ETV Bharat / sukhibhava

Infant Protection Day 2023: শিশু সুৰক্ষা দিৱসৰ তাৎপৰ্য সম্পৰ্কে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 6:26 PM IST

বহু কাৰণত প্ৰতিদিনে বৃহৎ সংখ্যক নৱজাত শিশুৰ মৃত্যু হয় । ইয়াৰ কাৰণৰ বিষয়ে মানুহক সজাগ কৰি এই মৃত্যু ৰোধ কৰিব পাৰি । ইয়াৰ বাবে প্ৰতি বছৰে ৭ নৱেম্বৰ দিনটো শিশু সংৰক্ষণ দিৱস বা শিশু সুৰক্ষা দিৱস হিচাপে পালন কৰা হয় । পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

Infant Protection Day 2023 History Significance
শিশু সুৰক্ষা দিৱসৰ তাৎপৰ্য সম্পৰ্কে জানো আহক

ভাৰতত প্ৰতি বছৰে প্ৰায় ২.৫ কোটি শিশুৰ জন্ম হয় আৰু প্ৰতি মিনিটতে এটি শিশুৰ মৃত্যুও হয় ৷ প্ৰসৱৰ সময়ত বা জন্মৰ পিছত প্ৰথম ২৪ ঘণ্টাৰ ভিতৰত প্ৰায় ৪৬ শতাংশ মাতৃৰ মৃত্যু আৰু ৪০ শতাংশ নৱজাতকৰ মৃত্যু হয় ৷ এই মৃত্যুৰ আঁৰত বহু কাৰণ আছে ৷ শিশুৰ মৃত্যুৰ আঁৰৰ মূল কাৰণসমূহ হ’ল ক্ৰমে- অকাল জন্ম, জন্মৰ পিছত সংক্ৰমণ আৰু জন্মগত বিকৃতি আদি ৷ শিশুৰ মৃত্যুৰ বিষয়ে মানুহক সজাগ কৰাৰ লগতে নীতি নিৰ্ধাৰকসকলক ইয়াক প্ৰতিৰোধৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰেৰণা দিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে ৭ নৱেম্বৰৰ দিনা শিশু সুৰক্ষা দিৱস পালন কৰা হয় ৷

Infant Protection Day 2023
শিশু সুৰক্ষা দিৱস

ইতিহাস

তথ্য অনুসৰি, ১৯৯০ চনত বিশ্বজুৰি ৫০ লাখতকৈ অধিক নৱজাতকৰ মৃত্যু হৈছিল ৷ এই মৃত্যুৰ আঁৰত দৰিদ্ৰতা, নিৰক্ষৰতা, সময়ৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা, ১০০ শতাংশ প্ৰতিষ্ঠানিক প্ৰসৱৰ অভাৱ, মাতৃ-শিশুৰ উপযুক্ত পুষ্টিৰ অভাৱ, নিয়মীয়াকৈ টিকাকৰণ নকৰা আদি বহু কাৰণ পোৱা গৈছিল ৷ ভাৰতত শিশুৰ মৃত্যুৰ হাৰ অন্য দেশতকৈ বহু বেছি ৷ ইয়াৰ পিছত নব্বৈৰ দশকত বিশ্বৰ বহু দেশে সামূহিকভাৱে শিশুৰ স্বাস্থ্যৰ যত্ন উন্নত কৰাৰ লগতে শিশুৰ মৃত্যুৰ হাৰ (IMR) হ্ৰাস কৰাৰ সংকল্প লয় ৷ এই উদ্দেশ্য পূৰণৰ বাবে ইউৰোপীয় দেশসমূহে প্ৰথমে শিশু সুৰক্ষা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পিছতে আমেৰিকাকে ধৰি অন্যান্য দেশতো ৭ নৱেম্বৰত শিশু সুৰক্ষা দিৱস পালন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰ লক্ষ্য হৈছে নৱজাত শিশু আৰু তেওঁলোকৰ মাতৃক ৰোগমুক্ত কৰি ৰাখিবলৈ সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাকে ধৰি অন্যান্য পদক্ষেপ গ্ৰহণ কৰা ৷

আই এম আৰ কি ?

ইয়াক শিশুৰ মৃত্যুৰ হাৰ-আই এম আৰ বোলা হয় ৷ জন্মৰ এবছৰৰ ভিতৰত প্ৰতি ১০০০ শিশুৰ মৃত্যুৰ সংখ্যাক শিশুৰ মৃত্যুৰ হাৰ বোলে ৷

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ২০১৯-২১ (এন এফ এইচ এছ-৫)

  1. ১৮ বছৰৰ তলৰ বিবাহিত মহিলাৰ শতকৰা হাৰ ২৩.৩ শতাংশ ৷
  2. ১৫-৪৯ বছৰ বয়সৰ মহিলাৰ সাক্ষৰতাৰ শতকৰা হাৰ ৭১.৫ ৷
  3. মহিলাৰ মাজত প্ৰতিটো সন্তানৰ প্ৰজননৰ হাৰ ২.০ শতাংশ ৷
  4. প্ৰতি ১০০০ শিশুৰ ভিতৰত নৱজাতকৰ মৃত্যুৰ হাৰ ২৪.৯ শতাংশ ৷
  5. প্ৰতি ১০০০ শিশুৰ বিপৰীতে শিশুৰ মৃত্যুৰ হাৰ ৩৫.২ শতাংশ ৷
  6. ৫ বছৰৰ তলৰ প্ৰতি ১০০০ শিশুৰ বিপৰীতে পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ ৪১.৯ শতাংশ ৷
  7. সমীক্ষাৰ ৫ বছৰ আগতে শিশুৰ প্ৰতিষ্ঠানিক জন্মৰ শতকৰা হাৰ ৮৮.৬ ৷
  8. অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম হোৱা শিশুৰ শতকৰা হাৰ ২১.৫ শতাংশ ৷

ইউনিচেফ ইণ্ডিয়াৰ তথ্য অনুসৰি

  1. ভাৰতত প্ৰতিদিনে জন্ম হয় ৬৭৩৮৫ টা সন্তান ৷
  2. এই সংখ্যা সমগ্ৰ বিশ্বতে জন্ম হোৱা সন্তানৰ এক ষষ্ঠাংশ ৷
  3. ভাৰতত প্ৰতি মিনিটত এটি শিশুৰ মৃত্যু হয় ৷
  4. ল’ৰাতকৈ ছোৱালীৰ মৃত্যুৰ হাৰ বিশ্বৰ একমাত্ৰ দেশ ভাৰত ৷
  5. ভাৰতত শিশুৰ মৃত্যুৰ হাৰত লিংগ বৈষম্য ১১ শতাংশৰ ওচৰ চাপিছে ৷
  6. ল’ৰাৰ তুলনাত উন্নত চিকিৎসা সুবিধাৰ বাবে ছোৱালীক কম চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷
  7. ২০১৭ চনৰ তথ্য অনুসৰি ল’ৰাৰ অনুপাত হিচাপে ১ লাখ ৫০ হাজাৰ ছোৱালীক এছ এন চি ইউত ভৰ্তি কৰা হৈছিল ৷
  8. ভাৰতত মাতৃৰ মৃত্যুৰ হাৰ ৬ শতাংশ হ্ৰাস পাইছে ৷
  9. ২০১৪-১৬ চনত এক লাখ মহিলাৰ ভিতৰত ১৩০ গৰাকীৰ প্ৰসৱৰ সময়ত মৃত্যু হৈছিল, এই সংখ্যা ২০১৫-১৭ চনত ১২২ গৰাকী হৈছেগৈ ৷
  10. গৰ্ভাৱস্থাত মহিলাৰ মৃত্যুৰ পৰিসংখ্যা হ্ৰাস পোৱা গৈছে ৷ ২০১৭ চনৰ তুলনাত ২০০০ চনত ৫৫ শতাংশ হ্ৰাস পাইছে ৷

শিশুক কেনেকৈ সুৰক্ষা আৰু যত্ন ল’ব লাগে:

  1. নিৰাপদে জীয়াই থকাৰ পৰিৱেশ
  2. উন্নত খাদ্যৰ ব্যৱস্থা
  3. পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱা
  4. নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক
  5. শিশুৰ শৰীৰৰ উষ্ণতাৰ প্ৰতি গুৰুত্ব দিব
  6. শিশুটিৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক
  7. শিশুটিৰ প্ৰতিক্ৰিয়াৰ প্ৰতি মনোযোগ দিয়ক
  8. শিশুৰ ওচৰত কেতিয়াও ধূমপান নকৰিব

লগতে পঢ়ক: Stomach Cancer Awareness Month: কিয় প্ৰতি বছৰে পালন কৰা হয় পেটৰ কৰ্কট ৰোগৰ সজাগতা মাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.