ETV Bharat / sukhibhava

Intoxicating substances: আজিয়েই ত্যাগ কৰক নিচাজাতীয় সামগ্ৰী, অন্যথা বিপদত পৰিব আপুনি - নিচাজাতীয় সামগ্ৰী

নিচাজাতীয় সামগ্ৰী কেৱল শাৰীৰিকভাৱেই নহয়, ই এগৰাকী ব্যক্তিৰ মানসিক অৱস্থাকো প্ৰভাৱিত কৰে ৷ নিচাজাতীয় সামগ্ৰী গ্ৰহণৰ ফলত শৰীৰত বহু ৰোগৰ সৃষ্টি হ’ব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

Intoxicating substance is the cause of many serious diseases
আজিয়েই ত্যাগ কৰক নিচাজাতীয় সামগ্ৰী, অন্যথা বিপদত পৰিব আপুনি
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:58 PM IST

আজিৰ সমাজখন উশৃংখল হৈ পৰাৰ মূলতে হৈছে নিচা ৷ নিচাজাতীয় দ্ৰৱৰ কৱলত পৰি বহু কমবয়সীয়া লোকৰ প্ৰাণ গৈছে ৷ নিচায়ে কেৱল শাৰিৰীকভাৱেই নহয়, ই ব্যক্তিজনৰ মানসিক অৱস্থাকো প্ৰভাৱিত কৰে ৷ নিচাজাতীয় সামগ্ৰী গ্ৰহণৰ ফলত শৰীৰত বহু ৰোগৰ সৃষ্টি হ’ব পাৰে ৷ আজি এই বিষয়ে জানো আহক-

হাঁওফাঁওৰ সমস্যা

ধূমপান তথা নিচা স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই ৷ ইয়াৰ ফলত দীৰ্ঘম্যাদী ব্ৰংকাইটিছ, এম্ফিচেমাৰ দৰে বিপদজনক হাঁওফাঁওৰ ৰোগ হ'ব পাৰে ৷ এই ৰোগবোৰৰ কৱলত পৰিলে আপুনি কেতিয়াও আৰোগ্য নহয় ৷এই ৰোগৰ বাবে ব্যক্তিজন সকলো সময়তে শ্বাসৰুদ্ধ হৈ থাকে, খোজ কাঢ়িবলৈ সমস্যা হোৱাৰ লগতে সকলো সময়তে কাহৰ দৰে গুৰুতৰ সমস্যা হয় ৷

টিবি

নিচাৰ আসক্তিৰ ফলত যক্ষ্মাৰ দৰে বিপদজনক ৰোগো হ'ব পাৰে ৷ বহুলোকে নিচাৰ বাবে বেজী ব্যৱহাৰ কৰে ৷ এই বেজীটো স্বাস্থ্যৰ বাবে অতি বেছি ক্ষতিকাৰক ৷

মানসিক ৰোগ

নিচা আসক্তিয়ে কেৱল শৰীৰৰ ক্ষতিয়েই নকৰে, ই আপোনাৰ মানসিক স্বাস্থ্যৰো ক্ষতি কৰে ৷ বহুতো প্ৰতিবেদনত ইতিমধ্যে প্ৰমাণিত হৈছে যে যিসকলে অধিক সুৰা আৰু চিগাৰেট খায় বা ড্ৰাগ সেৱন কৰে তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে ৷ সকলো সময়তে সুৰাপান কৰাৰ ফলত চাপ, হতাশা, মুৰৰ বিষ, মাইগ্ৰেইন আদিৰ দৰে সমস্যা হয় ৷ ইয়াৰ বাহিৰেও, যদি এজন ব্যক্তিয়ে বিচাৰিলে নিচাজাতীয় সামগ্ৰী লাভ নকৰে, তেন্তে ই তেওঁৰ মনক প্ৰভাৱিত কৰে আৰু তেওঁ মানসিকভাৱে অসুস্থ হৈ পৰে ৷

হাঁওফাঁওৰ কৰ্কট ৰোগ

ধূমপানৰ প্ৰভাৱ হাঁওফাঁওৰ ওপৰত বেছি ৷ ধূমপানৰ ফলত বহুলোক কৰ্কট ৰোগৰ ভুক্তভোগী হ'ব পাৰে ৷ পৰিসংখ্যা অনুসৰি, ধপাত সেৱন কৰা ৮০ শতাংশ লোকৰ মৃত্যুৰ কাৰণ কিন্তু হাঁওফাঁওৰ কৰ্কট ৰোগ ৷বিশেষকৈ যৌৱন কালত ধূমপান কৰিলেও বহুতো সমস্যা হ'ব পাৰে ৷

লগতে পঢ়ক: Benefits of Raw Onion: কেঁচা পিয়াঁজ খোৱাৰ উপকাৰিতা জানি আপুনিও আচৰিত হ’ব!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.