থাকে ৷ সেয়ে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক পুৱা জনি গুটি মিহলোৱা পানী খালে স্বাস্থ্যৰ বাবে কি কি উপকাৰিতা সাধন হয় ৷
হজমৰ ক্ৰিয়াৰ বাবে উত্তম
জনি গুটিত আঁহ থাকে ৷ জনি গুটি মিহলোৱা পানী খালে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷ ইয়াৰ উপৰিও ডায়েৰিয়া, কোষ্ঠকাঠিন্য আদি সমস্যাও প্ৰতিৰোধ কৰে ৷ লগতে পেটৰ লগত জড়িত বহু সমস্যা যেনে বদহজম ৰোধ কৰে ৷
ওজন হ্ৰাসৰ বাবে লাভদায়ক
ৰাতিপুৱা জনি গুটি মিহলোৱা পানী সেৱন কৰিলেও বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ৷ চৰ্বি জ্বলোৱাৰ বাবেও কাম কৰে ৷ এই পানী খোৱাটোৱেও শৰীৰৰ ওজন দ্ৰুতগতিত কমাবলৈ সহায় কৰে ৷ এই পানী ওজন কমাব পৰা খাদ্যতো অন্তৰ্ভুক্ত কৰিব পাৰে ৷
ৰক্ত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত কৰে সহায়
জনি গুটি মিহলোৱা পানী খোৱাটোৱেও ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ জনি গুটিত উচ্চ আঁহ থাকে ৷ এই পানী খোৱাৰ আগতে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লওক ৷
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ
জনি গুটি মিহলোৱা পানীত এন্টিঅক্সিডেন্ট গুণ আছে ৷ এই পানীত বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে ৷ এই পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় ৷ এই পানী সেৱন কৰিলেও বহু ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰিব ৷
বেয়া কলেষ্টেৰল হ্ৰাস কৰে
জনি গুটি মিহলোৱা পানীত খাদ্য আঁহ আৰু ফেটি এচিড থাকে ৷ এই পানী খালে ভাল কলেষ্টেৰল বৃদ্ধি পায় ৷ ইয়াৰ লগতে ই বেয়া কলেষ্টেৰলও হ্ৰাস কৰে ৷
সংক্ৰমণৰ পৰা হাত সাৰিবলৈ
জনি গুটিৰ এন্টিমাইক্ৰ’বিয়াল আৰু এন্টিচেপ্টিক গুণ আছে ৷ পৰিৱৰ্তিত বতৰত স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ এনে পৰিস্থিতিত জনি গুটি মিহলোৱা পানী খালে বতৰৰ সংক্ৰমণৰ পৰাও হাত সাৰিব পাৰি ৷
লগতে পঢ়ক: Cauliflower: আপোনাৰ শৰীৰৰ এই সমূহ অংগৰ বাবে ক্ষতিকাৰক ফুলকবি